ভি. শান্তা
বিশ্বনাথন শান্তা (১১ মাৰ্চ ১৯২৭ - ১৯ জানুৱাৰী ২০২১)[1] জনপ্ৰিয়ভাৱে ভি. শান্তা এগৰাকী ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ আৰু চেন্নাইত অৱস্থিত অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ অধ্যক্ষ আছিল। তেওঁ বিশেষকৈ ভাৰতৰ কৰ্কট ৰোগীসকলৰ সহজলভ্য আৰু কম খৰচী চিকিৎসা প্ৰদান কৰিবলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।[2][3] তেওঁ গোটেই জীৱন কৰ্কট ৰোগীসকলৰ সহায়ৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল।[4] তেওঁ কৰ্কট ৰোগৰ অধ্যয়ন, ইয়াৰ পৰা সুৰক্ষা আৰু চিকিৎসাৰ ওপৰত গৱেষণা আৰু ইয়াৰ সজাগতা বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।[5][6] ইয়াৰ লগতে তেওঁ কৰ্কট ৰোগৰ বিশেষজ্ঞ আৰু কৰ্কট ৰোগৰ উপশাখাসমূহৰ বিজ্ঞানীসমূহক উৎসাহিত কৰিছিল।[7] ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৬৮ চনত পদ্মশ্ৰী, ২০০৬ চনত পদ্মভূষণ আৰু ২০১৬ চনত পদ্মবিভূষণ প্ৰদান কৰে। ২০০৫ চনত তেওঁ এছিয়াৰ নোবেল বঁটা হিচাপে খ্যাত ৰমন মেগছেছে বঁটা লাভ কৰিছিল। তেওঁ ১৯৫৫ চনৰ পৰা অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে। ইয়াৰ লগতে তেওঁ স্বাস্থ্য ক্ষেত্ৰৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কমিটিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য আৰু চিকিৎসা উপদেষ্টা কমিটিৰো সদস্য আছিল। ২০২১ চনৰ ১৯ জানুৱাৰী তাৰিখে চেন্নাইৰ এপল' হস্পিটেলত তেওঁৰ মৃত্যু হয়। প্ৰাৰম্ভিক জীৱন১৯২৭ চনৰ ১১ মাৰ্চ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ ষ্টেটৰ মাইলাপুৰৰ (বৰ্তমান তামিলনাডুৰ চেন্নাই) সম্ৰান্ত পৰিয়ালত ভি. শান্তাৰ জন্ম হৈছিল। তেওঁৰ আজু খুড়া চন্দ্ৰশেখৰ ভেঙ্কটৰমণ আৰু খুড়া সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ দুয়ো পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী।[2][8] তেওঁ ৰাষ্ট্ৰীয় ছোৱালী হাইস্কুলত (বৰ্তমান পি.এছ. শিৱস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়) প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ সৰুৰে পৰা এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছিল। তেওঁ ১৯৪৯ চনত মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ তিনিবছৰ পিছত ১৯৫২ চনত তেওঁ ডি.জি.অ. আৰু ১৯৫৫ চনত প্ৰসূতি স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগত এম.ডি. ডিগ্ৰী লাভ কৰি বিশেষজ্ঞ হিচাপে পৰিগণিত হয়। কৰ্মজীৱন১৯৫৪ চনত ডাঃ মুথুলক্ষ্মী ৰেড্ডীয়ে চেন্নাইত কৰ্কট ৰোগ প্ৰতিষ্ঠান স্থাপন কৰিছিল। সেই সময়ত ডাঃ ভি. শান্তা এম.ডি. অধ্যয়ন কৰি আছিল। তেওঁ ভাৰত চৰকাৰৰ লোকসেৱা পৰিষদৰ পৰীক্ষা উত্তীৰ্ণ হয় আৰু মাদ্ৰাজ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা আৰু শিশু চিকিৎসালয়ত নিযুক্তি লাভ কৰে। ১৯৪০ আৰু ১৯৫০ৰ দশকত চিকিৎসা পেছাত অন্তৰ্ভুক্ত মহিলা ডাক্তৰে সাধাৰণতে স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ লৈছিল কিন্তু ভি. শান্তায়ে বেলেগ কৰিব বিচাৰিছিল। সেয়ে তেওঁ কৰ্কট প্ৰতিষ্ঠানত যোগ দিয়ে। ইয়াৰ বাবে তেওঁৰ পৰিয়াল কেইবাজনো সদস্য দুখী হৈছিল।[9]. প্ৰতিষ্ঠানখন ১২খন বিছনাযুক্ত এটা সৰু ঘৰত আৰম্ভ হৈছিল।[8] অতি তাকৰীয়া সা-সৰঞ্জামেৰে আৰু মাত্ৰ দুগৰাকী চিকিৎসক তেওঁ নিজে আৰু কৃষ্ণমূৰ্তিৰ সহায়ত অতি কষ্টেৰে তেওঁলোকে প্ৰতিষ্ঠানখন চলাইছিল। তিনিবছৰ কাল সন্মানীয় সদস্য হিচাপে সেৱা আগবঢ়োৱা পিছত প্ৰতিষ্ঠানখনে তেওঁক মাহিলী ২০০ টকা বেতন আৰু প্ৰতিষ্ঠানৰ পৰিসৰতে থকাৰ ব্যৱস্থা কৰি দিছিল ১৯৫৫ চনৰ ১৩ এপ্ৰিল তাৰিখৰ পৰা তেওঁ প্ৰতিষ্ঠানৰ পৰিসৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। তেওঁ তামিলনাডু চৰকাৰৰ স্বাস্থ্যৰ বাবে গঠন কৰা ৰাজ্যিক পৰিকল্পনা আয়োগৰ সদস্য আছিল। তেওঁ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পেলোৱাৰ পোষকতা কৰিছিল আৰু তেওঁ কৰ্কট ৰোগৰ প্ৰতি থকা সাধাৰণ মানুহৰ ধাৰণা সলনি কৰিবলৈ চেষ্টা কৰিছিল। কৰ্কট ৰোগলৈ ভয় আৰু নিৰাশাজনক দৃষ্টিভংগী সলনি কৰিবলৈ তেওঁ কাৰ্যপন্থা হাতত লৈছিল।[10][11] বঁটা আৰু সন্মানতেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁ ভাৰতীয় চিকিৎসা বিজ্ঞান একাডেমীৰ ফেল' নিৰ্বাচিত হৈছিল।[12] ভাৰত চৰকাৰে তেওঁক ১৯৮৬ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[13] ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক আকৌ ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ[14] আৰু ২০১৬ চনত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[2][15][16][17] ২০০৫ চনত তেওঁ এছিয়াৰ নোবেল বঁটা বুলি খ্যাত ৰমন মেগছেছে বঁটা লাভ কৰে।[18] তেওঁ এই বঁটা নিজৰ প্ৰতিষ্ঠানলৈ উছৰ্গিত কৰিছিল।[19] তথ্য উৎস
|
Portal di Ensiklopedia Dunia