ব্ৰহ্মাণী
ব্ৰহ্মাণী (সংস্কৃত: ब्रह्माणी) বা ব্ৰাহ্মী (সংস্কৃত: ब्राह्मी) মাতৃকা বা সপ্ত মাতৃকা অৰ্থাৎ সাতগৰাকী মাতৃ দেৱীৰ অন্যতম।[1][2] তেওঁ সৰস্বতীৰ এক ৰূপ আৰু হিন্দু ধৰ্মৰ সৃষ্টিৰ দেৱতা ব্ৰহ্মাৰ শক্তি হিচাপে গণ্য কৰা হয়। কথিত আছে যে এবাৰ ব্ৰহ্মাই পৃথিৱী সৃষ্টিৰ বাবে ধ্যান কৰোঁতে তেওঁৰ শৰীৰ দুটা ভাগত বিভক্ত হয়। দেৱতা আৰু দেৱীৰ ৰূপ লৈ পুনৰ্জন্ম হোৱা এই দুয়ো ভাগৰ এটা অংশ আছিল পুৰুষ আৰু আনটো অংশ আছিল নাৰী। নাৰী অংশসমূহে গায়ত্ৰী, সতী সাবিত্ৰী, সৰস্বতী আদি দেৱী হৈ পৰে। কিন্তু দেৱী ব্ৰহ্মাণীৰ বিষয়ে প্ৰচলিত অন্য এক লোককথা অনুসৰি এবাৰ তেওঁ ইল্লাভাকুৰ ৰজা গোত্ৰৰ ৰাজকুমাৰী হিচাপে পুনৰ্জন্ম লাভ কৰে। ৰজাৰ দুগৰাকী কন্যা আছিল। তাৰে এগৰাকীৰ নাম আছিল ৰেণুকা (যি দেৱী ব্ৰহ্মাণীৰ পুনৰ্জন্ম) আৰু আনগৰাকী কন্যাৰ নাম আছিল সহস্ৰকলা। এবাৰ সৰস্বতী নদীৰ পাৰত ঋষি জমদগ্নি আৰু ৰজাই তেওঁলোকৰ ৰাজকুমাৰীসকলৰ স্বয়ংবৰ অনুষ্ঠিত কৰে আৰু ৰেণুকাই ঋষি জমদগ্নিক বিয়া কৰায়। ক্ষত্ৰিয় গোত্ৰ আৰু ভাৰ্গৱ গোত্ৰৰ মাজত বিবাদ চলি আছিল। ঋষি জমদগ্নি ভাৰ্গৱ বংশী আছিল তেওঁলোকে ভাৰতবৰ্ষৰ পশ্চিমলৈ তেওঁলোকৰ বাসস্থান স্থানান্তৰ কৰিছিল। এবাৰ ৰেণুকাৰ ভগ্নীৰ বিবাহ অনুষ্ঠানৰ উদযাপনৰ বাবে ৰেণুকাই পশ্চিমৰ সকলো ক্ষত্ৰিয়কে আমন্ত্ৰণ জনাইছিল কিন্তু ঋষি জমদগ্নি সন্মত হোৱা নাছিল। কিন্তু ৰেণুকাই জেদ ধৰি জমদগ্নিক সৈমান কৰিছিল। তেওঁলোক দৰিদ্ৰ আছিল কিন্তু ঋষিৰ ওচৰত কামধেনু আৰু অক্ষয় পাত্ৰ থকাৰ বাবে তেওঁলোকে এনে এক বিশাল উদযাপনৰ আয়োজন কৰিছিল যে আনকি ক্ষত্ৰিয়সকলো লজ্জিত হৈছিল। ৰূপ বৰ্ণনাতেওঁ হালধীয়া বৰণৰ আৰু চাৰিটা মূৰৰ সৈতে চিত্ৰায়িত কৰা হয়। তেওঁৰ সাধাৰণতে চাৰি বা ছয়টা বাহু থাকে। ব্ৰহ্মাৰ দৰে তেওঁৰ হাতত এডাল জপমালা আৰু কমণ্ডলু বা পদুম, ঘণ্টা, বেদ আৰু ত্ৰিশূল থাকে। দেৱীৰ বাহন হিচাপে তেওঁ হংসৰ ওপৰত বিৰাজমান। দেৱীক তেওঁৰ ধ্বজত হংসৰ সৈতে এটা পদুমৰ ওপৰত বহি থকা দেখুওৱা হয়। তেওঁ বিভিন্ন অলংকাৰ আৰু শিৰত কৰণ্ড মুকুট ধাৰণ কৰে। দেৱীয়ে তেওঁৰ বাহন এটি বগা হাঁহত উঠি যাত্ৰা কৰে। কুলদেৱীদেৱী ব্ৰহ্মাণীক শিপিনী সমাজ, প্ৰজাপতি (কুম্ভৰ), নগৰ ব্ৰাহ্মণ, দৰ্জী সমাজ আৰু ৰাজস্থান তথা কচ্ছৰ অন্যান্য সম্প্ৰদায় যেনে ডোডিয়া ৰাজপুত আৰু কেজিকে সম্প্ৰদায়ে "কুলদেৱী" বুলি বিশ্বাস কৰে।[3] তথ্যসূত্ৰ
|