ফৰাচী বিপ্লৱ
ফৰাচী বিপ্লৱ (ফৰাচী: Révolution française) হৈছে ফ্ৰান্স আৰু ইয়াৰ উপনিবেশসমূহত ১৭৮৯ চনত আৰম্ভ হৈ দশকজুৰি চলা সুদূৰপ্ৰসাৰী সামাজিক তথা ৰাজনৈতিক উত্থানৰ সময়। এই বিপ্লৱৰ সময়ত ফ্ৰান্সত নিৰঙ্কুশ ৰাজতন্ত্ৰ উৎখাট কৰি গণতন্ত্ৰিক আদৰ্শৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু অৱশেষত নেপোলিয়ন বোনাপাৰ্টৰ একনায়কত্তবাদত সমাপ্তি ঘটিছিল। ফৰাচী বিপ্লৱক পশ্চিমীয়া গণতন্ত্ৰৰ ইতিহাসৰ এক জটিল সন্ধিক্ষণ হিচাপে চিহ্নিত কৰা হয়, যাৰ মাধ্যমেৰে পশ্চিমীয়া সভ্যতাই নিৰঙ্কুশ ৰাজনীতি আৰু অভিজাততন্ত্ৰৰ অন্ত পেলাই গণতন্ত্ৰৰ যুগত পদাৰ্পণ কৰে। এই বিপ্লৱ ফ্ৰান্সৰ লগতে ইউৰোপ আৰু পশ্চিমীয়া সভ্যতাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। ইতিহাসবিদসকলেও ইয়াক মানৱ ইতিহাসেৰ অন্যতম গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচনা কৰে।[1][2][3] ফৰাচী বিপ্লৱৰ মূলনীতি আছিল "Liberté, égalité, fraternité, ou la mort!" অৰ্থাৎ "স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব, অথবা মৃত্যু"। এই শ্লোগানটো বিপ্লৱটোৰ চালিকাশক্তিত পৰিণত হৈছিল যাৰ মাধ্যমেৰে সামৰিক আৰু অহিংসা উভয়বিধ পদ্ধতি অনুসৰণ কৰি পশ্চিমীয়া বিশ্বত গণতন্ত্ৰ প্ৰতিষ্ঠিত কৰা হৈছিল। এই শ্লোগানটো সকলো কৰ্মীৰ মূলমন্ত্ৰত পৰিণত হৈছিল। পৃষ্ঠভূমিইতিহাসবিদসকলে বিপ্লৱৰ আৰম্ভ হোৱাৰ ক্ষেত্ৰত পূৰ্ববৰ্তী সময়ৰ বহুতো ঘটনাই ইন্ধন যোগাইছে বুলি মন্তব্য কৰে। সামাজিক আৰু অৰ্থনৈতিক বৈষম্যৰ বৃদ্ধি,[4][5] আলোকায়ন (Age of Enlightenment)-ৰ পাছত উদ্ভূত নতুন ৰাজনৈতিক ধাৰণা,[6] অৰ্থনৈতিক অব্যৱস্থাপনা, পৰিবেশজনীত কাৰণৰ ফলত কৃষিৰ ব্যৰ্থতা, নিয়ন্ত্ৰণহীন ৰাষ্ট্ৰীয় ঋণ,[7] ৰজা ষোড়শ লুইৰ দ্বাৰা ৰাজনৈতিক অব্যৱস্থাপনা আদি সকলো কাৰকেই ফৰাচী বিপ্লৱৰ ভেঁটি বুলি চিহ্নিত কৰা হয়।[8][9][10][11] ১৭৮৯ চনৰ ১৪ জুলাই ফ্ৰান্সৰ পেৰিছত কুখ্যাত "বাস্তিলৰ বিক্ষোভ" (ফৰাচী: Prise de la Bastille) হৈছিল। বাস্তিল দুৰ্গৰ পতনৰ পৰাই ফৰাচী বিপ্লৱ সংঘটিত হয়। এই বিপ্লৱ আছিল তদানীন্তন ফ্ৰান্সৰ শ শ বছৰ ধৰি নিৰ্যাতিত আৰু বঞ্চিত "থাৰ্ড ষ্টেট" বা সাধাৰণ মানুহৰ পুঞ্জীভূত ক্ষোভৰ বহিৰ্প্ৰকাশ। এই বিপ্লৱৰ আগত সমগ্ৰ ফ্ৰান্সৰ ৯৫ শতাংশ সম্পত্তিৰ মালিক আছিল মাত্ৰ ৫ ভাগ মানুহ। অথচ সেই ৫ ভাগ মানুহে কোনো আয়কৰ দিব লগা হোৱা নাছিল। যি সকলে আয়কৰ দিছিল, তেওঁলোকে কোন সুবিধা ভোগ কৰিব পৰা নাছিল। এই ব্যৱস্থাৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰিছিল তেওঁলোকক বাস্তিল দুৰ্গত বন্দী কৰি শাস্তি দিয়া হৈছিল। বাস্তিল দুৰ্গ আছিল স্বৈৰাচাৰী চৰকাৰৰ নিৰ্যাতন এক প্ৰতীকস্বৰূপ। এবাৰ কোন বন্দী তাত প্ৰৱেশ কৰিলে জীৱৰ ৰূপত তাৰ পৰা ঘূৰি অহাৰ সম্ভাৱনা নাছিল। কাৰাগাৰৰ ভিতৰতেই অসংখ্য বন্দীক মৃত্যুদণ্ড দিয়া হৈছিল। ১৭৮৯ চনৰ ১৪ জুলাইত নিৰ্বাচিত প্ৰতিনিধি, ৰক্ষা বাহিনীৰ সদস্য আৰু বাস্তিল দুৰ্গৰ আশে-পাশে থকা বিক্ষুব্ধ লোকসকল বাস্তিল দুৰ্গৰ অভিমুখে ৰওনা হয়। প্ৰতিনিধিসকলে প্ৰথমে দুৰ্গৰ প্ৰধানক আলোচনাৰ প্ৰস্তাৱ দিয়ে। প্ৰস্তাৱ আছিল বাস্তিলত থকা ৭ জন ৰাজবন্দীক মুক্তি দিয়াৰ। সেই প্ৰস্তাৱ দুৰ্গৰ প্ৰধানে মান্তি নোহোৱাত বিক্ষুব্ধ জনতাই দুৰ্গটোৰ ওপৰত আক্ৰমণ কৰে। দুৰ্গৰ সৈন্যও প্ৰত্যুত্তৰ দিয়ে। প্ৰায় দুশ বিপ্লৱী মানুহ হতাহত হয়। ইয়াৰ পাছত চৌদিশে উত্তেজিত বিক্ষুব্ধ জনতাই বাস্তিল দুৰ্গ আক্ৰমণ কৰি ধ্বংস কৰে। বৰ্তমানে এই ঘটনাৰ দিনটোক (১৪ জুলাই) ফ্ৰান্সত ৰাষ্ট্ৰীয় দিৱসৰ দিন ৰূপে পালন কৰা হয়। প্ৰভাৱফৰাচী বিপ্লৱে ইউৰোপ আৰু নতুন বিশ্বৰ ওপৰত এক বৃহৎ প্ৰভাৱ পেলাইছিল, মানৱ ইতিহাসৰ গতিপথ পৰিবৰ্তনৰ নিৰ্ণায়ক ভূমিকায় অৱতীৰ্ণ হৈছিল।[12][13] ই সামন্তবাদৰ অৱসান ঘটায় আৰু পৃথকভাবে সংজ্ঞায়িত ব্যক্তিগত মুক্তিৰ ক্ষেত্ৰত ভৱিষ্যতৰ অগ্ৰগতিৰ পথ প্ৰশস্ত কৰিছিল।[1][2][3] তথ্যসূত্ৰ
|