বৈশ্বিক মহামাৰী বা বিশ্বমাৰী (ইংৰাজী: Pandemic; য়ুনানী (গ্ৰীক) শব্দ πᾶν পেন "সকলো" + δῆμος ডেম'চ "লোক"ৰ পৰা) হৈছে সংক্ৰামক ৰোগৰ এক মহামাৰী (Epidemic) যি জনসংখ্যাৰ মধ্যমীয়াৰ পৰা এক বিশাল ক্ষেত্ৰজুৰি, উদাহৰণ স্বৰূপে, এটা মহাদ্বীপ, বা সমগ্ৰ পৃথিৱী জুৰি বিয়পিব পাৰে। কিমান লোক আক্ৰান্ত হৈছে, সেই দিশৰ পৰা স্থিৰ হোৱা কোনো স্থানীয় ৰোগ, বিশ্বমাৰী নহয়। ইয়াৰ বাহিৰে, বিশ্বমাৰী জ্বৰৰ ভিতৰত, ঋতুকালীন জ্বৰ সমগ্ৰ বিশ্বজুৰি প্ৰভাৱ নেপেলোৱালৈকে বিশ্বমাৰীত অন্তৰ্ভুক্ত কৰা নহয়। ইতিহাসত বৰআই আৰু যক্ষ্মাৰ দৰে অসংখ্য বিশ্বমাৰীৰ বিৱৰণ পোৱা যায়। শেহতীয়া বিশ্বমাৰীৰ ভিতৰত এইছ আই ভি (HIV) বিশ্বমাৰী, ১৯১৮ আৰু ২০০৯ চনৰ H1N1 উল্লেখনীয়। ইয়াৰোপৰি ভয়ানক ব্লেক ডেথ (Black Death)ত প্ৰায় ৭৫ নিযুততকৈও অধিক লোকৰ মৃত্যু হৈছিল।
সংজ্ঞা
বিশ্বমাৰী হৈছে এনে এক মহামাৰী যি আন্তৰ্জাতিক সীমা অতিক্ৰম কৰি এনে পৰ্যায়ত পাদুৰ্ভাৱ ঘটে যে সাধাৰণতে বিশ্বব্যাপী মানুহক প্ৰভাবিত কৰে।[1] কেবল ব্যাপক আকাৰ ধাৰণ কৰা বা বহু মানুহৰ মৃত্যু ঘটালেই কোনো ৰোগ বা অবস্থা বিশ্বমাৰী নহয়; ইয়াৰ বাবে ই সংক্ৰামক হোৱা প্ৰয়োজন। উদাহৰণস্বৰূপে, কৰ্কট ৰোগৰ ফলত সমগ্ৰ বিশ্বজুৰি অনেক লোকৰ মৃত্যু হয়, কিন্তু ই বিশ্বমাৰী নহয় কাৰণ এই ৰোগ সোঁচৰা বা সংক্ৰামক নহয়।[2]
২০০৮ চনৰ মতে ৰাষ্ট্ৰ অনুহৰি এইডছ আক্ৰান্ত প্ৰান্তবয়স্কৰ আনুমানিক প্ৰাদুৰ্ভাব
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে HIV বিশ্বব্যাপী হোৱা সংক্ৰমণত[3]২০১০ ত প্ৰায় ৩৪ নিযুত লোক আক্ৰান্ত হৈছে। [4] ইয়াৰ ভিতৰত ১৬.৮ নিযুত হৈছে মহিলা আৰু ইয়াৰ ৩.৫ নিযুত ১৫ বছৰৰ তলৰ।[4] এইড্ছত মৃত্যু হোৱা লোকৰ সংখ্যা ২০০১ চনৰ ৩.১ নিযুতৰ পৰা হ্ৰাস হৈ ২০১০ চনত ১.৮ নিযুত হয়গৈ। পৃথিৱীৰ ভিতৰত আফ্ৰিকাত এইড্ছ ৰোগীৰ সংখ্যা বেছি। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ৬৮% হৈছে আফ্ৰিকাৰ চাহাৰা উপ অঞ্চলৰ।[5]
এইড্ছ ৰোগীৰ ক্ষেত্ৰত দক্ষিণ পূব এচিয়া দ্বিতীয় আক্ৰান্ত অঞ্চল। ২০১০ ৰ সমীক্ষা মতে পৃথিৱীৰ মুঠ এইড্ছ ৰোগীৰ ১২% দক্ষিণ পূব এচিয়াৰ।[6]
অসমত ১৯৯০ চনৰ চেপ্তেম্বৰ মাহত প্ৰথম HIV ৰোগ ধৰা পৰে। তেতিয়াৰেপৰা ১ জানুৱাৰী ২০১২ লৈকে প্ৰায় ১৪,২২৪জন HIV পজেটিভ বুলি NACO ৰ এক তথ্যত প্ৰকাশ। [7]
↑Miri, Seyyed Mohammad; Roozbeh, Fatemeh; Omrani Rad, Ali; Alavian, Seyed Moayed (16 March 2020). "Panic of Buying Toilet Papers: A Historical Memory or a Horrible Truth? Systematic Review of Gastrointestinal Manifestations of COVID-19". Hepatitis Monthly খণ্ড In Press (In Press). doi:10.5812/hepatmon.102729. ISSN1735-143X.