মিলখা সিং
মিলখা সিং (ইংৰাজী: Milkha Singh; ২০ নম্বেৱৰ,১৯২৯ – ১৮ জুন, ২০২১)[1] এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ (The Flying Sikh) নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে। ২০১৩ চনলৈকে কমন্ৱেল্থ গে'ম্ছত ব্যক্তিগত শাখাত এথ্লেটিক্ছৰ স্বৰ্ণ পদক দখল কৰা তেখেত একমাত্ৰ ভাৰতীয় পুৰুষ। তেখেতে মেলবৰ্ণৰ ১৯৫৬ গ্ৰীষ্মকালীন অলিম্পিক, ৰোমৰ ১৯৬০ গ্ৰীষ্মকালীন অলিম্পিক আৰু টকিঅ'ৰ ১৯৬৪ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ক্ৰীড়াজগতলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী উপাধি প্ৰদান কৰা হয়। সিঙে ভাগ লোৱা সবাতোকৈ বিখ্যাত প্ৰতিযোগিতাখন আছিল ১৯৬০ চনৰ অলিম্পিকৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেল য'ত তেওঁ চতুৰ্থ স্থান দখল কৰিছিল। প্ৰতিযোগিতাৰ অন্যতম 'ফেভৰিট' হিচাপে অংশগ্ৰহণ কৰা মিলখা সিং প্ৰথম ২৫০ মিটাৰলৈকে আগবাঢ়ি আছিল যদিও তাৰপিছত বাকী প্ৰতিযোগীয়ে তেওঁক চেৰ পেলাই যায়। এই দৌৰত কেইবাটাও অভিলেখ স্থাপন হৈছিল আৰু ফটো ফিনিছৰ যোগেদি আমেৰিকাৰ অ'টিছ ডেভিছক দ্বিতীয় স্থানত থকা কাৰ্ল কৌফ্মেনতকৈ ১/১০০ ছেকেণ্ডৰ ব্যৱধানত বিজয়ী ঘোষণা কৰা হৈছিল। মিলখা সিঙে ইয়াত ৪৫.৭৩ ছেকেণ্ড সময়েৰে ভাৰতীয় অভিলেখ স্থাপন কৰিছিল যিটো প্ৰায় ৪০ বছৰ অক্ষত হৈ থাকে। ভাৰতৰ বিভাজনৰ সময়ত মাউৰা হৈ পৰা মিলখা সিং নিজৰ কষ্টৰ বলেৰে পিছলৈ ভাৰতৰ ক্ৰীড়া জগতৰ তাৰকা হৈ পৰিছিল। ২০০৮ চনত সাংবাদিক ৰোহিত ব্ৰিজনাথে তেওঁক "ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথ্লিট" আখ্যা দিয়ে।[2] ২০১২ চনত দ্য ইণ্ডিপেণ্ডেণ্ট কাকতে কয় যে “ভাৰতৰ সকলোতকৈ সন্মানীয় অলিম্পিয়ানজন এজন সাহসী পৰাজয়ী।”[3] মিলখা সিং আৰু জীয়েক চ'নিয়া চানৱাল্কাই মিলি তেওঁৰ আত্মজীৱনী "The Race of My Life" লিখি উলিয়ায়।[4] এই গ্ৰন্থখনৰ ভিত্তিতে নিৰ্মাণ কৰা চলচ্চিত্ৰ "ভাগ্ মিলখা ভাগ্"-এ ২০১৩ চনত মুক্তি লাভ কৰে।[5][6][7] মিলখা সিঙক ২৪ মে' ২০২১ তাৰিখে মোহালিৰ ফৰ্টিছ চিকিৎসালয়ৰ ক'ভিড-১৯ৰ ফলত হোৱা নিউম'নিয়া বাবে ভৰ্তি কৰোৱা হয়। তেওঁৰ অৱস্থা কিছু সময়ৰ বাবে স্থিৰ হৈছিল, কিন্তু ১৮ জুন ২০২১-ত ভাৰতীয় সময় অনুসৰি নিশা ১১:৩০ বজাত তেওঁৰ মৃত্যু হয়।[8] উল্লেখযোগ্য যে তেওঁৰ পত্নী নিৰ্মল চাইনীৰ কেইদিনমান আগতে ২০২১ চনৰ ১৩ জুনত ক'ভিড-১৯ৰ বাবে মৃত্যু হৈছিল। [9]নিৰ্মল চাইনী ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ভলীবল দলৰ অধিনায়ক আছিল। তথ্য সংগ্ৰহ
বহিঃ সংযোগ
|
Portal di Ensiklopedia Dunia