বৰদৈচিলাবৰদৈচিলা বা বাৰদৈচিখলা (বড়ো: बारदैसिख्ला[1],ইংৰাজী: Bordoisila) বৰ্ষাকালত অসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহা তথা অসমীয়া আৰু বড়ো লোককথাৰ এগৰাকী অপেস্বৰী।[2] অসমীয়া লোককথা অনুসৰি ‘বৰদৈচিলা’ নামৰ অপেস্বৰীগৰাকীয়ে বিহুৰ আগেয়ে নিজৰ মাকৰ ঘৰলৈ খৰখেদাকৈ যাওঁতে বাটৰ সকলোবোৰ বস্তু নষ্ট কৰি যায় যি এই বতাহজাকক বুজাই।[1] বড়ো লোককথা অনুসৰি বাৰদৈচিখলা বতাহ আৰু পানী নিয়ন্ত্ৰণ কৰি বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাত সৃষ্টি কৰাৰ ক্ষমতা থকা অপেস্বৰী, তেওঁৰ লগতে সম্পৰ্কিত বাৰদৈ ছিখলা নামৰ এটা বড়ো লোকনৃত্য আছে।[3] প্ৰতিবছৰ বৰদৈচিলাৰ কবলত ঘৰ, খেতিপথাৰৰ ক্ষতি হয়। চ'ত মাহৰ পৰা ব'হাগ মাহলৈকে অসমত বৰদৈচিলাৰ প্ৰভাৱ পৰিলক্ষিত হয়।[4] নামকৰণবৰদৈচিলা নামৰ অৰ্থলৈ বিভিন্ন মতভেদ আছে। কিছুলোকৰ মতে ‘বৰদৈ’ আৰু ‘চিলা’ এই দুটা নাম মিলনৰ ফলত বৰদৈচিলা নামৰ সৃষ্টি হৈছে।[5]বড়োসকলৰ মতে ‘বাৰ’ (बार;বতাহ), ‘দৈ’ (दै;পানী)আৰু ‘চিখলা’ (सिख्ला;গাভৰু) অৰ্থাৎ বতাহ-বৰষুণৰ গোসাঁনী৷ এই তিনি নামৰ মিলনৰ ফলত বৰদৈচিখলা (बारदैसिख्ला) বা বাৰহুখা নামৰ সৃষ্টি হৈছিল।[5][6] অন্য এক বিশ্বাসমতে হনুমানৰ বাৰ-দৈ-চিখলা নামে জীয়েক এজনীক পূজা কৰা হৈছিল আৰু তেওঁৰ নাম অনুসাৰে এই ধুমুহাৰ নাম বৰদৈচিলা হয়।[5] লোকবিশ্বাসলোকবিশ্বাস মতে বৰদৈচিলা বিবাহিত মহিলা। বৰদৈচিলা প্ৰতি বছৰে ব'হাগ মাহত নিজৰ মাকৰ ঘৰলৈ আহে। প্ৰবল বেগত উৰি অহাৰ কাৰণে ধুমুহাৰ সৃষ্টি হয় আৰু পথত পোৱা খেতিপথাৰ ধ্বংস কৰি দিয়ে। বৰদৈচিলা এই ধুমুহাৰ সৃষ্টিকৰ্তা, সেয়েহে ইয়াৰ নাম বৰদৈচিলা। বৰদৈচিলা ধুমুহাক শান্ত কৰিবলৈ চোতালত দাপোণ, ফণি আৰু বৰপীৰা দিয়া হয়। জেঠ মাহত বৰদৈচিলা মাকৰ পৰা বিদায় লৈ স্বামীগৃহ যাবলৈ সাজু হয়। বিদায়ৰ বেদনাত বৰদৈচিলাই কান্দি উঠে আৰু তেওঁৰ চকুৰ পানী বৰষুণ হৈ পৃথিৱীত পৰে।[উদ্ধৃতিৰ প্ৰয়োজন] বৈজ্ঞানিক দৃষ্টিভংগীবৰদৈচিলা বিহুৰ সময়ত আহে। সেয়ে বৰদৈচিলাই বিহুৰ বতৰা আনে বুলি কোৱা হয়। সাধাৰণতে ই এক প্ৰাকৃতিক পৰিঘটনা। সেই অনুসৰি বৰদৈচিলাক অসমীয়া সংস্কৃতিত ভূত-প্ৰেতৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। বৰদৈচিলা বায়বীয় প্ৰেত। প্ৰাকৃতিক বুৰঞ্জী অনুসৰি এই ভূত-প্ৰেতবোৰক প্ৰধানকৈ চাৰি ভাগত ভগোৱা হৈছে-[7] আদিম মানুহসকল ৰ’দ-বৰষুণ, ধুমুহা, উল্কাপাত, ভূমিকম্প আদি বিভিন্ন প্ৰাকৃতিক ঘটনাৰ উৎস আৰু হেতু সম্পৰ্কত তেনেই অজ্ঞ আছিল। সেই অজ্ঞতাৰ বাবে তেওঁলোকে প্ৰকৃতিৰ ওচৰত বৰ অসহায় অনুভৱ কৰিছিল। সেই অজ্ঞতা আৰু অসহায়বোধেই তেওঁলোকৰ মনত ৰহস্যময় প্ৰাকৃতিক ঘটনাবোৰৰ সম্পৰ্কত বিভিন্ন ধাৰণাৰ জন্ম দিছিল। আদিম মানুহে প্ৰাকৃতিক ঘটনাবোৰ কোনো অলৌকিক শক্তিয়ে সম্পন্ন কৰে বুলি বিশ্বাস কৰাৰ লগতে সেইবোৰক দেৱ-দেৱতা, ভূত-প্ৰেত আদি নাম দি লৈছিল। মানুহৰ হিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত দেৱ-দেৱতা আৰু মানুহৰ অহিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত ভূত-প্ৰেত জড়িত থাকে বুলি বিশ্বাস কৰিছিল।[8] সূৰ্যৰ তাপত স্থলভাগৰ আৰ্দ্ৰ গৰম বতাহ ঊর্ধ্বগামী হৈ তুলনামূলকভাৱে চেঁচা বায়ুমণ্ডত প্ৰৱেশ কৰাৰ ফলত বিজুলী ঢেৰেকনিৰ সৃষ্টি হয়।এই ঊর্ধ্বগামী আৰ্দ্ৰ বতাহ ঘনীভূত হৈ বৰষুণ দিব পৰা ডাৱৰৰ সৃষ্টি কৰে। এই ডাৱৰৰ পৰা বৰষুণ হয় আৰু আৰ্দ্ৰ গৰম বতাহ ঊর্ধ্বগামী হৈ একপ্ৰকাৰ খালী হোৱা স্থানলৈ চেঁচা বতাহ প্ৰৱল বেগেৰে গতি কৰে; ভূ ভাগৰ সমান্তৰালকৈ থকাই বতাহেও তীব্ৰ গতি লাভ কৰে। বতাহৰ গতি উত্তৰ -পশ্চিম দিশৰ পৰা দশিন- পূবমুখী হয়। এই সমগ্ৰ প্ৰক্ৰিয়াই অসমত বৰদৈচিলা ৰূপে প্ৰৱেশ কৰি প্ৰৱল ধুমুহাৰ ৰূপ লয় তথা অজস্ৰ ক্ষতিসাধন কৰে । আশ্চৰ্যকৰ কথাটো হ'ল বৰদৈচিলা উদ্ভৱ হ'বলৈ মাত্ৰ এঘন্টাৰ পৰা তিনিঘণ্টা মান সময়ৰহে প্ৰয়োজন। সেয়ে ইয়াৰ ভৱিষ্যতবাণী কৰাও সহজ নহয়। এইজাক ধুমুহাৰ গতিবেগ ঘন্টাত ৬০-৮০ কিল'মিটাৰ হ'ব পাৰে।[9] তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia