তৰুণ চন্দ্ৰ পামেগাম
তৰুণ চন্দ্ৰ পামেগাম (ইংৰাজী: Tarun Chandra Pamegam, জন্মঃ ১৬ আগষ্ট ১৯২৪) অসমীয়া তথা মিচিং ভাষাত ৰচনা কৰা এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, শিল্পী, অভিনেতা, নাট পৰিচালক, মিচিং ভাষাবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক আৰু শিক্ষাবিদ।[1][2] তেওঁ অসম চৰকাৰৰ মিচিং সমাজৰ পৰা প্ৰথম সাহিত্যিক পেন্সন পোৱা ব্যক্তি। ১৯৭৪ চনৰ অসম সাহিত্য সভাৰ তেওঁ উপ-সভাপতিও আছিল।[2] চমু জীৱনীতৰুণ চন্দ্ৰ পামেগামৰ জন্ম হৈছিল ১৯২৪ চনৰ ১৬ আগষ্টত মাজুলীৰ ২ নং বৰগঞা গাঁৱত[2]। তেওঁ কমলাবাৰীৰ হেমচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয় আৰু যোৰহাট চৰকাৰী হাইস্কুলত স্কুলীয়া শিক্ষা লাভ কৰে। সেই সময়তে তেওঁ সাদিনীয়া ’তৰুণ অসম’ কাকতত ’উঠা এটি ক্ষণ, মিৰি ছাত্ৰগণ, আহা কৰোঁ পণ, নহ’বা বিমন’ নামৰ কবিতা এটি প্ৰকাশেৰে সাহিত্য চৰ্চা আৰম্ভ কৰে। স্কুলত পঢ়ি থকা কালতে তেওঁ আৱাহন আৰু জয়ন্তী কাকতত মিচিং সামাজিক ৰীতি-নীতি সম্পৰ্কীয় ভালেমান প্ৰবন্ধ প্ৰকাশ কৰে। [2] সেই সময়তে দুৰ্ঘটনাত পতিত হৈ তেওঁৰ পিতৃ বুধবৰ পামেগামৰ মৃত্যু হোৱাত তেওঁ শিক্ষা আধাতে সামৰি মাজুলীলৈ উভতি আহে। পৰৱৰ্ত্তীকালত তেওঁ শ্বিলঙলৈ গৈ বায়ুসেনা বাহিনীত যোগ দিয়ে। প্ৰায় ডেৰবছৰ কাল তেওঁ মু্ম্বাই, লাহোৰ, আম্বালা আদিত কৰ্মৰত হৈ থাকি পুনৰ মাজুলীলৈ উভতি যায়। ১৯৪৪ চনত তেওঁ মাজুলীত জেংৰাইমুখ এম ই স্কুল প্ৰতিষ্ঠা কৰি শিক্ষকতা আৰম্ভ কৰে। এই সময়ছোৱাতে তেওঁ ১৯৪৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।[2] ১৯৪৫ চনৰ পতা প্ৰায় তিনিবছৰ ধৰি পামেগামে ’আৰোহণ' নামৰ এখন তিনিমহীয়া আলোচনী সম্পাদনা কৰিবলৈ লয়।[2] ১৯৫২ চনত তেওঁ গড়মূৰ সত্ৰৰ এম ই স্কুলত প্ৰধান শিক্ষক ৰূপে কাৰ্য নিৰ্বাহ কৰে। সেই সময়ছোৱাতে তেওঁ মাজুলী মহাবিদ্যালয়ত অধ্যয়ন কৰি ১৯৬৫ চনত স্নাতক ডিগ্ৰীও লাভ কৰে।[2] ১৯৫৩-৫৬ সময়ছোৱাত তেওঁ ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ তত্ত্বাৱধানত মিচিং লোকগীত আৰু লোকসাধু সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে অসমৰ প্ৰায়বোৰ মিচিং গাওঁ ভ্ৰমণ কৰিছিল।[2] সাহিত্য চৰ্চাৰ লগতে তেওঁ মিচিং গীত কবিতাও ৰচনা কৰিছিল আৰু সুৰ দি নিজে গাইছিল। ১৯৫০ চনত ’কা:য়ুমনৌ অইয়া, চ:য়ুমবিতই (ধুনীয়াকৈ চেনেহীজনী, সুন্দৰকৈ নাচি দিয়া) শীৰ্ষক এটা স্বৰচিত মিচিং আধুনিক গীত শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ পৰা পোন প্ৰথম প্ৰচাৰিত হয়। তেওঁৰ গীতমূহ পৰৱৰ্ত্তী কালত ‘তৰুণ চন্দ্ৰ পা:মেগা:মকৌ আনুনি:তম নামৰ এখন সংকলনত প্ৰকাশ পাইছে।[2] তৰুণ চন্দ্ৰ পামেগাম ১৯৮৯ চনত দুৰাৰোগ্য পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ শিক্ষকতাৰ পৰা স্বেচ্ছাৰে অৱসৰ লয়। ১৯৮৩ চনৰ ৩০ আগষ্টত তেওঁৰ মৃত্যু হয়।[3] সাহিত্যিক অৱদানতৰুণ চন্দ্ৰ পামেগামে কেইবাটাও ৰচনা কৰি থৈ গৈছে। সেতু তেওঁৰ এখন অনাতাঁৰ নাটক।[4] এই নাটকে ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিছিল। মিচিং লোকগীতৰ বিষয়ে ৰচিত মিচিং সকলৰ লোক গীত তেওঁৰ অন্য এখন গ্ৰন্থ।[5] তৰুণ চন্দ্ৰ পামেগামৰ গ্ৰন্থসমূহ হ'ল[2] :
বঁটা আৰু সন্মান
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia