বিজয় শংকৰ বৰ্মন
বিজয় শংকৰ বৰ্মন (১৯৮০-) অসমৰ এগৰাকী কবি আৰু অনুবাদক। তেখেতে ২০০৭ চনত 'দেও' গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে আৰু ২০১৩ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।[1] ২০১২ চনত Indian Expressৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী শ্ৰেষ্ঠ ভাৰতীয় যুৱ লেখকৰ অন্যতম।[2] তেখেতৰ কবিতা ইংৰাজী ভাষাৰ উপৰিও ইটালীয়ান, ফৰাছী, স্পেনিছ, ইষ্টনিয়ান, মেক্সিকান স্পেনিছ আদি ভাষালৈ অনূদিত হৈছে।[3] জন্ম আৰু শিক্ষাতেখেতৰ জন্ম হয় ১৯৮০ চনত নলবাৰী জিলাৰ ৰূপীয়াবাথানত। তেখেতৰ পিতৃৰ নাম হোমেশ্বৰ বৰ্মন আৰু মাতৃৰ নাম ৰীনা বৰ্মন। ৪২৩ নং জাতিৰাম মিলন চামতা প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাথমিক শিক্ষা, কুলবিল উত্তম সুন্দৰী মজলীয়া বিদ্যালয়ৰপৰা মজলীয়া শিক্ষা, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা ১৯৯৬ চনত হাইস্কুল শিক্ষান্ত আৰু কটন কলেজৰপৰা ১৯৯৮ চনত উচ্চতৰ মাধ্যমিক আৰু ২০০২ চনত ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১০ চনত পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰপৰা সমাজশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২০১২ চনত ইংৰাজী সাহিত্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বৰ্মনে ২০১৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। [4] সাহিত্যৰাজিকাব্যগ্ৰন্থ
বিদেশৰ পৰা প্ৰকাশিত কবিতাপুথি
অন্য ভাৰতীয় ভাষাত প্ৰকাশিত কবিতাপুথি
অনুবাদ কবিতাপুথি
কাব্য উপন্যাস
শিশুগ্ৰন্থ
(পায়েল হাজৰিকাৰ লগত যুটীয়াভাৱে) সম্পাদিত গ্ৰন্থ
অন্যান্য বিষয়ক গ্ৰন্থ
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia