জ্বৰ (ইংৰাজী: Fever) প্ৰকৃততে কোনো ৰোগ নহয়, ই শৰীৰত হোৱা যিকোনো ৰোগৰ বাহ্যিক লক্ষণহে। মানুহৰ দেহৰ স্বাভাৱিক উষ্ণতা ৩৭ ডিগ্ৰী ছেণ্টিগ্ৰেট বা ৯৮ ডিগ্ৰী ফাৰেনহাইট থাকে। এই উত্তাপ যেতিয়া স্বাভাৱিকতকৈ বেছি হয় তেতিয়াই জ্বৰ উঠা বুলি কোৱা হয়। ইয়াৰ অন্য নাম Pyrexia[1]। ইয়াক শৰীৰত হোৱা যিকোনো সংক্ৰমণৰ প্ৰতিক্ৰিয়া বুলিবও পাৰি। যিমানে উষ্ণতা বৃদ্ধি পায় সিমানে প্ৰকৃত ৰোগটোৰ জটিলতা বেছি হোৱা বুলি বুজিব পৰা যায়।
প্ৰকাৰ
দেহৰ উত্তাপ বৃদ্ধিৰ ধৰণ অনুসৰি বিভিন্ন প্ৰকাৰৰ লক্ষণে দেখা দিয়ে:
নেৰানেপেৰা জ্বৰ: দেহৰ উত্তাপ গোটেই দিনটো বাঢ়ি থাকে আৰু ২৪ ঘণ্টাৰ ভিতৰত ১ °Cতকৈ বেছি পৰিবৰ্তন নহয়, যেনেনিউমনিয়া, টাইফ'ইড, মুত্ৰ নলীৰ সংক্ৰমণ, ব্ৰাঞ্চেলছিছ, বা টাইফাছৰ বাবে হোৱা জ্বৰ। টাইফ'ইড জ্বৰত এক বিশেষ ধৰণ দেখা পোৱা যায় (টাইফ'ইড জ্বৰৰ ওণ্ডাৰলিক বক্ৰ), দেহৰ উত্তাপ অতি লাহে লাহে এঢাপ এঢাপকৈ বাঢ়ি যায় আৰু উচ্চ তাপমাত্ৰা বহু সময় থাকে।
৩ দিনৰ অন্তৰালত হোৱা জ্বৰ (৭২ ঘণ্টাৰ অন্তৰালত হয়), সাধাৰণতে প্লাছমডিয়াম মেলেৰিৰ পৰা হোৱা মেলেৰিয়াৰ বাবে এনে জ্বৰ হয়।
অল্প বিৰতিৰ জ্বৰ: দেহৰ উত্তাপ গোটেই দিনটো বাঢ়ি থাকে আৰু ২৪ ঘণ্টাৰ ভিতৰত ১ °Cতকৈও বেছি পৰিবৰ্তন হয়, যেনে, হৃদ্ যন্ত্ৰৰ সংক্ৰমণৰ বাবে হোৱা জ্বৰ।
পেল-এব্সটেইন জ্বৰ: হডকিংছ লিম্ফমাৰ লগত জড়িত বিশেষ ধৰণৰ জ্বৰ। এই জ্বৰত এসপ্তাহ জ্বৰ উঠি থাকে আৰু পিছৰ সপ্তাহ নামি যায় আৰু এই চক্ৰটো পুনৰ আৰম্ভ হয়। প্ৰকৃততে এনে ধৰণৰ জ্বৰ আছে নে নাই তাৰ কোনো বিশ্বাসযোগ্য তথ্য নাই।[12]
নিউট্ৰ'পেনিক জ্বৰ: ফেব্ৰাইল নিউট্ৰ'পেনিয়া বুলিও কয়, সাধাৰণ প্ৰতিৰক্ষা তন্ত্ৰৰ কাৰ্য ক্ষমতা হ্ৰাস পালে এনে জ্বৰ হয়। কিয়নো সংক্ৰমণৰ প্ৰতিৰোধ কাৰী নিউট্ৰ'ফিলৰ অভাৱ হ'লে বেকেটোৰিয়াৰ পৰা হোৱা সংক্ৰমণো বৃদ্ধি পায়; সেইবাবে, এনে জ্বৰত চিকিৎসকৰ পৰামৰ্শ অতি জৰুৰী।
ফেব্ৰিকুলা হ'ল এক প্ৰকাৰৰ নিম্ন স্তৰৰ জ্বৰ। বিশেষকৈ যদি জ্বৰৰ কাৰণ জনা নাযায়, অন্য কোনো লক্ষণ নাথাকে আৰু ৰোগীজন এসপ্তাহত কৈও সোনকালে আৰোগ্য হয়, তেতিয়া তাক ফেব্ৰিকুলা বুলি কোৱা হয়।[13]
↑An introduction to clinical emergency medicine (2nd সম্পাদনা). প্ৰকাশক Cambridge: Cambridge University Press. 2012. পৃষ্ঠা. 401. ISBN978-0521747769.
↑"Fever effects and treatment in critical care: literature review". Australian Critical Care খণ্ড 26 (3): 130–35. August 2013. doi:10.1016/j.aucc.2012.10.004. PMID23199670.
↑Muhammad, Inayatullah; Shabbir Ahmad Nasir (May 2009). Bedside Techniques: Methods of clinical examination. Saira Publishers and Salamat Iqbal Press, Multan.