নামিবিয়া
নামিবিয়া (ইংৰাজী: Namibia)[5][6] দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। আটলাণ্টিক সাগৰৰ তীৰবৰ্তী নামিবিয়াৰ উত্তৰত আংগলা আৰু জাম্বিয়া পূৱত বৎচোৱানা দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা। ১৫ শতকত পৰ্তুগীজ সকলে নামিবিয়াত প্ৰৱেশ কৰে। ১৮৮৪ চনত দেশখন জাৰ্মানসকৰ অধীনলৈ গুচি যায়। প্ৰথম বিশ্বযুদ্ধৰ সময়ত দক্ষিণ-পশ্চিম আফ্ৰিকাৰ জাৰ্মান উপনিবেশ দক্ষিণ আফ্ৰিকা কৰ্তৃক অধিকৃত হয়। ১৯৬০ চনত দক্ষিণ-পশ্চিম আফ্ৰিকাৰ নাম পৰিৱৰ্তন কৰি নামিবিয়া নামকৰণ কৰা হয়। দেশখনৰ মাৰ্ক্সবাদী সংগঠন সোৱাপোৰ নেতৃত্বত স্বাধীনতাৰ বাবে গেৰিলা যুদ্ধ আৰম্ভ হয়। পিছলৈ ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰক্ৰিয়াৰ মাধ্যমেৰে ১৯৯০ চনৰ ২১ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ পৰা স্বাধীনতা লাভ কৰে নামিবিয়া। প্ৰশাসনিক অঞ্চলসমূহউইণ্ডহোক:-প্ৰশাসনিক কাৰ্য্যালয় আৰু ৰাজধানী। ভূগোলদক্ষিণ আফ্ৰিকাৰ দেশ নামিবিয়া। দেশখনৰ পশ্চিমত আটলাণ্টিক মহাসাগৰ, উত্তৰত জাম্বিয়া আৰু আংগলা, পূৱত বৎচোৱানা আৰু দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা। জনসংখ্যাদেশখনৰ জনসংখ্যা ২৪ লাখ। জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশ। উল্লেখযোগ্য জনগোষ্ঠী : ওভাম্বো (৪৯.৫%), কাভাঙ্গো (৯.২%), কলৰ্ড (৮%), হেৰেৰো (৭%), ডামাৰা (৭%), নামিবিয়ান শ্বেতাংগ (৭%)। তথ্যউৎস
বহিঃসংযোগ
|
Portal di Ensiklopedia Dunia