ফুলফুল হৈছে, বিভাগ মেগ্ন'লিঅ'ফাইটাৰ অন্তৰ্গত সপুষ্পক উদ্ভিদত (অন্য নাম এনজিঅ'স্পাৰ্ম) পোৱা একপ্ৰকাৰৰ প্ৰজনন অংগ। সাধাৰণতে স্ত্ৰীজননকোষৰ সৈতে পুংজননকোষৰ মিলন প্ৰক্ৰিয়াৰে কাৰ্যকৰী প্ৰজনন কৰাই হল ফুলৰ জৈৱিক কাৰ্য। ফুলে ইতৰ পৰাগন (একে প্ৰজাতিৰ দুটা ভিন্ন জীৱৰ স্ত্ৰীজননকোষ আৰু পুংজননকোষৰ মিলন) সৰল কৰে বা স্ব পৰাগন (একেপাহ ফুলৰে স্ত্ৰীজননকোষ আৰু পুংজননকোষৰ মিলন) সংঘটিত কৰাই। কিছুমান ফুলে নিষেচন নোহোৱাকৈয়ে ডাইস্প'ৰ গঠন কৰে। ফুলৰ ৰেণুধানী নামৰ এটা অংগ থাকে আৰু তাতেই জননকোষৰ বিকাশ হয়। পুংজননকোষক পৰাগ ৰেণু বোলে। ফুলৰ পৰা ফল আৰু বীজৰ সৃষ্টি হয়। পৰাগ ৰেণুৰ বাহক প্ৰাণীক আকৰ্ষণ কৰিব পৰাকৈ বহুটো ফুল আকৰ্ষণীয় ভাবে বিৱৰ্তন হৈছে। সপুষ্পক উদ্ভিদৰ প্ৰজনন সুগম কৰাৰ উপৰিও, ফুলে পৰিৱেশৰ সৌন্দৰ্য বৰ্ধন কৰে আৰু প্ৰেমৰ বিষয়, পৰম্পৰা, ধৰ্ম, ঔষধ আৰু খাদ্যৰ উৎস হিচাপেও ফুল ব্যৱহাৰ কৰা হয়। বাহ্যিক গঠনফুলৰ অংশসমূহএপাহ ফুলৰ দুটা প্ৰধান অংশ থাকে: অংগজ অংশ, আৰু প্ৰজনন অংশ। এপাহ আদৰ্শ ফুলত চাৰি প্ৰকাৰৰ গঠন এডাল চুটী ঠাৰিৰ ওপৰত থকা পুষ্পাক্ষ নামৰ এটা অংশত চক্ৰাকাৰে লাগি থাকে। ঠাৰিৰ পৰা ক্ৰমে ওপৰলৈ থকা এই প্ৰধান চক্ৰ চাৰিটা হল: বৃতি মণ্ডল, দল মণ্ডল, পুং স্তৱক আৰু স্ত্ৰী স্তৱক। অংগজ অংশ (পেৰিন্থ)
প্ৰজনন অংশ
গঠনওপৰত বৰ্ণনা কৰা গঠনটো আদৰ্শ বুলি বিবেচনা কৰা হয় যদিও, উদ্ভিদ প্ৰজাতিৰ ফুলৰ গঠনত বহু ভিন্নতা দেখা পোৱা যায়।[1] সপুষ্পক উদ্ভিদৰ বিৱৰ্তনৰ ক্ষেত্ৰত এই উপান্তৰণবোৰ অতি গুৰুত্বপূৰ্ণ আৰু উদ্ভিদ প্ৰজাতিৰ মাজৰ সম্বন্ধ স্থাপনৰ বাবে উদ্ভিদবিদ সকলে এইবোৰ ব্যাপক ৰূপত ব্যৱহাৰ কৰে। ফুলৰ প্ৰধান অংশ চাৰিটা সাধাৰণতে পুষ্পাক্ষত সিহঁতৰ অৱস্থান অনুসৰিহে মুৰ্ত (defined) কৰা হয় আৰু কাৰ্যৰ দ্বাৰা নহয়। বহুতো ফুলৰ কিছুমান অংশ নাথাকে বা অন্য কাৰ্যৰ বাবে উপান্তৰণ ঘটে নাইবা বেলেগ এটা অংশৰ দৰেহে দেখা যায়। বহু পৰিয়ালত, ফুলৰ পাহীবোৰ অতি সংকোচিতহৈ পৰে আৰু বহুতো প্ৰজাতিৰ বেটুপাতবোৰ পাহীৰ দৰে ৰং-চঙীয়া। অন্য কিছুমান ফুলৰ উপান্তৰণ ঘটা পাহী-সদৃশ পুংকেশৰ থাকে; গোলাপৰ বহু ফুলৰে পাহী-সদৃশ পুংকেশৰ থাকে[2] ফুলৰ মাজত ব্যাপক ভিন্নতা পৰিলক্ষিত হয় আৰু উদ্ভিদবিদ সকলে প্ৰজাতিৰ চিনাক্তকৰণ আৰু বিশিষ্টতাৰ ক্ষেত্ৰত এই ভিন্নতাবোৰ প্ৰণালীবদ্ধভাবে বৰ্ণনা কৰে। ফুল আৰু ফুলৰ অংশসমূহ বৰ্ণনা কৰিবলৈ বিশেষ পৰিভাষা ব্যৱহাৰ কৰা হয়। বহুত ফুলৰ অংশবোৰ সংযুক্ত হৈ থাকে; একে চক্ৰৰ পৰা উদ্ভৱ হোৱা সংযুক্ত অংশবোৰক কন্নেট বোলে, একে চক্ৰৰ পৰা উদ্ভৱ নোহোৱা সংযুক্ত অংশবোৰক এডনেট বোলে আৰু সংযুক্ত নোহোৱা অংশবোৰক মুক্ত বোলে। কিছুমান ফুলৰ পাহীবোৰ লগলাগি এটা নলী বা আঙুঠিৰ আকাৰ লয় (sympetalous, gamopetalous)। এনে পাহীবোৰৰ নলী (নলীসদৃশ আধাৰ অংশ), ডিঙি (মাজৰ বহল অংশ) আৰু প্ৰৱৰ্ধ (একেবাৰে বাহিৰৰ অংশ) নামৰ তিনিটা অংশ থাকে। সংযুক্ত পাহী বা বৃতি যুক্ত ফুলৰ দল মণ্ডল বা বৃতিমণ্ডল, ঘণ্টাকাৰ, চুপিসদৃশ, নলীসদৃস, কলহসদৃশ, কাঁহীসদৃশ বা গোলাকাৰ আদি বিভিন্ন আকৃতিৰ হ'ব পাৰে। বহুতো ফুলে সমমিতি প্ৰদৰ্শন কৰে। কেন্দ্ৰীয় অক্ষৰ যিকোনো বিন্দুৰ মাজেৰে পেৰিন্থক দুভাগ কৰিলে, যদি দুয়োটা অংশই সমমিতি প্ৰদৰ্শন কৰে, সিয়েই তীৰ্যক সমমিতি। এনে ফুল বোৰক নিয়মীয়া ফুল (একটিন'মৰফিক) বোলে, যেনে,- গোলাপ ফুল। যিবোৰ ফুল কেন্দ্ৰীয় অক্ষৰ মাত্ৰ এটা বিন্দুৰ মাজেৰে দুভাগ কৰিলেহে সমমিতি প্ৰদৰ্শন কৰে অৰ্থাৎ দ্বিপাৰ্শীক সমমিতি প্ৰদৰ্শন কৰা ফুলবোৰক অনিয়মীয়া ফুল (জাইগ'মৰফিক) বোলে যেনে,- কপৌ ফুল। ফুলবোৰ উদ্ভিদজোপাৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবও পাৰে। উদ্ভিদজোপাৰ যিটো অংশত ফুলপাহ সংযুক্ত হৈ থাকে, তাক ঠাৰি বা বৃন্ত বোলে। যদি এডাল ঠাৰিত কেইবাপাহো ফুল সংযুক্ত হৈ থাকে, তেতিয়া সেই সৰু সৰু ঠাৰিবোৰক পেডিক'ল বোলে। পুষ্পকাণ্ডৰ অগ্ৰাংশটোৱে এটা থুপুকা আকৃতিৰ গঠন কৰে, তাক পুষ্পাক্ষ বোলে। পুষ্পবিন্যাসকিছুমান প্ৰজাতিৰ ক্ষেত্ৰত দেখা যায় যে এডাল অক্ষতে বহুত ফুল থাকে, ফুলৰ এনে সামূহিক গোট সমূহক পুষ্পবিন্যাস বোলে। কিছুমান পুষ্পবিন্যাসত অসংখ্য সৰু সৰু ফুলৰ লগলাগি এপাহ ফুলৰ দৰে হৈ থাকে, যেনে- বেলিফুল। পুষ্পবিন্যাসত বিশেষ ধৰণৰ কাণ্ড আৰু সহপত্ৰ বা উপান্তৰণ ঘটা পাতো থাকিব পাৰে। পুষ্প চিত্ৰ আৰু পুষ্প সংকেত (ফৰ্মুলা)কিছুমান বিশেষ বৰ্ণ, সংখ্যা আৰু চিহ্নৰ দ্বাৰা এপাহ ফুলৰ গঠন আৰু তথ্য প্ৰকাশ কৰিবলৈ পুষ্প সংকেত ব্যৱহাৰ কৰা হয়। সাঘাৰণতে ফুল এপাহৰ বিভিন্ন সাংখ্যিক বিস্তৃতিৰ দ্বাৰা ই এটা বিশেষ প্ৰজাতিৰ প্ৰতিনিধিত্ব কৰিব পাৰে। পুষ্প সংকেতৰ বিকাশ ১৯শ শতিকাৰ আগভাগতেই হৈছিল যদিও ইয়াৰ ব্যৱহাৰত সকলোৱে সহমত প্ৰকাশ কৰা নাছিল। পুষ্প সংকেতৰ এই প্ৰচলিত আৰ্হিটোৰ বৰ্ণনামূলক ক্ষমতা বৃদ্ধিৰ বাবে প্ৰেনাৰ আৰু সংগীসকলে (Prenner et al.,২০১০) বিস্তৃত যোজনা হাতত লৈছিল।[3] পৃথিৱীৰ বিভিন্ন অঞ্চলত এই পুষ্প সংকেতৰ গঠন প্ৰণালী বেলেগ হোৱা দেখা যায়।[4][5][6][7] এপাহ ফুলৰ গঠন পুষ্প চিত্ৰ দ্বাৰাও প্ৰকাশ কৰিব পাৰি। ফুলৰ ব্যাপক লিখিত বৰ্ণনা বা কঠিন চিত্ৰ অংকন নকৰাকৈ পুষ্প চিত্ৰৰ সহায়ত ফুল এপাহৰ গঠন আৰু বিৱৰ্তন সহজতে প্ৰকাশ কৰিব পাৰি। এনে চিত্ৰই ফুলৰ বিভিন্ন বৈশিষ্ট, যেনে অংগৰ অৱস্থান, সমসিতি আদিৰ লগতে গঠন প্ৰণালী দেখুৱাব পাৰে।[4] বিকাশফুলবোৰ উদ্ভিদৰ ভাজক কলাৰ পৰা উপান্তৰণ ঘটা শাখাকাণ্ডৰ অগ্ৰাংশ বা অক্ষত (পুষ্পাক্ষ) বিকশিত হয়। এই অক্ষত বহুতো পাব একেলগে থুপ খাই থাকে আৰু তাৰ পৰাই সাংঘাতিক ভাবে উপান্তৰণ ঘটা পাতবোৰৰ উদ্ভৱ হয়।[8] বিকাশৰ বিস্তৃত অধ্যয়নত, যিকিনহওক, পুংকেশৰবোৰ প্ৰায়ে কম বেছি পৰিমাণে ৰূপান্তৰিত কাণ্ডৰ দৰে, কেতিয়াৰা শাখাকাণ্ডৰ দৰে বুলি অনুমান কৰিব পৰা যায়।[9] সপুষ্পক উদ্ভিদৰ পুং স্তৱক বিকাশৰ বিভিন্ন ভিন্নতাবোৰত, ৰূপান্তৰিত পাত (phyllomes), ৰূপান্তৰিত কাণ্ড (caulomes), আৰু ৰূপান্তৰিত ঠেঙুলিৰ (শাখাকাণ্ড) এটা ধাৰাবাহিক অনুক্ৰম পৰিলক্ষিত হয়।[10][11]
ফুল ধৰাএজোপা উদ্ভিদৰ জীৱন চক্ৰত ফুল ধৰাতো এটা বৃহৎ দশা। যি চোৱা সময় নিষেচন আৰু বীজ সৃষ্টিৰ বাবে অনুকূল হয় বা প্ৰজনন সফল হোৱাৰ সৰ্বাধিক সম্ভাৱনা থাকে, তেতিয়াহে উদ্ভিদ জোপাত ফুল ফুলে। ইয়াৰ বাবে উদ্ভিদ জোপাই কিছুমান গুৰুত্বপূৰ্ণ অভ্যন্তৰীণ আৰু পাৰিপাৰ্শ্বিক সংকেত যেনে, উদ্ভিদ হৰমনৰ স্তৰৰ পৰিবৰ্তন আৰু ঋতুকালীন উষ্ণতা আৰু দীপ্তিকালৰ পৰিবৰ্তন আদি, বুজিবলৈ সক্ষম হোৱা প্ৰয়োজন।[12] বহুতো বাৰমহীয়া আৰু বেছিভাগ দ্বৈবাৰ্ষিক উদ্ভিদক ফুল ফুলাৰ বাবে শীত নিদ্ৰাৰ প্ৰয়োজন হয়। এই সংকেত সমূহৰ আনৱিক বিশ্লেষণ, জিনৰ লগত সমন্ধিত ফ্লৰিজেন নামৰ জটিল সংকেতৰ সৰবৰাহৰ যোগেদি হয়। প্ৰজননৰ অনুকূল পৰিৱেশত পাতত ফ্লৰিজেন উৎপাদন হয় আৰু মুকুলত ক্ৰিয়া কৰি বৰ্ধনশীল অগ্ৰভাগক বিভিন্ন শাৰীৰিক আৰু বাহ্যিক পৰিবৰ্তনৰ বাবে প্ৰেৰিত কৰে।[13] ফুল ধৰাৰ প্ৰথম স্তৰত উদ্ভিদৰ অংগজ কাণ্ড, পুষ্প কাণ্ডলৈ পৰিবৰ্তন হয়। পাত, মুকুল আৰু কাণ্ড কলাৰ জৈৱ ৰাসায়নিক পৰিবৰ্তন ঘটি প্ৰজনন অংগ সৃষ্টি কৰিব পৰা কলালৈ ৰূপান্তৰিত হয়। কাণ্ডৰ অগ্ৰাংশত কেন্দ্ৰীয় ভাগৰ বৰ্ধন বন্ধ হয় বা চেপেটা হৈ পৰে আৰু কাষটোৱে সামগ্ৰিক ভাবে টেমুনাৰ সৃষ্টি কৰে অথবা কাণ্ডটোৰ শেষাংশই কুণ্ডলিত আকৃতি ধাৰণ কৰে। এই টেমুনাবোৰেই বৃতি, পাহী, পুং কেশৰ, আৰু গৰ্ভ কেশৰলৈ বিকশিত হয়। যদিও ফুল ধৰাৰ আৰম্ভণিটো পাৰিপাৰ্শ্বিক সংকেতৰ ওপৰত নিৰ্ভৰ কৰে, বেছিভাগ উদ্ভিদতে, প্ৰক্ৰিয়াটো এবাৰ আৰম্ভ হলে ইয়াক আৰু বিপৰীতমুখী কৰিব নোৱাৰি।