বসুন্ধৰা ৰাজে
বসুন্ধৰা ৰাজে সিন্ধিয়া (ইংৰাজী: Vasundhara Raje Scindia; জন্ম ৮ মাৰ্চ ১৯৫৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ দুবাৰকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ইয়াৰ পূৰ্বে অটল বিহাৰী বাজপেয়ীৰ কেন্দ্ৰীয় কেবিনেটত মন্ত্ৰী হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল আৰু ভাৰতৰ প্ৰথম ‘সুক্ষ্ম, লঘূ আৰু মজলীয়া উদ্যোগ’ মন্ত্ৰী আছিল। বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম ৰাষ্ট্ৰীয় উপ-সভাপতি। সিন্ধিয়া পৰিয়ালৰ সদস্য হোৱাৰ উপৰিও তেওঁ ঢোলপুৰৰ বামৰৌলিয়া পৰিয়ালৰ কুলমাতাও। প্ৰাৰম্ভিক জীৱনবসুন্ধৰা ৰাজে সিঙৰ জন্ম হৈছিল ১৯৫৩ চনৰ ৮ মাৰ্চত বম্বেত (বৰ্তমানৰ মুম্বাই)। তেওঁ বিজয়ৰাজে সিন্ধিয়া-শিণ্ডে আৰু গোৱালিয়ৰৰ মহাৰাজা, বিশিষ্ট সিন্ধিয়া ৰাজকীয় মাৰাঠা পৰিয়ালৰ সদস্য জীৱজীৰাও সিন্ধিয়া-শিণ্ডেৰ কন্যা।[1] ৰাজে তামিলনাডুৰ কোদাইকানালৰ ‘প্ৰেজেণ্টেচন কনভেণ্ট স্কুল’ত স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু পিছলৈ মুম্বাইৰ ‘ছফিয়া কলেজ ফৰ উইমেন’ৰ পৰা অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে।[2] ব্যক্তিগত জীৱন১৯৭২ চনৰ ১৭ নৱেম্বৰত ৰাজকীয় ঢোলপুৰ পৰিয়ালৰ মহাৰাজ ৰাণা হেমন্ত সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও এবছৰৰ পিছত তেওঁলোকৰ বিচ্ছেদ হয়।[3] তেওঁৰ পুত্ৰ দুষ্যন্ত সিং তেওঁৰ পূৰ্বৰ সমষ্টি ঝালাৱাৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।[4] তেওঁৰ ভায়েক-ভনীয়েকসকল হৈছে মধ্যপ্ৰদেশৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী যশোধৰা ৰাজে সিন্ধিয়া; প্ৰয়াত মাধৱৰাও সিন্ধিয়া; প্ৰয়াত পদ্মাৱতী ৰাজে ‘আক্কাচাহেব’ বৰ্মন (১৯৪২–৬৪), যিয়ে ত্ৰিপুৰাৰ শেষ শাসক মহাৰাজা কিৰিট দেৱ বৰ্মনক বিয়া কৰাইছিল; আৰু উষা ৰাজে ৰাণা (জন্ম ১৯৪৩), যিয়ে নেপালৰ ৰাণা পৰিয়ালত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ এজন পুত্ৰ দুষ্যন্ত সিং ঢোলপুৰৰ যুৱৰাজ আৰু লোকসভাৰ চাৰিবাৰৰ সাংসদ। ৰাজনৈতিক জীৱন১৯৮৪ চনত ৰাজেই ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰে। প্ৰথম অৱস্থাত তেওঁ নৱগঠিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে নিযুক্তি হয়। ঢোলপুৰৰ পৰা ৰাজস্থানৰ অষ্টম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। সেই বছৰতে তেওঁক ৰাজস্থান বিজেপিৰ যুৱ মৰ্চাৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।[5] বিধানসভাৰ সদস্য১৯৮৫-৯০: সদস্য, ৮ম ৰাজস্থান বিধানসভা, ঢোলপুৰ বিধানসভা সমষ্টিৰ পৰা।
লোকসভাৰ সদস্য
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia