য়ুমলেম্বম গম্ভিনী দেৱী
য়ুমলেম্বম গম্ভিনী দেৱী (ইংৰাজী: Yumlembam Gambhini Devi, জন্ম: ১ জানুৱাৰী ১৯৪৫) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা নৃত্য শিল্পী। তেওঁ মূলতঃ মণিপুৰৰ নাট সংকীৰ্তন আৰু মণিপুৰী ৰাসৰ লগত জড়িত।[1] তেওঁ জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীৰ অনুষদৰ সদস্য।[2] তেওঁ ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটাৰ লাভ কৰিছিল।[3] মণিপুৰী নৃত্য আৰু সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০০৫ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4] প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯৪৫ চনৰ নৱবৰ্ষৰ দিনা উত্তৰ পূৰ্বাঞ্চল মণিপুৰ ৰাজ্যৰ ৱাইস্কুল হিৰুহানবা লেইকাইত য়ুমলেম্বম গম্ভিনী দেৱীৰ জন্ম হৈছিল। আঠটা সন্তানৰ ভিতৰত চতুৰ্থ সন্তান হিচাপে নাট সংকীৰ্তন প্ৰদৰ্শক ৱাই গোলাপ সিংহ ঘৰত তেওঁ জন্ম গ্ৰহণ কৰিছিল।[5] তেওঁ মাত্ৰ ৫ বছৰ বয়সতে সংগীত আৰু নৃত্য শিকিবলৈ আৰম্ভ কৰিছিল আৰু পিছত জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীত যোগদান কৰিছিল। ইয়াৰ পৰা তেওঁ মণিপুৰী ৰাসত স্নাতকোত্তৰ ডিপ্লোমা লাভ কৰে। একাডেমীত তেওঁ অমুদন শৰ্মা, মাইচনাম আমুবি সিংহ, খাইডেম লোকেশ্বৰ সিংহ, ক্ষেত্ৰীটম্বি দেৱী, ঙাংগম যোগেন্দ্ৰ সিং আৰু ইবোপিশাক শৰ্মা, মণিপুৰী নৃত্যত আৰু নংমাইথম টম্বা সিংহ, খাণ্ডা মইনা দান, ঙাংগম যোগেন্দ্ৰ সিংহ আৰু থকচোম গোপাল সিংহৰ পৰা সংগীতত প্ৰশিক্ষণ লাভ কৰে। তেওঁ বিশেষকৈ মনোহাৰছাই কীৰ্তনৰ শিক্ষা লাভ কৰিছিল।[1] কৰ্মজীৱনতেওঁৰ প্ৰথম প্ৰদৰ্শন মাত্ৰ ৭ বছৰ বয়সত আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা ভাৰত আৰু বিদেশৰ বিভিন্ন ঠাইত তেওঁ মণিপুৰী সংস্কৃতি প্ৰদৰ্শন কৰিছে।[5] তেওঁৰ শিক্ষকতা জীৱন তেওঁৰ মাতৃশিক্ষানুষ্ঠানতে আৰম্ভ হৈছিল য'ত তেওঁ ২০০৫ চনত তেওঁৰ অৱসৰৰ লৈকে অনুষদৰ সদস্য হিচাপে কাম কৰিছিল। একাডেমীত ভ্ৰমণকাৰী জ্যেষ্ঠ গুৰু (গুৰুহান) হিচাপে অব্যাহত থাকোঁতে তেওঁ শীৰ্ষ শ্ৰেণীৰ শিল্পী হিচাপে অ'ল ইণ্ডিয়া ৰেডিঅ'ৰ ইম্ফল ষ্টেচনৰ বাবে কাম কৰিছিল। তেওঁ আকাশবাণীৰ শীৰ্ষ শ্ৰেণী লাভ কৰা ৰাজ্যৰ প্ৰথম মহিলা শিল্পী।[1] তেওঁ 'ৱাইজিআৰ, নাট সংকীৰ্তন শ্বেডাম শ্বাং' নামৰ এখন সংগীত প্ৰশিক্ষণ প্ৰতিষ্ঠানো প্ৰতিষ্ঠা কৰিছিল।[5] তেওঁ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ বাছনি সমিতি আৰু ভাৰতীয় ৰাষ্ট্ৰীয় টেলিভিছন নেটৱৰ্ক দূৰদৰ্শনৰ কেন্দ্ৰীয় নৃত্য অডিচন বোৰ্ডৰ প্ৰাক্তন সদস্য আছিল। তেওঁৰ গীতসমূহ দুটা এলবামত সংকলিত কৰা হৈছে আৰু তেওঁ বাসক গানৰ 'বাসক' নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছে।[6] বঁটা আৰু সন্মানমণিপুৰী সংগীত পৰিষদে দেৱীক ১৯৭৯ চনত নৃত্য ৰত্ন বঁটা প্ৰদান কৰে আৰু তেওঁ ১৯৮০ চনত মণিপুৰ ৰাজ্যিক কলা একাডেমীৰ পৰা নাট সংগীত বঁটা লাভ কৰে।[5] নাট সংকীৰ্তনৰ বাবে ১৯৮৮ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে।[3] একে বছৰতে তেওঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত সংস্কৃতি বিভাগৰ দ্বাৰা জ্যেষ্ঠ ফেল'শ্বিপৰ বাবে নিৰ্বাচিত হৈছিল।[1] ভাৰত চৰকাৰে তেওঁক ২০০৫ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[4] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia