নিৰ্মলা যোশী
প্ৰাৰম্ভিক জীৱন১৯৩৪ চনৰ ২৩ জুলাই তাৰিখে ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ ৰাঁচীত (বৰ্তমান ঝাৰখণ্ডৰ ৰাজধানী) কুসুম হিচাপে নিৰ্মলা যোশীৰ জন্ম হৈছিল।[3] তেওঁ দহটা শিশুৰ ভিতৰত জ্যেষ্ঠ সন্তান হিচাপে ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।[4][5][6] তেওঁৰ পিতৃ-মাতৃ নেপালৰ আছিল আৰু তেওঁৰ দেউতাক ১৯৪৭ চনত দেশৰ স্বাধীনতালৈকে ব্ৰিটিছ ভাৰতীয় সেনাৰ বিষয়া আছিল।[6] যদিও নিৰ্মলাৰ পৰিয়াল হিন্দু ধৰ্মালম্বী আছিল, তেওঁ ভাৰতৰ হাজাৰীবাগৰ কাৰ্মেল মাউণ্টত খ্ৰীষ্টান মিছনাৰীসকলৰ দ্বাৰা শিক্ষা লাভ কৰিছিল। সেই সময়ত তেওঁ মাদাৰ টেৰেছাৰ কামৰ বিষয়ে শুনিছিল আৰু সেই তেওঁৰ সৈতে মানৱসেৱাত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছিল। তেওঁ অতি কম সময়ৰ ভিতৰতে কেথলিক ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আৰু মাদাৰ টেৰেছাৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা মিছনাৰীজ অফ চেৰিটি সংগঠনত যোগদান কৰিছিল।[7] যোশীয়ে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।[4][8] কৰ্মজীৱনমাদাৰ টেৰেছাৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা মিছনাৰীজ অফ চেৰিটি সংগঠনত যোগদান কৰাৰ পিছত তেওঁ পানামালৈ গৈছিল। ইয়াৰ লগৰ লগে তেওঁ বিদেশী অভিযানৰ নেতৃত্ববহন কৰা প্ৰতিষ্ঠানৰ প্ৰথম চিষ্টাৰসমূহৰ ভিতৰত এগৰাকী হিচাপে পৰিগণিত হৈছিল। ১৯৭৬ চনত যোশীয়ে মিছনাৰীজ অফ চেৰিটিৰ মননশীল শাখা আৰম্ভ কৰে আৰু ১৯৯৭ চনলৈকে ইয়াৰ মুৰব্বী পদত অধিষ্ঠিত থাকে। তাৰপিছত মাদাৰ টেৰেছাৰ মৃত্যুৰ পিছত তেওঁ প্ৰতিষ্ঠানৰ চুপিৰিয়ৰ জেনেৰেল হিচাপে নিৰ্বাচিত হৈছিল।[8] ভাৰত চৰকাৰে ৰাষ্ট্ৰলৈ তেওঁ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ২০০৯ চনত চিষ্টাৰ যোশীক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[9][10] চুপিৰিয়ৰ জেনেৰেল হিচাপে তেওঁৰ কাৰ্যকাল ২০০৯ চনৰ ২৫ মাৰ্চ তাৰিখে সমাপ্ত হৈছিল। তেওঁৰ পিছত জাৰ্মানীত জন্ম গ্ৰহণ কৰা চিষ্টাৰ মেৰী প্ৰেমা পিয়েৰীকে পৰৱৰ্তী চুপিৰিয়ৰ জেনেৰেল হিচাপে নিৰ্বাচিত হয়।[6] মৃত্যু২০১৫ চনৰ ২৫ জুন তাৰিখে কলকাতাত হৃদৰোগত আক্ৰান্ত হৈ চিষ্টাৰ নিৰ্মলাৰ মৃত্যু হৈছিল।[11] তেওঁৰ মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি দেশ বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে সংবাদ মাধ্যমত সমবেদনা জ্ঞাপন কৰিছিল।[12] বঁটা আৰু সন্মান
তথ্য উৎস
|