নীলছ্ হেনৰিক্ আবেল
নীলছ্ হেনৰিক্ আবেল (5 আগষ্ট ১৮০২ – ৬ এপ্ৰিল ১৮২৯) এজন ন'ৰৱেৰ গণিতজ্ঞ আছিল। অতি দুখীয়া তথা মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লোৱা সত্তেও তেওঁ গণিতশাস্ত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। আবেল আছিল elliptic functionsৰ ক্ষেত্ৰ(ইংৰাজী:field)ত এজন ঊদ্ভাৱক(ইংৰাজী:innovator), Abelian functionsৰ আৱিস্কাৰক আৰু আধুনিক গণিতৰ কেইবাটাও শাখাৰ বিকাশত অগ্ৰদূত। বেছিভাগ কামেই তেওঁ কৰ্মজীৱনৰ ছয়-সাত বছৰত কৰা।[1] আবেলৰ বিষয়ে ফৰাছী গণিতজ্ঞ চাৰ্লছ হাৰমাইট্(ইংৰাজী:Charles Hermite)এ কৈছিল, "আবেলে গণিতজ্ঞ সকলৰ বাবে যিখিনি দি থৈ গৈছে সেইখিনি তেওঁলোকক পাঁচশ বছৰ ব্যস্ত কৰি ৰাখিবলৈ যথেষ্ট।"[1][2] আন এজন ফৰাছী গণিতজ্ঞ Adrien-Marie Legendreএ কৈছিল, "quelle tête celle du jeune Norvégien!" ("এজন যুৱ ন'ৰৱেইয়ানৰ কি যে মগজ্!").[3] গণিতজ্ঞ নীলছ্ হেনৰিক্ আবেলৰ সোঁৱৰণীত নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ NASL -এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে আবেল বঁটা (Abel Prize) নামৰ এক বঁটা গণিতৰ জগতখনলৈ অসামান্য বৰঙণি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia