ৱিলিয়াম শ্বেক্সপীয়াৰ (ইংৰাজী: William Shakespeare; (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬)[nb 1] আছিল এজন ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়।[1] তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়।[2][nb 2] তেওঁৰ সাহিত্য সম্ভাৰে ৩৮খন নাটক,[nb 3] ১৫৪টা চনেট, দুটা আখ্যানমূলক কবিতা, জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী (এপিটাফ) আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনূদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে।[3]
ষ্ট্ৰেটফ’ৰ্ড-আপন-এভনত জন্ম লাভ কৰা শ্বেক্সপিয়াৰে ওঠৰ বছৰ বয়সত এন হাথাৱেক বিয়া কৰায় আৰু ছুজানা, হেমনেট আৰু জুদিথ নামৰ তিনিটি সন্তানৰ পিতৃ হয়। ১৫৮৫ৰ পৰা ১৫৯২ লৈ তেওঁ লণ্ডনত এগৰাকী অভিনেতা, লেখক হিচাপে বিখ্যাত হৈ পৰে আৰু পিচলৈ কিংছ মেন হিচাপে জনাজাত হোৱা লৰ্ড চেম্বাৰ্লেইনছ মেন নামৰ নাট্য প্ৰতিষ্ঠানটিৰ অংশীদাৰ হয়। খুব সম্ভৱ ৪৯ বছৰ বয়সত ১৬১৩ চনত তেওঁ অৱসৰ লৈ ষ্ট্ৰেটফ’ৰ্ডত থাকিবলৈ লয় আৰু তাতেই কিছু বছৰ পিছত মৃত্যুবৰণ কৰে। শ্বেক্সপীয়াৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি সীমিত তথ্য উপলব্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ শাৰীৰিক অবয়ৱ, যৌনত্ত্ব, ধৰ্মীয় বিশ্বাস আৰু তেওঁৰ নাম থকা ৰচনাসমূহ সঁচাকৈয়ে তেওঁ লিখা হয় নে নহয় তাক লৈ বিতৰ্কৰ অন্ত নাই।[4]
শ্বেক্সপীয়াৰে তেওঁৰ বেছিভাগ লিখনি ১৫৮৯ আৰু ১৬১৩ৰ মাজত ৰচনা কৰে।[5][nb 4] প্ৰথমাৱস্থাত তেওঁ মূলতঃ মিলনান্তক আৰু ইতিহাসমূলক নাট লিখি ষোল্ল শতিকাৰ শেষলৈ সেই ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰে। তাৰ পিছত তেওঁ হেমলেট, কিং লীয়াৰ, অ’থেলো, মেকবেথ আদি বিয়োগান্তক নাট লিখে যাক ইংৰাজী ভাষাৰ উত্কৃষ্ট সাহিত্য কৰ্মৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়। শেষৰ ফালে তেওঁ নিজাকৈ ৰোমাঞ্চ বা ট্ৰেজিকমেডী শ্ৰেণীৰ নাট লিখাৰ উপৰিও আন আন লিখকৰ লগত যুক্ত হৈয়ো বহুতো নাটক ৰচনা কৰে।
তেওঁৰ জীৱনকালতে শ্বেক্সপীয়াৰৰ ভালেকেইখন নাটক গুন তথা শুদ্ধতাৰ কোনো মানদণ্ড নোহোৱাকৈ প্ৰকাশ পায়। ১৬২৩ চনত “ফাৰ্ষ্ট ফলিঅ’” নামৰ এক সংস্কৰণত দুখনত বাদে তেওঁৰ প্ৰায় আটাইকেইখন নাট প্ৰকাশ পায়। বেন জনছনে ইয়াৰ পাতনিত এটা কবিতা লিখে আৰু শ্বেক্সপীয়াৰক “কোনো এটা যুগৰ নহয়, বৰং সৰ্বকালৰ” বুলি অভিহিত কৰে।[6]
নিজৰ দিনতো শ্বেক্সপীয়াৰ এজন নামজ্বলা কবি আৰু নাট্যকাৰ আছিল যদিও ১৯ শতিকালৈ তেওঁৰ নামে বৰ্তমানৰ খ্যাতি পোৱা[7] ২০ শতাব্দীত শিক্ষা আৰু অভিনয়ৰ ক্ষেত্ৰত হোৱা বিপ্লৱে শ্বেক্সপীয়াৰৰ কৰ্মৰাজিৰ পুনৰাৱিস্কাৰ আৰু নৱ অভিযোজনৰ বাট মুকলি কৰে। আজি বিশ্বৰ চাৰিওদিশে তেওঁৰ নাট সমূহৰ জনপ্ৰিয়তা আকাশলঙ্ঘী আৰু সাংস্কৃতিক বা ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ পৌনঃপৌনিক অধ্যয়ন, ৰূপায়ণ আৰু পুনৰনুবাদ হৈয়েই আছে।
জীৱন
প্ৰাৰম্ভিক জীৱন
উইলিয়াম শ্বেইকছপীয়েৰ আছিল নগৰ সমিতিৰ সদস্য তথা এজন গ্লোভাৰ জন শ্বেইকছপীয়েৰ আৰু এক ধনী খেতিয়কৰ জীয়াৰি মেৰী শ্বেইকছপীয়েৰৰ সন্তান। .[8] ষ্ট্ৰেটফ’ৰ্ড-আপন-এভনত তেওঁৰ জন্ম হয় আৰু তাত ২৬ এপ্ৰিল ১৫৬৪ তাৰিখে তেওঁক খ্ৰীষ্টধৰ্মত দীক্ষিত কৰা হয়। তেওঁৰ জন্মৰ প্ৰকৃত তাৰিখ অজ্ঞাত যদিও ইয়াক ২৩ এপ্ৰিল তাৰিখে ছেইণ্ট জৰ্জ ডে হিচাপে পালন কৰা হয়।[9] ঘৰৰ আঠজন সন্তানৰ ভিতৰত উইলিয়াম আছিল তৃতীয় কিন্তু জ্যেষ্ঠ জীৱিত সন্তান।[10]
কোনো নথিগত তথ্য নাথাকিলেও বেছিভাগ জীৱনীকাৰে বিশ্বাস কৰে যে তেওঁ ষ্ট্ৰেটফ’ৰ্ডৰ ঘৰৰ পৰা এমাইল দূৰত থকা কিংছ নিউ স্কুল নামৰ এখন বিনামূলীয়া শিক্ষানুষ্ঠানত শিক্ষালাভ কৰিছিল।[11][12]
ওঠৰ বছৰ বয়সত শ্বেইকছপীয়েৰে ছাব্বিশ বছৰীয়া এন হাথাৱেক বিয়া কৰায়। ইয়াৰে ছমাহ পিছত হাথাৱেই কন্যা সন্তান ছুজানাক জন্ম দিয়ে।[13] ইয়াৰ দুবছৰ পিছত তেওঁ হেমনেট আৰু জুদিথ নামৰ এহাল যঁমজ ভাই-ভনীৰ মাতৃ হয়।[14] কোনো অজ্ঞাত কাৰণত হেমনেটৰ এঘাৰ বছৰত মৃত্যু হয় আৰু ১১আগষ্ট, ১৫৯৬ তাৰিখে সমাধিস্থ কৰা হয়।[15]
লণ্ডন আৰু মঞ্চ জীৱন
"All the world's a stage,
and all the men and women merely players:
they have their exits and their entrances;
and one man in his time plays many parts..."
“এই ধৰাখন এক মঞ্চ,
নৰ-নাৰী তাৰেই কলাকাৰ:
কোনোৱে কৰে প্ৰৱেশ কোনোৱে প্ৰস্থান;
আকৌ কোনোৱে অংশীদাৰ হয় একাধিক ভূমিকাৰ...”
— এজ য়ু লাইক ইট, দ্বিতীয় খণ্ড, দৃশ্য ৭, ১৩৯–৪২[16]
ঠিক কেতিয়াৰ পৰা শ্বেইকছপীয়েৰে লিখিবলৈ আৰম্ভ কৰিছিল সেয়া স্পষ্ট নহয় যদিও কিছুমান তথ্যই কয় যে তেওঁৰ অধিকাংশ নাটকে ১৫৯২ চনত লণ্ডণৰ মঞ্চত স্থান পাইছিল।[17]
১৫৯৪ চনৰ পৰা শ্বেইকছপীয়েৰৰ নাটক সমূহ কেৱল শ্বেইকছপীয়েৰকে ধৰি কেইজনমান শিল্পীৰ মালিকানাধীন “লৰ্ড চেম্বাৰলেইনছ মেন” নামৰ দলটিয়ে মঞ্চস্থ কৰিবলৈ লয় আৰু শীঘ্ৰেই ই লণ্ডনৰ শীৰ্ষ নাট্যদল হৈ পৰে।[18] ১৬০৩ চনত ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত নতুন ৰজা জেমচ১ম এ ইয়াক ৰাজকীয় মৰ্যাদা দি দলটিৰ নাম “কিংছ মেন”লৈ সলনি কৰে।[19]
১৫৯৪ৰ কোৱাৰ্টো সংস্কৰণত শ্বেইকছপীয়েৰৰ কিছুমান নাটক প্ৰকাশিত হয়। ১৫৯৮ মানলৈ তেওঁৰ নামটো বিক্ৰীৰ এক আকৰ্ষণ হৈ পৰে আৰু তেওঁৰ নাম প্ৰথম পৃষ্ঠাত প্ৰকাশিত হ’বলৈ ধৰে।[20] এজন নাট্যকাৰ হিচাপে খ্যাতি লাভ কৰাৰ পিছত শ্বেইকছপীয়েৰে নিজৰ তথা আনৰ নাটকত অভিনয় কৰিবলৈ লয়।
জীৱনৰ পাছচোৱা আৰু মৃত্যু
১৬০৬–১৬০৭ৰ পিছত শ্বেইকছপীয়েৰে অতি কম নাটক লিখিবলৈ লয় আৰু ১৬১৩ৰ পিছত এখনো নিলিখে।[21] তেওঁৰ শেষৰ নাট তিনিখন হয়তো জন ফ্লেট্চাৰৰ লগত লগ হৈ লিখা আছিল[22] যিয়ে শ্বেইকছপীয়েৰৰ পিছত কিংছ মেন দলৰ নাট্যকাৰৰ বাব লাভ কৰিছিল।[23]
নিজ পত্নী আৰু দুই জীয়ৰীক এৰি শ্বেইকছপীয়েৰে ২৩ এপ্ৰিল, ১৬১৬ত মৃত্যুবৰণ কৰে।[24] ১৬০৭ চনত চুজানাই জন হল নামৰ এক চিকিত্সকক বিয়া কৰায়[25] আৰু শ্বেইকছপীয়েৰৰ মৃত্যুৰ দুমাহ পূৰ্ব্বে যুদিথে থমাছ কুইনীক বিয়া কৰায়।[26]
মৃত্যুৰ দুদিন পিছত শ্বেইকছপীয়েৰক হ’লী ট্ৰিনিটি চাৰ্চৰ চেনচেলত সমাধিস্থ কৰা হয়।[27] তেওঁৰ সমাধিত থকা শিলালিপিখনত এটা শাপ খোদিত কৰা আছে যাক সেই গীৰ্জাঘৰৰ ২০০৮ চনৰ স্থানান্তৰণৰ সময়ত সাৱধানে এৰাই চলা হয়:[28]
Good frend for Iesvs sake forbeare, To digg the dvst encloased heare. Bleste be ye man yt spares thes stones, And cvrst be he yt moves my bones.[29]
জীৱিতকালক শ্বেইকছপীয়েৰে পূজ্য কবিৰ সন্মান লাভ নকৰিলেও যথেষ্ট প্ৰশংসা লাভ কৰে। .[32] ১৫৯৮ চনত সাহিত্যিক ফ্ৰান্সিছ মেৰেছে তেওঁক ইংৰাজ সাহিত্যিকৰ এটা দলৰ ভিতৰত মিলনান্তক আৰু বিয়োগাত্মক উভয় দিশতে "সৰ্বশ্ৰেষ্ঠ" আখ্যা দিয়ে। .[33] আৰু কেমব্ৰিজৰ ছেইণ্ট জৰ্জ কলেজৰ পাৰনাছাছ নাটসমূহৰ লেখকসকলে তেওঁক চ'চাৰ, গ'ৱাৰ, স্পেঞ্চাৰ আদিৰ লগত স্থান দিয়ে।[34] ফাৰ্ষ্ট ফলিঅ'ত বেন জনচনে তেওঁক "যুগপ্ৰাণ, আমাৰ মঞ্চৰ প্ৰশংসা, আনন্দ আশ্চৰ্য্য" বুলি অভিহিত কৰে যদিও আন এক ঠাইত "শ্বেইকছপীয়েৰে কলা বিচাৰে" বুলিও কয়।
১৭ শতিকাৰ শেষৰফালে ধ্ৰুপদী সাহিত্যৰ ধাৰণা অস্পষ্ট হৈ পৰে। ফলত সেই সময়ৰ সমালোচক সকলে শ্বেইকছপীয়েৰক জন ফ্লেট্চাৰ আৰু বেন জনচনতকৈ তলতহে স্থান দিয়ে।[35] উদাহৰণস্বৰূপে থমাছ ৰায়মাৰে কমিক আৰু ট্ৰেজেডী মিহলি কৰি পেলোৱা বাবে শ্বেইকছপীয়েৰক ভৰ্ত্সনা কৰে। সি যি কি নহওক কবি, সমালোচক জন ড্যাইডেনে কয় যে "মই তেওঁক(বেন জনছন) শ্ৰদ্ধা কৰো, কিন্তু শ্বেইকছপীয়েৰক ভাল পাঁও। "[36] ৰাইমাৰৰ মতামত বহুদশকলৈ চলি থাকে কিন্তু ওঠৰ শতিকাত সমালোচকসকলে শ্বেইকছপীয়েৰৰ প্ৰাকৃতিক প্ৰতিভাক স্বীকাৰ কৰে। ১৮০০ চনলৈ তেওঁ ইংলেণ্ডৰ জাতীয় কবি হিচাপে প্ৰতিপত্তি লাভ কৰে।[37] ১৮ আৰু ১৯ শতিকাত গোটেই বিশ্বতেই শ্বেইকছপীয়েৰৰ সাহিত্যকৰ্মই বিশেষ খ্যাতি লাভ কৰে। ৰোমাণ্টিক যুগত কবি তথা সাহাত্যিক দাৰ্শনিক ছেমুৱেল টেইলৰ কলেৰিজে তেওঁক প্ৰশংসা কৰে আৰু আগষ্ট ৱিলহেল্ম শ্বেলগেলে জাৰ্মান ৰমন্যাসবাদৰ ধাৰাত তেওঁৰ নাটকসমূহ অনুবাদ কৰে।[38] ১৯শতিকাত শ্বেইকছপীয়েৰৰ প্ৰতিভাৰ প্ৰশংসাই সীমা চেৰাই যায়। .[39] নাট্যকাৰ, সমালোচক জৰ্জ বাৰ্ণাড শ্ব'ই শ্বেইকছপীয়েৰৰ এই পূজনক "বাৰ্ডোলেট্ৰী" আখ্যা দিয়ে। তেওঁ কয় যে ইবছেনৰ প্ৰকৃতিবাদে শ্বেইকছপীয়েৰৰ ৰচনাক মূল্যহীন কৰি তুলিছে।[40] কিন্তু বিংশ শতাব্দীৰ কলাৰ ক্ষেত্ৰত হোৱা আধুনিক বিপ্লৱে শ্বেইকছপীয়েৰৰ লিখনিক দলিয়াই পেলোৱাৰ সলনি দুয়োহাতে আঁকোৱালি লয়। টি এচ ইলিয়টে বাৰ্ণাড শ্ব'ৰ বিৰূদ্ধে থিয় দি কয় যে শ্বেইকছপীয়েৰৰ "পৌৰাণিকতা"ই তেওঁক আধুনিক হে কৰিহে তুলিছে।[41] ১৯৫০ৰ দশকত সাহিত্য সমালোচনাৰ এক নৱতম ঢৌৱে আধুনিকতাবাদক পিছ পেলাই প্ৰতি-আধুনিকতাবাদৰ আলোকত শ্বেইকছপীয়েৰৰ লিখনি অধ্যয়নৰ নতুন বাট মুকলি কৰি দিয়ে। .[42] ১৯৮০ৰ দশকত শ্বেইকছপীয়েৰৰ লিখনি গঠনবাদ, নাৰীবাদ, নতুন ইতিহাসবাদ, আফ্ৰিকান আমেৰিকান সাহিত্য আদি বিভিন্ন ধাৰাৰ সৈতে সানমিহলি হৈ পৰে।[43][44]
শ্বেইকছপীয়েৰ সম্বন্ধীয় বিতৰ্ক
লিখনি
শ্বেইকছপীয়েৰৰ মৃত্যুৰ প্ৰায় ২৩০ বছৰ পিছত তেওঁৰ নামত থকা লিখনি সমূহ দৰাচলতে তেওঁ লিখিছিল নে নাই তাক লৈ বিতৰ্ক আৰম্ভ হয়।[45] কিছুমানে ইয়াক হয়তো ফ্ৰান্সিছ বেকন বা খ্ৰিষ্টোফাৰ মাৰ্লো অথবা এডৱাৰ্ড দে ভেৰেৰ লিখনি বুলি সন্দেহ কৰে।[46] অৱশ্যে অতি কম সংখ্যক পণ্ডিতে এই বিষয়ত সন্দেহৰ থল থকা বুলি ভাবিলেও[47] এই বিষয়ৰ প্ৰতি একৈশ শতিকাতো আকৰ্ষণৰ অভাৱ নাই।[48]
ধৰ্ম
কিছুমান পণ্ডিতৰ মতে শ্বেইকছপীয়েৰৰ পৰিয়ালৰ সদস্য সকল কেথলিক আছিল, যি সময়ত কেথলিক ধৰ্ম আইনবিৰূদ্ধ আছিল।[49] পণ্ডিতসকলে শ্বেইকছপীয়েৰৰ নাটকত কেথলিকিজমৰসপক্ষ আৰু বিপক্ষ উভয় দিশৰে সাক্ষ্য বিচাৰি পায় কিন্তু সত্য উদ্ধাৰৰ পথ এতিয়াও অসম্ভৱ হৈ আছে।[50]
↑The "national cult" of Shakespeare, and the "bard" identification, dates from September 1769, when the actor David Garrick organised a week-long carnival at Stratford to mark the town council awarding him the freedom of the town. In addition to presenting the town with a statue of Shakespeare, Garrick composed a doggerel verse, lampooned in the London newspapers, naming the banks of the Avon as the birthplace of the "matchless Bard" (McIntyre 1999, 412–432).
Boas, F. S. (1896), Shakspere and His Predecessors, প্ৰকাশক New York: Charles Scribner's Sons.
Bowers, Fredson (1955), On Editing Shakespeare and the Elizabethan Dramatists, প্ৰকাশক Philadelphia: University of Pennsylvania Press, OCLC2993883.
Boyce, Charles (1996), Dictionary of Shakespeare, প্ৰকাশক Ware, Herts, UK: Wordsworth, ISBN1-85326-372-9.
Bradbrook, M. C. (2004), "Shakespeare's Recollection of Marlowe", in Edwards, Philip; Ewbank, Inga-Stina; Hunter, G. K., Shakespeare's Styles: Essays in Honour of Kenneth Muir, Cambridge University Press, pp. 191–204, ISBN0-521-61694-8
Bradford, Gamaliel Jr. (February 1910), "The History of Cardenio by Mr. Fletcher and Shakespeare", Modern Language Notes খণ্ড 25 (2).
Bradley, A. C. (1991), Shakespearean Tragedy: Lectures on Hamlet, Othello, King Lear and Macbeth, প্ৰকাশক London: Penguin, ISBN0-14-053019-3.
Brooke, Nicholas (1998), "Introduction", in Shakespeare, William; Brooke, Nicholas (ed.), The Tragedy of Macbeth, প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-283417-7.
Brooke, Nicholas (2004), "Language and Speaker in Macbeth", in Edwards, Philip; Ewbank, Inga-Stina; Hunter, G. K., Shakespeare's Styles: Essays in Honour of Kenneth Muir, Cambridge University Press, pp. 67–78, ISBN0-521-61694-8
Bryant, John (1998), "Moby Dick as Revolution", in Levine, Robert Steven, The Cambridge Companion to Herman Melville, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-55571-X.
Burns, Edward (2000), "Introduction", in Shakespeare, William; Burns, Edward (ed.), King Henry VI, Part 1, প্ৰকাশক London: Arden Shakespeare, Thomson, ISBN1-903436-43-5.
Carlyle, Thomas (1907), Adams, John Chester, ed., On Heroes, Hero-worship, and the Heroic in History, প্ৰকাশক Boston: Houghton, Mifflin and Company, ISBN1-4069-4419-X, OCLC643782.
Chambers, E. K. (1944), Shakespearean Gleanings, প্ৰকাশক Oxford: Oxford University Press, ISBN0-8492-0506-9, OCLC2364570.
Chambers, E. K. (1930), William Shakespeare: A Study of Facts and Problems, 2 vols., প্ৰকাশক Oxford: Clarendon Press, ISBN0-19-811774-4, OCLC353406.
Cheney, Patrick Gerard (2004), The Cambridge Companion to Christopher Marlowe, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-52734-1.
Clemen, Wolfgang (2005a), Shakespeare's Dramatic Art: Collected Essays, প্ৰকাশক New York: Routledge, ISBN0-415-35278-9.
Clemen, Wolfgang (2005b), Shakespeare's Imagery, প্ৰকাশক London: Routledge, ISBN0-415-35280-0.
Clemen, Wolfgang (1987), Shakespeare's Soliloquies, প্ৰকাশক London: Routledge, ISBN0-415-35277-0.
Cooper, Tarnya (2006), Searching for Shakespeare, প্ৰকাশক National Portrait Gallery and Yale Center for British Art: Yale University Press, ISBN978-0-300-11611-3.
Craig, Leon Harold (2003), Of Philosophers and Kings: Political Philosophy in Shakespeare's "Macbeth" and "King Lear", প্ৰকাশক Toronto: University of Toronto Press, ISBN0-8020-8605-5.
Cressy, David (1975), Education in Tudor and Stuart England, প্ৰকাশক New York: St Martin's Press, ISBN0-7131-5817-4, OCLC2148260.
Crystal, David (2001), The Cambridge Encyclopedia of the English Language, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-40179-8.
Dillon, Janette (2007), The Cambridge Introduction to Shakespeare's Tragedies, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-85817-8.
Dobson, Michael (1992), The making of the national poet, প্ৰকাশক Oxford, England: Oxford University Press, ISBN978-0-19-818323-5.
Dutton, Richard; Howard, Jean (2003), A Companion to Shakespeare's Works: The Histories, প্ৰকাশক Oxford: Blackwell, ISBN0-631-22633-8.
Edwards, Phillip (1958), "Shakespeare's Romances: 1900–1957", in Nicoll, Allardyce, Shakespeare Survey, 11, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-21500-5, OCLC15880120.
Edwards, Philip; Ewbank, Inga-Stina; Hunter, G. K., eds. (2004), Shakespeare's Styles: Essays in Honour of Kenneth Muir, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-61694-8.
Evans, G. Blakemore (1996), "Commentary", in Shakespeare, William; Evans, G. Blakemore (ed.), The Sonnets, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-22225-7.
Farley-Hills, David (1990), Shakespeare and the Rival Playwrights, 1600–06, প্ৰকাশক London: Routledge, ISBN0-415-04050-7.
Foakes, R. A. (1990), "Playhouses and Players", in Braunmuller, A.; Hattaway, Michael, The Cambridge Companion to English Renaissance Drama, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-38662-4.
Fort, J. A. (October 1927), "The Story Contained in the Second Series of Shakespeare's Sonnets", The Review of English Studies খণ্ড 3 (12).
Freehafer, John (May 1969), "'Cardenio', by Shakespeare and Fletcher", PMLA খণ্ড 84 (3).
Friedman, Michael D. (2006), "'I'm not a feminist director but...': Recent Feminist Productions of The Taming of the Shrew", in Nelsen, Paul; Schlueter, June, Acts of Criticism: Performance Matters in Shakespeare and his Contemporaries: Essays in Honor of James P. Lusardi, প্ৰকাশক New Jersey: Fairleigh Dickinson University Press, ISBN0-8386-4059-1.
Gager, Valerie L. (1996), Shakespeare and Dickens: The Dynamics of Influence, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-45526-X.
Gibbons, Brian (1980), Romeo and Juliet. The Arden Shakespeare Second Series, প্ৰকাশক London: Thomson Learning, ISBN978-1-903436-41-7.
Gibbons, Brian (1993), Shakespeare and Multiplicity, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-44406-3.
Gibson, H. N. (2005), The Shakespeare Claimants: A Critical Survey of the Four Principal Theories Concerning the Authorship of the Shakespearean Plays, প্ৰকাশক London: Routledge, ISBN0-415-35290-8.
Grady, Hugh (2001a), "Modernity, Modernism and Postmodernism in the Twentieth Century's Shakespeare", in Bristol, Michael; McLuskie, Kathleen, Shakespeare and Modern Theatre: The Performance of Modernity, প্ৰকাশক New York: Routledge, ISBN0-415-21984-1.
Grady, Hugh (2001b), "Shakespeare Criticism 1600–1900", in deGrazia, Margreta; Wells, Stanley, The Cambridge Companion to Shakespeare, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-65094-1.
Greer, Germaine (1986), William Shakespeare, প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-287538-8.
Halio, Jay (1998), Romeo and Juliet: A Guide to the Play, প্ৰকাশক Westport: Greenwood Press, ISBN0-313-30089-5
Hansen, William (1983), Saxo Grammaticus & the Life of Hamlet, প্ৰকাশক Lincoln: University of Nebraska Press, ISBN0-8032-2318-8.
Hattaway, Michael (1990), "Introduction", in Shakespeare, William; Hattaway, Michael (ed.), The First Part of King Henry VI, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-29634-X.
Hoeniger, F. D. (1963), "Introduction", in Shakespeare, William; Hoeniger, F. D. (ed.), Pericles, প্ৰকাশক London: Arden Shakespeare, ISBN0-17-443588-6l.
Holland, Peter (2000), "Introduction", in Shakespeare, William; Holland, Peter (ed.), Cymbeline, প্ৰকাশক London: Penguin, ISBN0-14-071472-3.
Honan, Park (1998), Shakespeare: A Life, প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-811792-2.
Jackson, MacDonald P. (2004), "A Lover's Complaint Revisited", in Zimmerman, Susan, Shakespeare Studies, প্ৰকাশক Cranbury, NJ: Associated University Press, ISBN0-8386-4120-2.
Jackson, MacDonald P. (2003), Defining Shakespeare: Pericles as Test Case, প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-926050-8.
Johnson, Samuel (2002), Lynch, Jack, ed., Samuel Johnson's Dictionary: Selections from the 1755 Work that Defined the English Language, প্ৰকাশক Delray Beach, FL: Levenger Press, ISBN1-84354-296-X.
Jonson, Ben (1996), "To the memory of my beloued, The AVTHOR MR. WILLIAM SHAKESPEARE: AND what he hath left vs", in Shakespeare, William; Hinman, Charlton (ed.); Blayney, The First Folio of Shakespeare (2nd সম্পাদনা), প্ৰকাশক New York: W. W. Norton & Company, ISBN0-393-03985-4.
Kastan, David Scott (1999), Shakespeare After Theory, প্ৰকাশক London: Routledge, ISBN0-415-90112-X.
Kathman, David (2003), "The Question of Authorship", in Wells, Stanley; Orlin, Lena Cowen, Shakespeare: an Oxford Guide, Oxford Guides, Oxford University Press, pp. 620–32, ISBN978-0-19-924522-2
Keeble, N.H. (1980), Romeo and Juliet: Study Notes, প্ৰকাশক Longman: York Notes, ISBN0-582-78101-9.
Lee, Sidney (1900), Shakespeare's Life and Work, প্ৰকাশক London: Smith Elder & Co..
Levenson, Jill L. (2000), "Introduction", in Shakespeare, William; Levenson, Jill L. (ed.), Romeo and Juliet, প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-281496-6.
Levin, Harry (1986), "Critical Approaches to Shakespeare from 1660 to 1904", in Wells, Stanley, The Cambridge Companion to Shakespeare Studies, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-31841-6.
Love, Harold (2002), Attributing Authorship: An Introduction, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-78948-6.
Maguire, Laurie E. (1996), Shakespearean Suspect Texts: The "Bad" Quartos and Their Contexts, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-47364-0.
McAfee, Cleland Boyd (1912), The Greatest English Classic: A Study of the King James Version of the Bible and Its Influence on Life and Literature, প্ৰকাশক New York.
McDonald, Russ (2006), Shakespeare's Late Style, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-82068-5.
McIntyre, Ian (1999), Garrick, প্ৰকাশক Harmondsworth, England: Allen Lane, ISBN0-7139-9328-6.
McMichael, George; Glenn, Edgar M. (1962), Shakespeare and his Rivals: A Casebook on the Authorship Controversy, প্ৰকাশক New York: Odyssey Press, OCLC2113359.
McMullan, Gordon (2000), "Introduction", in Shakespeare, William; McMullan, Gordon (ed.), King Henry VIII, প্ৰকাশক London: Arden Shakespeare, Thomson, ISBN1-903436-25-7.
Meagher, John C. (2003), Pursuing Shakespeare's Dramaturgy: Some Contexts, Resources, and Strategies in his Playmaking, প্ৰকাশক New Jersey: Fairleigh Dickinson University Press, ISBN0-8386-3993-3.
Milward, Peter (1973), Shakespeare's Religious Background, প্ৰকাশক Chicago: Loyola University Press, ISBN0-8294-0508-9.
Morris, Brian Robert (1968), Christopher Marlowe, প্ৰকাশক New York: Hill and Wang, ISBN0-8090-6780-3.
Paraisz, Júlia (2006), "The Nature of a Romantic Edition", in Holland, Peter, Shakespeare Survey, 59, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-86838-6.
Pequigney, Joseph (1985), Such Is My Love: A Study of Shakespeare's Sonnets, প্ৰকাশক Chicago: University of Chicago Press, ISBN0-226-65563-6.
Pollard, Alfred W. (1909), Shakespeare Quartos and Folios: A Study in the Bibliography of Shakespeare's Plays, 1594–1685, প্ৰকাশক London: Methuen, OCLC46308204.
Porter, Roy; Teich, Mikuláš (1988), Romanticism in National Context, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-33913-8.
Potter, Lois (1997), "Introduction", in Shakespeare, William; Potter, Lois (ed.), The Two Noble Kinsmen, প্ৰকাশক London: Arden Shakespeare, Thomson, ISBN1-904271-18-9.
Pritchard, Arnold (1979), Catholic Loyalism in Elizabethan England, প্ৰকাশক Chapel Hill: University of North Carolina Press, ISBN0-8078-1345-1.
Ramos, Péricles Eugênio da Silva (1976), Hamlet (translate to portuguese), প্ৰকাশক São Paulo: Editora Abril.
Ribner, Irving (2005), The English History Play in the Age of Shakespeare, প্ৰকাশক London: Routledge, ISBN0-415-35314-9.
Ringler, William, Jr. (1997), "Shakespeare and His Actors: Some Remarks on King Lear", in Ogden, James; Scouten, In Lear from Study to Stage: Essays in Criticism, প্ৰকাশক New Jersey: Fairleigh Dickinson University Press, ISBN0-8386-3690-X.
Rowe, John (2006), "Introduction", in Shakespeare, William; Rowe, John (ed.), The Poems: Venus and Adonis, The Rape of Lucrece, The Phoenix and the Turtle, The Passionate Pilgrim, A Lover's Complaint, by William Shakespeare (2nd revised সম্পাদনা), প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-85551-9.
Royle, Nicholas (2000), "To Be Announced", in Morra, Joanne; Robson, Mark; Smith, Marquard, The Limits of Death: Between Philosophy and Psychoanalysis, প্ৰকাশক Manchester: Manchester University Press, ISBN0-7190-5751-5.
Sawyer, Robert (2003), Victorian Appropriations of Shakespeare, প্ৰকাশক New Jersey: Fairleigh Dickinson University Press, ISBN0-8386-3970-4.
Schanzer, Ernest (1963), The Problem Plays of Shakespeare, প্ৰকাশক London: Routledge and Kegan Paul, ISBN0-415-35305-X, OCLC2378165.
Schoch, Richard (2002), "Pictorial Shakespeare", in Wells, Stanley; Stanton, Sarah, The Cambridge Companion to Shakespeare on Stage, প্ৰকাশক Cambridge: Cambridge University Press, ISBN0-521-79711-X.
Schoenbaum, Samuel (1987), William Shakespeare: A Compact Documentary Life (Revised সম্পাদনা), প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-505161-0.
Schopenhauer, Arthur (1958), The World as Will and Representation (Volume I. E.F.J. সম্পাদনা), প্ৰকাশক Payne: Falcon Wing's Press.
Taylor, Dennis (2006), "Hardy and Hamlet", in Wilson, Keith, Thomas Hardy Reappraised: Essays in Honour of Michael Millgate, প্ৰকাশক Toronto: University of Toronto Press, ISBN0-8020-3955-3.
Taylor, Gary (1990), Reinventing Shakespeare: A Cultural History from the Restoration to the Present, প্ৰকাশক London: Hogarth Press, ISBN0-7012-0888-0.
Taylor, Gary (1987), William Shakespeare: A Textual Companion, প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-812914-9.
Vickers, Brian (2002), Shakespeare, Co-Author: A Historical Study of Five Collaborative Plays, প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-925653-5.
Wells, Stanley; Taylor, Gary; Jowett, John et al., eds. (2005), The Oxford Shakespeare: The Complete Works (2nd সম্পাদনা), প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-926717-0.
Wells, Stanley (1997), Shakespeare: A Life in Drama, প্ৰকাশক New York: W. W. Norton, ISBN0-393-31562-2.
Wells, Stanley (2006), Shakespeare & Co, প্ৰকাশক New York: Pantheon, ISBN0-375-42494-6.
Wells, Stanley; Orlin, Lena Cowen, eds. (2003), Shakespeare: An Oxford Guide, প্ৰকাশক Oxford: Oxford University Press, ISBN0-19-924522-3.
Werner, Sarah (2001), Shakespeare and Feminist Performance, প্ৰকাশক London: Routledge, ISBN0-415-22729-1.
Wilson, Richard (2004), Secret Shakespeare: Studies in Theatre, Religion and Resistance, প্ৰকাশক Manchester: Manchester University Press, ISBN0-7190-7024-4.
Wright, George T. (2004), "The Play of Phrase and Line", in McDonald, Russ, Shakespeare: An Anthology of Criticism and Theory, 1945–2000, প্ৰকাশক Oxford: Blackwell, ISBN0-631-23488-8.