ভাৰতীয় ধ্ৰুপদী সংগীত
ভাৰতীয় ধ্ৰুপদী সংগীত (ইংৰাজী: Indian classical music) ভাৰতীয় উপমহাদেশৰ ধ্ৰুপদী সংগীত।[1] এই সংগীতক সাধাৰণতে শাস্ত্ৰীয় সংগীত আৰু মাৰ্গ সংগীত বুলিও কোৱা হয়।[2][3] ইয়াৰ দুটা প্ৰধান পৰম্পৰা আছে: হিন্দুস্তানী নামেৰে জনাজাত উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু কৰ্ণাটকী নামেৰে জনাজাত দক্ষিণ ভাৰতীয় শাস্ত্ৰীয় সংগীত।[4] প্ৰায় ১৫ শতিকালৈকে এই দুয়োটা পৰম্পৰা সুকীয়া নাছিল। ভাৰত উপমহাদেশৰ মোগল শাসনৰ সময়ছোৱাত পৰম্পৰাবোৰ পৃথক হৈ সুকীয়া ৰূপত বিকশিত হৈছিল। হিন্দুস্তানী সংগীতে ৰাগৰ সকলো দিশৰ উন্নয়নশীলতা আৰু অন্বেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আনহাতে কৰ্ণাটকী পৰিবেশন চুটি ৰচনাভিত্তিক হোৱাৰ প্ৰৱণতা থাকে।[4] কিন্তু দুয়োটা ব্যৱস্থাৰ পাৰ্থক্যতকৈ অধিক সাধাৰণ বৈশিষ্ট্য অব্যাহত আছে।[5] ভাৰতৰ পূব অংশৰ আন এক অনন্য শাস্ত্ৰীয় সংগীতৰ পৰম্পৰা হৈছে বিগত দুহাজাৰ বছৰত বিকশিত হোৱা ওড়িছী সংগীত। ভাৰতৰ ধ্ৰুপদী সংগীতৰ মূল হিন্দু ধৰ্মৰ বৈদিক সাহিত্য আৰু ভৰত মুনিৰ পৰিবেশন কলাৰ ধ্ৰুপদী সংস্কৃত গ্ৰন্থ প্ৰাচীন নাট্য শাস্ত্ৰত পোৱা যায়।[6][7] ত্ৰয়োদশ শতিকাৰ সংস্কৃত গ্ৰন্থ সাৰংগদেৱৰ সংগীত-ৰত্নাকৰক হিন্দুস্তানী সংগীত আৰু কৰ্ণাটকী সংগীত পৰম্পৰা দুয়োটাই নিৰ্দিষ্ট গ্ৰন্থ হিচাপে গণ্য কৰে।[8][9] ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা মূল উপাদান আছে, ৰাগ আৰু তাল। স্বৰৰ বিভিন্ন বিন্যাসৰ ওপৰত ভিত্তি কৰি নিৰ্মিত ৰাগে গভীৰভাৱে জটিল সুৰৰ আচ্ছাদন গঠন কৰে, আনহাতে তালে সময়ৰ চক্ৰ জুখিব পাৰে।[10] ৰাগৰ যোগেদি এজন শিল্পীয়ে শব্দৰ পৰা সুৰ নিৰ্মাণ কৰে, আনহাতে তালে তেওঁলোকক সময় ব্যৱহাৰ কৰি ছন্দময় আৰোহনৰ বাবে এক সৃষ্টিশীল কাঠামো প্ৰদান কৰে।[11][12][13] ভাৰতীয় শাস্ত্ৰীয় সংগীতত স্বৰৰ মাজৰ স্থানটো প্ৰায়ে স্বৰৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ আৰু ই পৰম্পৰাগতভাৱে পশ্চিমীয়া ধ্ৰুপদী ধাৰণা যেনে ঐকতান, কাউণ্টাৰপইণ্ট, স্বৰসমষ্টি (chord) বা মডুলেচনক পৰিহাৰ কৰে।[14][15][16] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia