মক্ড্ৰিল (গল্প সংকলন)
মক্ড্ৰিল (ইংৰাজী: Mockdril) গল্পকাৰ, কলা সমালোচক তথা গৱেষক মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ২০১০ চনত এই সংকলনখনি প্ৰথমবাৰলৈ প্ৰকাশ পায়। বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই সংকলনখনিত লেখিকাৰ মুঠ ১০টা গল্প সন্নিৱিষ্ট হৈছে। এই গল্পসমূহ ২০০৭ চনৰ পৰা ২০১০ চনৰ ভিতৰত বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে। অৰুণাচল প্ৰদেশৰ চিত্ৰশিল্পী পুন্য' চ'বিনে ইয়াৰ বেটুপাতৰ ছবি অংকন কৰিছে।[1] লেখিকাৰ চমু পৰিচয়প্ৰধান প্ৰবন্ধ: মৌচুমী কন্দলী
মৌচুমী কন্দলী এগৰাকী অসমীয়া সাহিত্যিক হোৱাৰ লগতে শিল্প কলাৰো গৱেষক আৰু লেখক। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কালচাৰেল ষ্টাডিজ বিভাগৰ সহকাৰী অধ্যাপক। তেওঁ জাৰ্মানীৰ ফ্ৰেংকফ'ৰ্ট, বাৰ্লিন, মিউনিখ, লাইপজিগ, হালে, আউচবাৰ্গ আদি ঠাইত গল্প পাঠ কৰাৰ লগতে অসম আৰু ভাৰতৰ কলা-সংস্কৃতি, সাহিত্য আদি বিষয়ত আলোকপাত কৰিছে। কন্দলীৰ কলা সম্পৰ্কীয় বহুসংখ্যক প্ৰবন্ধ বিভিন্ন ৰাষ্ট্ৰীয় আৰু অসমীয়া ভাষাৰ স্থানীয় কাকত-আলোচনীত প্ৰকাশিত হৈছে। তেওঁ কৰা চালভাড'ৰ দালিৰ গ্ৰন্থ Diary of A Genius-ৰ অনুবাদ এক ধীমানৰ আত্মজীৱনী নামেৰে প্ৰকাশ পায়। ২০০৮ চনত সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰা মিচিং লোক কবিতাৰো তেওঁ ইংৰাজী অনুবাদ (Listen My Flower-bud : Mishing Oral Poetry of Assam) কৰিছে। তেওঁৰ গল্প ইংৰাজীৰ লগতে জাৰ্মান, হিন্দী, বাংলা, নেপালী, উড়িয়া, কাচী আদি ভাষালৈ অনূদিত হৈছে। ২০২২ চনত The Black Magic Women নামেৰে তেওঁৰ গল্পৰ ইংৰাজী অনুবাদ পেংগুইনৰ বেনাৰত প্ৰকাশিত হয়।[2][3] বিষয়বস্তসংকলনখনিত সন্নিৱিষ্ট দহোটা গল্পই ভিন্নস্বাদৰ। অন্ধিকা পৰ্ব নামৰ প্ৰথম গল্পটোত লেখিকাই প্ৰাচীন ভাৰতীয় সভ্যতাৰ পটভূমিত প্ৰথম পুৰুষত দাস জনগোষ্ঠীৰ এগৰাকী যুৱতীৰ মুখেৰে সেই সময়ৰ পুৰুষতান্ত্ৰিক সমাজ আৰু বৰ্ণবাদৰ বিষয়ে বৰ্ণনা কৰিছে। মহাভাৰতত দ্ৰৌপদীৰ বস্ত্ৰহৰণকে ধৰি বিভিন্ন ঐতিহাসিক আৰু কাল্পনিক ঘটনাক্ৰমৰ সৈতে সাম্প্ৰতিক সমাজৰ কিছু ঘটনাৱলীৰ চৰিত্ৰগত সাদৃশ্য ইয়াত দাঙি ধৰা হৈছে। 'অন্ধিকা পৰ্ব'ৰ বিষয়ে লেখিকাৰ নিজৰ ভাষাত:
মক্ড্ৰিল নামৰ গল্পটোত মাজুলীলৈ গৱেষণামূলক ভ্ৰমণৰ বাবে অহা এহাল যুৱক-যুৱতী আৰু তেওঁলোকক আতিথ্য আগবঢ়োৱা এগৰাকী মহিলাৰ বাৰ্তালাপ আৰু দুয়োপক্ষৰ মনত খুদুৱাই থকা ভাবসমূহৰ বিষয়ে লেখিকাই বৰ্ণনা কৰিছে। প্ৰথম দৃষ্টিতে যুৱক-যুৱতীহাল আৰু মহিলাগৰাকীয়ে এটা পক্ষই আনটোক লক্ষ্য কৰি পৰস্পৰৰ বিষয়ে আৰু দুয়ো ঠাইৰ সভ্যতা-সংস্কৃতি সম্পৰ্কে একোটা ধাৰণা মনতে গঢ়ি লৈছে। কিন্তু মাজুলীৰ বিষয়ে সম্যক ধাৰণা কৰি অসমলৈ অহা যুৱক-যুৱতীহালক মহিলাগৰাকীয়ে বৰ্তমানৰ অসমৰ দূৰৱস্থা বা দুৰ্নীতিসমূহৰ বিষয়ে জনোৱা নাই। একেদৰে কামাখ্যাৰ যোনিপীঠৰ পূজাৰ কথা শুনি অহা যুৱক-যুৱতীহালে তেওঁলোকৰ দেশত শিল্পী এজনে সজা যোনিসদৃশ কফিৰ গুটিৰ ইনষ্টলেচন কোনোবা ৰক্ষণশীল ধাৰণাৰ দুষ্কৃতিকাৰীয়ে তচ-নচ কৰি যোৱাৰ কথা মহিলাগৰাকীক কোৱা নাই। তেওঁলোকে পূৰ্বনিৰ্ধাৰিত চিত্ৰনাট্য অনুসৰণ কৰি সেনাবাহিনীয়ে কৰা এক 'মক্ড্ৰিল'ৰ দৰেই অভিনয় কৰাৰ দৰেই বোধ হৈছে।[5] বেটুপাতৰ ছবিৰ সৈতে সংকলনটোৰ গল্পসমূহৰ চৰিত্ৰৰ সাদৃশ্য সন্দৰ্ভত লেখিকাই কৈছে:
গল্পসমূহ
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia