মাৰাঠী থিয়েটাৰমাৰাঠী থিয়েটাৰ (ইংৰাজী: Marathi Theatre) মানে হ’ল মূলতঃ মহাৰাষ্ট্ৰত উদ্ভৱ আৰু বিকাশ হোৱা মাৰাঠী ভাষাৰ থিয়েটাৰ। সংগীত নাটক আৰু তামাচাৰ পৰা উপাদান গ্ৰহণ কৰি, ঊনৈশ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হৈ ১৯৫০ আৰু ১৯৬০ৰ দশকত ই পূৰ্ণবিকশিত ৰূপ পৰিগ্ৰহ কৰিছিল। ভাৰতৰ অন্যান্য অঞ্চলত যেতিয়া দূৰদৰ্শন আৰু চলচ্চিত্ৰৰ আগ্ৰাসনত বেছিভাগ থিয়েটাৰে কঠিন সময় পাৰ কৰিছে, তাৰ বিপৰীতে মহাৰাষ্ট্ৰত এচাম অনুগত দৰ্শকৰ পৃষ্ঠপোষকতাত মাৰাঠী থিয়েটাৰে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে। হাস্যৰসাত্মক, সামাজিক, প্ৰহসন, বুৰঞ্জীমূলক, সংগীতধৰ্মী নাটকৰ পৰা পৰীক্ষামূলক গহীন-গম্ভীৰ নাটকলৈ, বিভিন্ন শৈলীৰ নাটক পৰিবেশিত হৈ আহিছে। মাৰাঠী থিয়েটাৰৰ সৈতে জড়িত বিজয় টেণ্ডুলকাৰ, পি.এল. দেশপাণ্ডে, মহেশ এলকুঁশ্বৰ, সতীশ আলেকাৰ আদি নাট্যকৰ্মীয়ে সমগ্ৰ ভাৰতকে প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে।[1][2][3] ইতিহাস![]() প্ৰাচীন আৰু মধ্যযুগমহাৰাষ্ট্ৰৰ এক দীঘলীয়া নাট্যকলাৰ পৰম্পৰা আছে। প্ৰথম শতিকাৰ সতবাহন বংশৰ শাসক গৌতমীপুত্ৰ শতকৰ্ণীৰ মাক গৌতমী বালাশ্ৰীৰ নাচিকৰ এটা গুহালিপিত নাট্যকলা সম্পৰ্কীয় উল্লেখ পোৱা যায়। এই লিপিত গৌতমীপুত্ৰই প্ৰজাসকলৰ বাবে 'উৎসৱ' আৰু নাটকীয় মনোৰঞ্জনৰ এটা ৰুপ- 'সমাজ'ৰ আয়োজন কৰাৰ উল্লেখ আছে।[4] সোতৰ শতিকাতে তাঞ্জোৰৰ (বৰ্তমান তামিলনাডুত) ভোসলে শাসকে 'লক্ষ্মীনাৰায়ণ' আৰু 'গঙ্গা কাবেৰী' সংবাদৰ দৰে নাটক মঞ্চস্থ কৰাৰ তথ্য আছে। অৱশ্যেই এইবোৰ নাটক ৰাজসভাত অনুষ্ঠিত হৈছিল।[5][6] ব্ৰিটিছ উপনিবেশ যুগৰাজহুৱাকৈ প্ৰদৰ্শিত প্ৰথম মাৰাঠী নাটক ৰামায়ণৰ এটা জনপ্ৰিয় খণ্ডৰ আধাৰত বিষ্ণুদাস ভাৱেই ৰচিত 'সীতা সয়ম্বৰ'। 'সীতা সয়ম্বৰ' দেশীয় ৰাজ্য চাংলিৰ শাসকে ১৮৪৩ চনত তাৰ প্ৰজাৰ বাবে মঞ্চস্থ কৰাইছিল। এইখন ওচৰ চুবুৰীয়া কৰ্ণাটক অঞ্চলৰ লোকনাট্য যক্ষগানৰ অনুকৰণত ৰচিত পৰীক্ষামূলক নাট আছিল। এই নাটৰ সফলতাৰ পিছত ভাবেই ৰামায়ণৰ আধাৰত আৰু কেইখনমান নাটক লিখি মঞ্চস্থ কৰাইছিল। তেওঁৰ নাটকবোৰ বহুলভাবে শ্বেইকছপীয়েৰ আৰু পাৰ্চী থিয়েটাৰৰ দ্বাৰা প্ৰভাৱিত আছিল। ভাবেই এটা ভ্ৰাম্যমাণ থিয়েটাৰ দল গঠন কৰিছিল।[7][8] পৰৱৰ্তী দশকবোৰত 'ঝাঞ্চিচ্য ৰাণীচে নাটক' (১৮৭০),'সাৱাই মাধৱৰাৱঞ্চা ম্ৰুত্যু' (১৮৭১),'আফজল খানচ্য ম্ৰুত্যুচে নাটক' (১৮৭১),'মালহাৰৱ মহাৰাজ' (১৮৭৫) আদি বহুকেইখন উল্লেখযোগ্য নাটক ৰচিত হোৱা দেখা গৈছিল। দৰাচলতে ১৮৮০ চনত ধ্ৰুপদী সাহিত্য কালিদাসৰ অভিজ্ঞানম শকুন্তলমৰ আধাৰত আন্নাচাহেব কিৰ্লোস্কাৰ ৰচিত সংগীতপ্ৰধান 'শকুন্তল'ৰ পৰাহে মাৰাঠী নাটমঞ্চই এটা সুকীয়া থিয়েটেৰীয় শৈলী পৰিগ্ৰহ কৰিছিল। তেওঁৰ থিয়েটাৰ কোম্পানী কিৰ্লোস্কাৰ নাট্য মণ্ডলীৰ সফলতাৰ পিছত মাৰাঠী থিয়েটাৰৰ বাণিজ্যিকৰণৰ বাট মুকলি হৈছিল আৰু বহু কেইটা নাটক কোম্পানীৰ গঠন হৈছিল।[9] মাৰাঠী থিয়েটাৰৰ প্ৰাৰম্ভিক সময়চোৱাত কোলহাতকৰ, ক্ৰুষণজী প্ৰভাকৰ খাণ্ডিলকৰ, গোবিন্দ বল্লল দেৱল, ৰাম গণেশ গাডকাৰী, আন্নাচাহেব কিৰ্লোস্কাৰ আদি প্ৰভাৱশালী নাট্যকাৰে অৰ্দ্ধ শতিকা জুৰি গীতিধৰ্মী নাটকৰে (সংগীত-নাটক বুলি জনাজাত) মাৰাঠী থিয়েটাৰক চহকী কৰিছিল। এনে ধৰণৰ নাটকত ব্যৱহৃত সংগীতৰ শৈলীটোক 'নাট্য সংগীত' বোলা হৈছিল। এই যুগটোতে মাৰাঠী থিয়েটাৰৰ মহান কণ্ঠশিল্পী –অভিনেতা বাল গন্ধৰ্ব, কেশৱ বমন ভোলে, ভাউৰাও কোলহতকৰ, দীননাথ মঙ্গেশকাৰ আদি নিজ প্ৰতিভাৰে উজলি উঠিছিল।[7] স্বাধীনতা-উত্তৰ যুগকুৰি শতিকাৰ দ্বিতীয়াৰ্দ্ধত বহুকেইজন নাট্যকৰ্মীয়ে পৰম্পৰাগত নাট্যশৈলী 'তামাচা', 'দশাৱতাৰ' আদিৰ পৰা উপাদান সংগ্ৰহ কৰিছে। ১৯৭০ৰ দশকত ৰচিত বিজয় টেণ্ডুলকাৰৰ 'ঘাঁচিৰাম কটোৱাল', বাৰটোল্ড ব্ৰেখ্টৰ 'দ্য গুড ৱ’মেন অফ ছেৎজুৱান'ৰ বিজয় মেহতাই কৰা মাৰাঠী অভিযোজনা 'দেৱজী নে কৰুণা কেলি' আৰু 'ককেচিয়ান চক চাৰ্কল'ৰ অভিযোজনা 'আজৱ ন্যায় ৱাৰ্টুলাচা (১৯৭৪), ব্ৰেখ্টৰ 'দ্য থ্ৰিপেনী অপেৰা'ৰ পি.এল. দেশপাণ্ডেই কৰা অভিযোজনা 'তিন পেইচাচা তামাচা' আদি বহু কেইখন উল্লেখনীয় নাটকত পৰম্পৰাগত 'তামাচা'ৰ বৰ্ণনামূলক সঁজুলি আৰু শৈলীৰ ব্যৱহাৰ কৰিছে।[3][10][11] তথ্য উৎস
গ্ৰন্থপঞ্জী
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia