ভাৰতৰ বহুপতি প্ৰথা
ভাৰতৰ বহুপতি প্ৰথাৰ (ইংৰাজী: Polyandry in India) অৰ্থ হৈছে ঐতিহাসিক ভাৰতীয় উপমহাদেশৰ বা বৰ্তমানৰ ভাৰতবৰ্ষৰ এগৰাকী মহিলাৰ একে সময়তে দুই বা ততোধিক স্বামী থকা প্ৰথা। বহুপতি প্ৰথাৰ উদাহৰণ হিন্দু মহাকাব্য মহাভাৰতত দেখা পোৱা যায়; য'ত পাঞ্চাল ৰজাৰ জীয়ৰী দ্ৰৌপদীয়ে পাঁচজন ভাতৃৰ সৈতে একেলগে বিবাহ পাশত আৱদ্ধ হৈছিল।[1] বহুপতি প্ৰথা মুখ্যতঃ ভাৰতৰ হিমাচলৰ এটা অংশ কিন্নৌৰ অঞ্চলত প্ৰচলিত আছিল। কিন্নৌৰ ভাৰত-চীন সীমান্তৰ ওচৰত অৱস্থিত। মহাভাৰতত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলক তেৰ বছৰৰ বাবে তেওঁলোকৰ ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা হৈছিল আৰু শেষৰটো বছৰ কিন্নৌৰৰ এই পাহাৰীয়া অঞ্চলত অজ্ঞাতবাসত কটাইছিল। কিছুমান কিন্নৌৰীয়ে দাবী কৰে যে এই প্ৰথা তেওঁলোকে পাণ্ডৱসকলৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পাইছে; যাক তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষ গণ্য কৰে। দক্ষিণ ভাৰতত নীলগিৰিৰ টোড়া জনজাতি, ত্ৰিবাংকুৰৰ নাঞ্জানাদ ভেল্লালা জাতিৰ মাজতো বহুপতি প্ৰথা দেখা যায়।[2] যদিও বহুতো জনগোষ্ঠী আৰু জনজাতিৰ মাজত এই প্ৰথা নাইকীয়া হৈ গৈছে, তথাপিও কিছুমান পাহাৰীৰ মাজত, বিশেষকৈ উত্তৰ ভাৰতৰ গাড়োৱালক ‘জৌনচাৰ বাৱাৰ’ অঞ্চলত এই প্ৰথা দেখা যায়। শেহতীয়া বছৰবোৰত কৃষিভূমিৰ বিভাজন পৰিহাৰ কৰিবলৈ পাঞ্জাবৰ মালৱা অঞ্চলৰ কৃষিজীৱি সমাজত বহুপতি প্ৰথা বৃদ্ধি পোৱা দেখা গৈছে।[3] আইনগত বৈধতা১৮৬০ৰ ভাৰতীয় দণ্ড বিধিৰ ৪৯৪ আৰু ৪৯৫ ধাৰা অনুসৰি খ্ৰীষ্টিয়ানসকলৰ বাবে বহুগমন নিষিদ্ধ। হিন্দু বিবাহ আইন, ১৯৫৫ অনুসৰি কোনো হিন্দু লোকে পতি/পত্নী জীৱিত থকা অৱস্থাত পুনৰবিবাহ কৰিব নোৱাৰে। সেয়েহে ভাৰতত বহুবিবাহ বেআইনী।[4] কিন্নৌৰহিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ বহুতো গাঁৱত বহুপতি প্ৰথা চলি আছে। বহুপতি প্ৰথা মুখ্যতঃ পুৰুষ-প্ৰধান সমাজৰ গাওঁবোৰত প্ৰচলিত আৰু তাত এতিয়াও প্ৰাচীন ৰীতি-নীতি আৰু ৰীতি-নীতি অনুসৰণ কৰে। এই প্ৰথাৰ বিভিন্ন ধৰণৰ ৰূপ আছে। সাধাৰণতে সকলো ভাতৃয়ে একেগৰাকী নাৰীক বিবাহ কৰে। কেতিয়াবা ভাতৃসকলে পিছতো বিবাহ কৰায়। কেবল পত্নীয়েহে সন্তানৰ তেজৰ সম্বন্ধ নিৰূপণ কৰিব পাৰে। উত্তৰাধিকাৰ সম্পৰ্কীয় বিবাদ সমাধান কৰিবলৈ ডিএনএ পৰীক্ষা কৰাৰো দুই-এটা উদাহৰণ আছে। বিবাহ ভংগৰ নিয়মবোৰ কঠোৰ আৰু বিবাহ চুক্তিৰ বিৰুদ্ধে যোৱা এজন ভাতৃক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিতও কৰিব পৰা যায়।[5] টোড়াটোড়া হৈছে দক্ষিণ ভাৰতৰ নীলগিৰি পাহাৰত বাস কৰা জনজাতীয় লোক যি কেইবা শতিকাৰ পৰা বহুপতি প্ৰথা চলি আহিছে।[6] যিসকল পুৰুষে এগৰাকী বা দুগৰাকী পত্নীক বিবাহ কৰায়, স্বামীসকল প্ৰায়ে পূৰ্ণভাতৃ বা সতীয়া ভাতৃ হয়।[7] বিয়াৰ পিছত এগৰাকী টোড়া মহিলাই স্বয়ংক্ৰিয়ভাবে তেওঁৰ স্বামীৰ আন ভাতৃসকলৰো পত্নীৰ মৰ্যদা পায়।[8] যেতিয়া তেওঁ গৰ্ভৱতী হয়, তেতিয়া যিজন স্বামীয়ে আনুষ্ঠানিক ভাবে পত্নীক এজোৰ ধনু-কাড় দিব, তেৱেঁ সেই সন্তানৰ পিতৃ হ’ব। পৰৱৰ্তী সময়ত গৰ্ভৱতী হ’লে আন এজন স্বামীয়ে সেই আনুষ্ঠানিকতা পালন কৰিব।[9] কেৰালাকেৰালাত বহুপতি আৰু বহুপত্নী প্ৰথা ঊনবিংশ শতিকাৰ শেহলৈকে প্ৰচলিত আছিল আৰু বিংশ শতিকাৰ মাজভাগলৈ তেনে ঘটনাৰ কথা ছেগা-চোৰোকাকৈ শুনা গৈছিল। নায়াৰ, এজহাৱা, কম্মলান, নাডাৰ আদি জাতিৰ মাজত বহুপতি প্ৰথা দেখা গৈছিল। [10][11][12] [13] [14] তথ্য উৎস
অধিক জানিবলৈ পঢ়ক
|