[14] প্ৰক্ৰিয়াটো এবাৰ আৰম্ভ হোৱাৰ পাচত, সংকেতটো আঁতৰাই দিলেও কাণ্ডৰ পৰা ফুলৰ বিকাশ হয়। অংগৰ বিকাশকিছুমান প্ৰজাতিত ফুলৰ অংগ পৰিচয় নিৰ্ধাৰণৰ আনৱিক নিয়ন্ত্ৰণ সুন্দৰকৈ বুজিব পাৰি। এটা সৰল আৰ্হি মতে, ফুলৰ ভাজক কলাৰ ভিতৰৰ প্ৰিমৰডিয়াত তিনিটা জিনৰ সমন্বয়ী কাৰ্যই বিকাশ সমন্ধীয় চিনাক্তকৰণ নিৰ্ধাৰণ কৰে। এই জিনৰ কাৰ্যবোৰক A, B আৰু C-জিন কাৰ্য বোলে। ফুলৰ প্ৰথম চক্ৰটোত কেৱল A-জিন থাকে, যি বেটুপাতৰ বিকাশ ঘটায়। দ্বিতীয় চক্ৰত A- আৰু B-জিন থাকে, ই পাহীৰ বিকাশ কৰে। তৃতীয় চক্ৰত, B আৰু C জিনৰ প্ৰভাৱত পুং কেশৰ আৰু মাজত C-জিনে গৰ্ভ কেশৰৰ বিকাশ কৰে। এই আৰ্হি আনুসৰি কোনো ফুলত, B-জিন কাৰ্য অভাৱ হলে, ফুলে প্ৰথম চক্ৰত স্বাভাবিকভাবেই বেটুপাতৰ বিকাশ ঘটায়, কিন্তু দ্বিতীয় চক্ৰতো পাহীৰ বিকাশ নকৰি বেটুপাতৰহে বিকাশ ঘটায়, তৃতীয় চক্ৰত Bৰ কাৰ্য কমি যায় কিন্তু Cৰ উপস্থিতিৰ বাবে তৃতীয় চক্ৰতে গৰ্ভ কেশৰৰ বিকাশ আৰম্ভ হৈ চতুৰ্থ চক্ৰলৈ আগবাঢ়ি যায়। ফুলৰ কাৰ্যপ্ৰজনন কৰাই হল ফুলৰ প্ৰধান কাৰ্য। সপুষ্পক উদ্ভিদবোৰ বিষম ৰেণুপ্ৰসূ, দুই ধৰণৰ ৰেণু উৎপাদন কৰে। পৰাগধানী বোৰত মিঅ'চিছ প্ৰক্ৰিয়াৰে পুংৰেণুৰ উৎপাদন হয় আনহাতে গৰ্ভাশয়ত থকা ডিম্বকত স্ত্ৰীৰেণুৰ উৎপাদন হয। প্ৰকৃততে, পৰাগধানী চাৰিটা পুংৰেণুধানীৰে গঠিত আৰু ডিম্বক হ'ল আৱৰণযুক্ত স্ত্ৰীৰেণুধানী। বেছিভাগ প্ৰজাতিৰ একেপাহ ফুলতে পুংকেশৰ আৰু গৰ্ভ কেশৰ দুয়োটা চক্ৰই থাকে। এনে ফুলক সম্পূৰ্ণ ফুল বা উভয় লিংগী ফুল বোলে আৰু প্ৰজাতিটোক হাৰ্মাফ্ৰ'ডিটিক বোলে। কিছুমান ফুলত মাত্ৰ এটাহে প্ৰজনন চক্ৰ থাকে, এনে ফুলক অসম্পূৰ্ণ ফুল বা এক লিংগী ফুল বোলে। যিবোৰ ফুলত কেৱল পুংকেশৰহে থাকে সেইবোৰক পুং পুষ্প বোলে আৰু যিবোৰ ফুলত কেৱল গৰ্ভ কেশৰ থাকে সেইবোৰক স্ত্ৰী পুষ্প বোলে। যদি কোনো এটা প্ৰজাতিৰ একেজোপা উদ্ভিদৰে বেলেগ বেলেগ স্থানত দুয়ো ধৰণৰ এক লিংগী ফুল পোৱা যায়, তেন্তে সেই উদ্ভিদজোপাক মন'এচিয়াছ আৰু যিবোৰ প্ৰজাতিৰ এজোপা উদ্ভিদত মাত্ৰ যিকোনো এক প্ৰৰকাৰৰহে এক লিংগী ফুল পোৱা যায়, সেইবোৰক ডায়েচিয়াছ বোলে। ফুলৰ বিশেষীকৰণ আৰু পৰাগ সংযোগফুলৰ বাহ্যিক গঠন আৰু উদ্ভিদৰ আচৰণৰ পৰা দেখা যায় যে, পৰাগ ৰেণুৰ সফল স্থানান্তৰণৰ ক্ষেত্ৰত সপুষ্পক উদ্ভিদবোৰ সদায়ে কিছুমান নিৰ্দিষ্ট চাপৰ সন্মুখীন হয। পৰাগ ৰেণুবোৰ কিছুমান বাহকৰ জৰিয়তে এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ স্থানান্তৰণ হয়। এই কাৰ্যৰ বাবে কিছুমান উদ্ভিদে অজৈৱিক বাহক, কিছুমানে জৈৱিক বাহক বা পৰাগ সংযোগকাৰী আৰু আন কিছুমানে বহুপ্ৰকাৰৰ সুনিৰ্দিষ্ট বাহক ব্যৱহাৰ কৰে। আনহাতে কিছুমানক কোনো বাহকৰ প্ৰয়োজন নাই।
পৰাগ সংযোগকাৰীৰ আকৰ্ষণৰ প্ৰণালীযিবোৰ ফুলে পৰাগনৰ বাবে জৈৱিক বাহক ব্যৱহাৰ কৰে, সিহঁতৰ পৰাগ সংযোগকাৰী বোৰক আকৰ্ষণৰ বাবে মধু গ্ৰন্থি থাকে। ফুলে গন্ধ আৰু ৰঙৰ দ্বাৰাও পৰাগ সংযোগকাৰীক আকৰ্ষণ কৰে। আনহাতে অন্য কিছুমানে ইয়াৰ বাবে অনুকৃতিৰ আশ্ৰয় লয়। উদাহৰণ স্বৰূপে, কিছুমান অৰ্কিডৰ ফুলবোৰ ৰং, গন্ধ আৰু আকৃতিত মাইকী মৌ সদৃশ হয়। অতি সহজে পৰাগ ৰেণু পৰাগ সংযোগকাৰীৰ দেহত লাগি অন্য ফুললৈ স্থানান্তৰণ হ’ব পৰাকৈ ফুলৰ গঠন বিশেষভাবে সুসজ্জিত হয়। যিবোৰ উদ্ভিদে বতাহৰ দ্বাৰা পৰাগ স্থানান্তৰণ কৰে সিহঁতৰ ফুলবোৰ দেখনিয়াৰ হোৱাৰ প্ৰয়োজন নাই। পুং আৰু স্ত্ৰী জনন অংগ পৃথক ফুলত থাকে, পুং পুষ্পত থকা পুংকেশৰ বোৰ দীঘল সূত্ৰযুক্ত হয়, আৰু স্ত্ৰী পুষ্পৰ গৰ্ভকেশৰ বোৰ পাখী সদৃশ হয়। পৰাগ ৰেণুবোৰ অতি পাতল হয়। গৰ্ভধাৰণ আৰু প্ৰসাৰপুংকেশৰ আৰু গৰ্ভ কেশৰ দুয়োটা চক্ৰ থকা ফুলবোৰে স্বপৰাগন কৰিব পাৰে, যাৰ ফলত বীজ উৎপাদনৰ সম্ভাৱনা বাঢ়ে যদিও বংশগত ভিন্নতা সীমাবদ্ধ হয়। উদ্ভিদৰ বহু প্ৰজাতিয়ে স্বপৰাগনত বাধা প্ৰদান কৰে। এনে উদ্ভিদৰ পুং পুষ্প আৰু স্ত্ৰী পুষ্পবোৰ একে সময়তে স়ষ্টি নহয় বা একে সময়তে পুৰঠ নহয়। কিছুমান উদ্ভিদৰ ৰেণুবোৰ স্ব নপুংসক হয়; ৰেণুবোৰে একেজোপা উদ্ভিদৰে ডিম্বকক নিষেচন কৰিবলৈ অক্ষম হয়। প্ৰতীকপশ্চিমীয়া সংস্কৃতিত বহুটো ফুল প্ৰতীক হিচাপে গণ্য কৰা হয়।[15] ফুলৰ জৰিয়তে অৰ্থ প্ৰকাশৰ এই কাৰ্যক ফ্লৰিঅ'গ্ৰাফী বোলে। তাৰে কিছুমান সাধাৰণ উদাহৰণ হ'ল:
"ফুলন ক্ষমতা"কে ধৰি বিভিন্ন সম্ভাব্য অৰ্থেৰে সপোনৰ ফলাফল নিৰ্ণয়তো ফুলৰ গুৰুত্ব পৰিলক্ষিত হয়।[17]
ব্যৱহাৰআধুনিক কালত মানুহে ফুলৰ কৃষি, বিক্ৰী, আদি কাৰ্যতো মনোনিৱেশ কৰিছে। ফুলৰ সৌন্দৰ্য আৰু গন্ধৰ বাবে ফুলৰ চাহিদাও ক্ৰমান্নয়ে বৃদ্ধি পাইছে। সমগ্ৰ পৃথিৱীতে, প্ৰতিজন ব্যক্তিয়েই জীৱনৰ বিভিন্ন সময়ত বিভিন্ন কামত ফুল ব্যৱহাৰ কৰে:
সেইবাবে মানুহ তেওঁলোকৰ ঘৰৰ চাৰিওফালে ফুল ৰুৱে, ফুলৰ বাগিচা পাতে, বনৰীয়া ফুল চিঙে, বা ব্যৱসায়িক ভাবে ফুলৰ খেতি কৰা বা ফুল বিক্ৰী কৰা দোকানীৰ পৰা ফুল কিনে। উদ্ভিদৰ অন্য অংশ যেনে, বীজ, ফল, মূল, কাণ্ড আৰু পাতৰ তুলনাত ফুলৰ পৰা যদিও নিচেই কম পৰিমাণৰ খাদ্য পোৱা যায় তথাপি, ফুলৰ পৰা বহুতো দৰকাৰী খাদ্য আৰু মছলা পোৱা যায়। ব্ৰকলি, ফুলকবি, আৰ্টিচক, তিতাফুল, শেৱালিফুল আদি খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। বহু মূল্যৱান চেফ্ৰণবোৰ ক্ৰকাছৰ শুকান পুংকেশৰৰ পৰা প্ৰস্তুত কৰা হয়। কুকুৰাৰ কুহুম সোণালী বৰণৰ হবৰ বাবে কুকুৰাক জৱাফুল খাবলৈ দিয়া হয়। শুকান জৱাফুল মছলা ৰঞ্জক হিচাপেও ব্যৱহাৰ কৰা হয়। ফুলৰ পৰা সুৰা প্ৰস্তুত কৰা হয়। মৌ-মাখিৰ পৰা আহৰণ কৰা ফুলৰ ৰেণু আৰু মৌৰস (মধু)ক উৎকৃষ্ট খাদ্য হিচাপে গণ্য কৰা হয়। বহুতো ফুল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় যদিও খুব কম সংখ্যকৰহে ব্যৱসায় কৰা হয়। ফুলবোৰ প্ৰায়েই ছালাদত ৰং আৰু সুগন্ধি হিচাপে মিহলোৱা হয়। ফুলৰ পৰা হাৰবেল টিও (এক প্ৰকাৰৰ চাহ) প্ৰস্তুত কৰা হয়। চন্দ্ৰমল্লিকা, গোলাপ, ৰজনীগন্ধা, কেমমিলৰ দৰে সুগন্ধি আৰু ঔষধি গুণ যুক্ত ফুলবোৰ চাহৰ লগত মিহলি কৰা হয়।
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia