বৃষ্টি (চলচ্চিত্ৰ)এই প্ৰবন্ধটো দেউতি বৰুৱা পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। বায়ুমণ্ডলীয় জলীয় বাষ্প ঘনীভূত হৈ সৃষ্টি হোৱা পৰিঘটনাৰ বাবে বৰষুণ চাওক।
বৃষ্টি (ইংৰাজী: Bristi) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জয়শ্ৰী প্ৰডাকছন (প্ৰাঃ) লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল এজন আগশাৰীৰ নাট্যকাৰ দেউতি বৰুৱাই। মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাতক কেন্দ্ৰ কৰি ছবিৰ কাহিনী গঢ় লৈছে। যদিও মূলতঃ ই এখন প্ৰেমৰ ছবি আছিল, ছবিখনৰ যোগেদি সমকালীন অসমৰ দুৰ্নীতি, শিক্ষিত নিবনুৱাৰ হা-হুতাশ আৰু ক্ষোভৰ চিত্ৰ এখন পৰিস্ফুট হৈ পৰিছিল। সত্তৰৰ দশকত অসমীয়া চলচ্চিত্ৰ জগতত বহুকেইজন প্ৰতিভাশালী পৰিচালকৰ আবিৰ্ভাৱ হৈছিল। উক্ত দশকটোত যিকেইখন অৰ্থবহ অসমীয়া ছবিৰ নিৰ্মাণ হৈছিল, তাৰ ভিতৰত বৃষ্টি অন্যতম। এই ছবিখনৰ যোগেদি বিষ্ণু খাৰঘৰীয়াই চলচ্চিত্ৰ অভিনয়ৰ পাতনি মেলিছিল। ইয়াত তেওঁ এজন শিক্ষিত-নিবনুৱা খঙাল যুৱকৰ অভিনয় কৰিছিল।[1][2][3][4] অভিনয়-শিল্পী
সংগীত'বৃষ্টি'ৰ সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। গীত লিখিছে ভূপেন হাজৰিকাই। কণ্ঠ জয়ন্ত হাজৰিকা, কুল বৰুৱা আৰু নিৰ্মলা মিশ্ৰৰ।[5]
তথ্য উৎস
বাহ্যিক সংযোগ
|