ভগৱতী চৰণ বৰ্মা
ভগৱতী চৰণ বৰ্মা (ইংৰাজী: Bhagawati Charan Verma; ৩০ আগষ্ট, ১৯০৩ — ৫ অক্টোবৰ, ১৯৮১) আছিল হিন্দী সাহিত্যৰ এগৰাকী লেখক। তেওঁ হিন্দী ভাষাত বহুকেইখন উপন্যাস ৰচনা কৰিছে। ১৯৩৪ চনত প্ৰকাশিত চিত্ৰলেখা তেওঁৰ অন্যতম কৃতি। এই উপন্যাসখনৰ আধাৰতেই ১৯৪১ আৰু ১৯৬৪ চনত দুখনকৈ হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।[1][2] তেওঁৰ পাঁচটা খণ্ড যুক্ত উপন্যাস ভুলে-বিছৰে চিত্ৰৰ বাবে তেওঁ ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি ১৯৭১ চনত তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণৰে সন্মানিত কৰা হয়।[3] ১৯৭৮ চনত তেওঁ ৰাজ্যসভালৈও মনোনীত হৈছিল। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯০৩ চনৰ ৩০ আগষ্ট তাৰিখে উন্নাৱ জিলাৰ (বৰ্তমানৰ উত্তৰ প্ৰদেশত) শফীপুৰ গাঁৱত এটা কায়স্থ পৰিয়ালত ভগৱতী চৰণ বৰ্মাৰ জন্ম হৈছিল।[4][5] তেওঁৰ পিতৃ দেৱী চৰণ বৰ্মাই কানপুৰত ওকালতি কৰিছিল। শফীপুৰ গাঁৱত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে ভগৱতী চৰণ বৰ্মাক এলাহাবাদ বিশ্ববিদ্যালয়লৈ পঠিওৱা হৈছিল য'ত তেওঁ সাহিত্য আৰু আইনত স্নাতক ডিগ্ৰী লাভ কৰে।[6] কৰ্মজীৱনআনুষ্ঠানিক শিক্ষা সাং কৰি ভগৱতী চৰণ বৰ্মাই কানপুৰত ওকালতি আৰম্ভ কৰে আৰু পাছলৈ হামিৰপুৰত কৰ্মজীৱন অব্যাহত ৰাখে। হামিৰপুৰত থকা সময়ছোৱাতেই তেওঁ চিত্ৰলেখা উপন্যাসখন লিখি উলিয়াই। চিত্ৰলেখাৰ সফলতাৰ বাবে তেওঁ তাৎক্ষণিক খ্যাতি লাভ কৰে আৰু নিজৰ সাহিত্যকৰ্মক অন্য এক মাত্ৰা প্ৰদান কৰি ১৭ খনতকৈ বেছি উপন্যাস লিখি উলিয়ায়।[7] তেওঁ কিছু সময়ৰ বাবে কলিকতা ফিল্ম কৰ্পোৰেশ্যনটো কাম কৰে আৰু তাৰ পাছত বিচাৰ নামৰ এখন সাপ্তাহিক আলোচনী সম্পাদনা কৰিবলৈ লয়। তদুপৰি তেওঁ বোম্বেত (বৰ্তমানৰ মুম্বাই) চিত্ৰনাট্য লিখিবলৈও লৈছিল আৰু পাছলৈ নৱজীৱন নামৰ এখন হিন্দী দৈনিক কাকত সম্পাদনা কৰিবলৈ লয়। তেওঁ লক্ষ্ণৌৰ অল ইণ্ডিয়া ৰেডিঅ'ত এগৰাকী হিন্দী উপদেষ্টা হিচাপেও সেৱা আগবঢ়াইছিল। ১৯৭৮ চনত তেওঁ ৰাজসভালৈ মনোনীত হয়।[8] সাহিত্যকৃতি
মৃত্যু১৯৮১ চনৰ ৫ অক্টোবৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।[9] মৃত্যুৰ পাছত জন্মভূমি শফীপুৰত এখন উদ্যানৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হয়।[10] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia