নাথুৰাম গডছে
নাথুৰাম বিনায়ক গডছে (ইংৰাজী: Nathuram Vinayak Godse; ১৯ মে', ১৯১০ – ১৫ নৱেম্বৰ, ১৯৪৯) আছিল ব্ৰিটিছ ভাৰতত গঢ়ি উঠা ভাৰতীয় জাতীয়তাবাদৰ প্ৰধান নেতা মহাত্মা গান্ধীৰ হত্যাকাৰী যিয়ে ৩০ জানুৱাৰীত নতুন দিল্লীত নিচেই ওচৰৰ পৰা গান্ধীৰ বুকুত তিনিটা গুলী নিক্ষেপ কৰি তেওঁক হত্যা কৰে। পুনে, মহাৰাষ্ট্ৰৰ এজন হিন্দু জাতীয়তাবাদী কৰ্মী গডছেয়ে মুছলমান সকলৰ প্ৰতি গান্ধীৰ অধিক সহমৰ্মিতা থকা বুলি অসন্তোষ প্ৰকাশ কৰি নাৰায়ণ আপ্তে আৰু ছয়জনৰ লগত লগ হৈ এই হত্যকাণ্ডৰ পৰিকল্পনা কৰে। প্ৰায় এবছৰ ধৰি চলা বিচাৰপ্ৰক্ৰিয়াৰ অন্তত ১৮ নৱেম্বৰ, ১৯৪৯ত গডছেক মৃত্যুদণ্ড দিয়া হয়। যদিও এই মৃত্যুদণ্ডই ওৰেটো জীৱন সকলো ধৰণৰ অহিংসাৰ হকে ওকালতি কৰা গান্ধীক অপমান কৰিব বুলি তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গান্ধীৰ দুই পুত্ৰই গডছেক ক্ষমাদানৰ প্ৰস্তাৱ দিছিল, এই প্ৰস্তাৱ গ্ৰাহ্য নহ'ল আৰু ইয়াৰ এসপ্তাহৰ পিছত গডছেক ফাঁচী দিয়া হয়। প্ৰাৰম্ভিক জীৱননাথুৰাম বিনায়ক গডছেৰ জন্ম হৈছিল পুনে জিলাৰ নেটিভিটি মিছন চেণ্টাৰত এটা চিৎপাৱন ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ পিতৃ বিনায়ক বামণৰাও গডছে আছিল ডাকঘৰৰ কৰ্মচাৰী আৰু তেওঁৰ মাতৃ আছিল লক্ষ্মী। জন্মৰ সময়ত তেওঁৰ নাম ৰখা হৈছিল ৰামচন্দ্ৰ। এটা দুৰ্ভাগ্যজনক ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ নাম নাথুৰাম ৰখা হয়। তেওঁৰ জন্মৰ আগতে তেওঁৰ পিতৃ মাতৃৰ তিনিজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল যদিও আটাইকেইজন পুত্ৰৰে শিশুকালতে মৃত্যু হয়। ঘৰৰ ল'ৰা সন্তানৰ ওপৰত কিবা শাওপাত লগা বুলি ভাবি ঘৰৰ মানুহে প্ৰথম কেইবছৰমান ৰামচন্দ্ৰক ছোৱালী হিচাপে লালন-পালন কৰে আৰু তেওঁৰ নাক বিন্ধাই নাকফুলি (মাৰাঠীত নাথ) পিন্ধাই দিয়া হয়। তেতিয়াৰে পৰা তেওঁৰ নাম নাথুৰাম (নাকফুলি পৰিহিত ৰাম) হয়। নাথুৰামৰ কনিষ্ঠ ভাতৃ এজনৰ জন্মৰ পিছত তেওঁক সকলোৱে ল'ৰাৰ দৰে ব্যৱহাৰ কৰিবলৈ লয়।[1] পঞ্চম শ্ৰেণীলৈকে গডছেয়ে বাৰামতিৰ স্থানীয় বিদ্যালয়তে পঢ়ে আৰু তাৰ পিছত ইংৰাজী মাধ্যমত পঢ়িবলৈ পুনেত থকা পেহীয়েকৰ ঘৰত থাকিবলৈ লয়। বিদ্যালয়ত পঢ়ি থকা সময়ছোৱা তেওঁ গান্ধীক যথেষ্ট সন্মান কৰিছিল।[2] ১৯৩০ চনত তেওঁৰ দেউতাক ৰত্নগিৰিলৈ বদলি হয়। ৰাজনৈতিক জীৱনহাইস্কুলৰ শিক্ষা আধাতে এৰি গডছেয়ে বিভিন্ন হিন্দু জাতীয়তাবাদী সংগঠন যেনে হিন্দু মহাসভা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ.এচ.এচ.) আদিৰ লগ লাগে, অৱশ্যে আৰ.এচ.এচ.এ তেওঁ ১৯৩০ৰ দশকৰ মাজতে দল এৰা বুলি দাবী কৰে।[3][4] তেওঁলোকে বিশেষকৈ অল ইণ্ডিয়া মুছলিম লীগৰ পৃখক ধৰণৰ ৰাজনীতিৰ বিৰোধিতা কৰিছিল। গডছেয়ে হিন্দু মহাসভাৰ কাৰণে অগ্ৰণী নামৰ মাৰাঠী বাতৰি কাকত এখন আৰম্ভ কৰে যাক কিছু বছৰ পিছত হিন্দু ৰাষ্ট্ৰ নাম দিয়া হয়। প্ৰথমাৱস্থাত হিন্দু মহাসভাই ব্ৰিটিছ চৰকাৰৰ বিৰূদ্ধে মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। কিন্তু যেতিয়া হিন্দু সকলৰ ইচ্ছাৰ বিৰূদ্ধে কেতবোৰ বিষয়ত গান্ধীয়ে আমৰণ অনশন কৰি ক্ৰমাগত বিৰোধিতা কৰিবলৈ ল'লে, গডছেয়ে গান্ধীৰ আদৰ্শ ত্যাগ কৰে। গডছেৰ মতে গান্ধীয়ে বিভিন্ন অন্যায় আৰু অৰাষ্ট্ৰীয় ভাৱে মুছলমান সকলৰ ইচ্ছাক অগ্ৰাধিকাৰ দিছিল। ভাৰতবৰ্ষৰ বিভাজনৰ সময়ত সৃষ্টি হোৱা ধাৰ্মিক অস্থিৰতাৰ ফলত হেজাৰ হেজাৰ মানুহে প্ৰাণ হেৰুৱাইছিল আৰু এই বিভাজনৰ বাবে গডছেয়ে গান্ধীকেই জগৰীয়া কৰিছিল। গডছে গান্ধীৰ সম্পূৰ্ণ অহিংস নীতিৰ ঘোৰ বিৰোধী আছিল। তেওঁ ভাবিছিল যে এই অহিংস আদৰ্শই অন্যান্য ধৰ্মসমূহক প্ৰতিহত কৰিবলৈ হিন্দুসকলৰ উদ্যম নাশ কৰি পেলাব আৰু হিন্দুত্বই আত্মৰক্ষাৰ শক্তি হেৰুৱাই এক স্থায়ী দাসত্ত্বৰ শিকলিৰে বান্ধ খাব। তেওঁ মহাত্মা গান্ধীক হত্যা কৰাৰ ই এক প্ৰধান কাৰণ বুলি কোৱা হয়। মোহনদাস গান্ধীৰ হত্যাকাণ্ড১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে সন্ধিয়াৰ প্ৰাৰ্থনাৰ সময়ত গডছে গান্ধীৰ ওচৰলৈ আগবাঢ়ে। যেতিয়া তেওঁ হাউলি প্ৰণাম কৰে, গান্ধীৰ সহায়কাৰী আভা চট্টোপধ্যায় নামৰ মহিলাগৰাকীয়ে তেওঁক কয়, "ভাই বাপুৰ পলম হৈছে" আৰু তেওঁক আঁতৰাই দিবলৈ চেষ্টা কৰে কিন্তু তেওঁ আভাক এটা ফালে ঠেলি গান্ধীৰ বুকুত বেৰেট এম ১৯৩৪ ছেমি অটোমেটিক পিষ্টলেৰ তিনিটাকৈ গুলী মাৰে। গান্ধীয়ে প্ৰায় তৎক্ষণাত মৃত্যুবৰণ কৰে গডছেয়ে নিজেই 'পুলিছ' বুলি চিঞৰি আত্মসমৰ্পণ কৰে। বিচাৰমহাত্মা গান্ধীৰ হত্যাৰ অভিযোগত পিটাৰহফ, ছিমলাত পঞ্জাব উচ্চ ন্যায়ালয়ৰ অধীনত গডছেৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। মৃত্যুদণ্ড১৯৪৯ চনৰ ৮ নৱেম্বৰত গডছেক ফাঁচীৰ আদেশ দিয়া হয়। এই মৃত্যুদণ্ডই গান্ধীৰ অহিংস আদৰ্শক অপমান কৰিব বুলি ভাবি গান্ধীজীৰ দুই পুত্ৰ আৰু জৱাহৰলাল নেহৰুই গডছেক ক্ষমাদান কৰাৰ মত আগবঢ়াই এই নিৰ্দেশৰ প্ৰবল বিৰোধিতা কৰিছিল। অৱশেষত ১৯৪৯ চনৰ ১৫ নৱেম্বৰত আম্বালা জেইলত সহযোগী নাৰায়ণ আপ্তেৰ সৈতে গডছেক ফাঁচীকাঠত ওলোমোৱা হয়।[5] প্ৰথমতে চৱৰকাৰকো গান্ধী হত্যাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় যদিও শেষত অপৰাধমুক্ত কৰি মুকলি কৰি দিয়া হয়। পশ্চাদপৰ্যায়গান্ধীজীৰ মৃত্যুত লাখ লাখ ভাৰতীয় শোকত ম্ৰিয়মাণ হৈ পৰে। এই হত্যাকাণ্ডৰ বাবে হিন্দু মহাসভা ভৰ্ৎ সনাৰ সন্মুখীন হয় আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ওপৰত অস্থায়ীভাৱে নিষেধাজ্ঞা আৰোপ কৰা হয়। যদিও অনুসন্ধানত আৰ.এছ.এছে. এই ঘটনাৰ পৰিকল্পনা কৰা বুলি বা এই ঘটনা আৰ.এছ.এছ.ৰ জ্ঞাতানুসাৰে হোৱা বুলি কোনো প্ৰমাণ পোৱা নাযায়।[উদ্ধৃতিৰ প্ৰয়োজন] সেয়েহে জৱাহৰলাল নেহৰু তথা বল্লভভাই পেটেলে ১৯৪৯ সেই নিষেধাজ্ঞা বাতিল কৰে। আৰ.এছ.এছে আজিলৈকে গডছেৰ লগত তেওঁলোকৰ সম্পৰ্ক থকা বুলি বা গডছে তেওঁলোকৰ সদস্য আছিল বুলি অস্বীকাৰ কৰি আহিছে।[4] এই হত্যাকাণ্ডৰ পিছত বহুতে ভাৰত চৰকাৰে গান্ধীৰ সুৰক্ষাৰ বাবে যথোপযুক্ত ব্যৱস্থা নোলোৱা বুলি অভিযোগ কৰে কাৰণ সেই সপ্তাহতে সেই একেই ষড়যন্ত্ৰকাৰীসকলে গান্ধীলৈ লক্ষ্য কৰি বোমা বিষ্ফোৰণৰ পৰিকল্পনা কৰিছিল। কলাত্মক অভিযোজন২০০০ চনত নিৰ্মিত 'হে ৰাম' নামৰ ছবিখনত হত্যাকাণ্ডৰ লগত জড়িত বিভিন্ন ঘটনাৰ পৰশ আছে। মাৰাঠী ভাষাত 'মি নাথুৰাম গডছে বোলতোয়' (মাৰাঠী: मी नथुराम गोडसे बोलतोय, "মই নাথুৰাম গডছেয়ে কৈছো") নামৰ নাটক এখন নিৰ্মাণ কৰা হৈছিল যদিও গডছেৰ দৃষ্টিকোণৰ পৰাহে।[6] নাথুৰামৰ জীৱনৰ ওপৰত ৰচিত তিনিখন গ্ৰন্থৰ ওপৰত ভাৰত চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিছে।
হৰ্ষ্ট বাচ্চোলজে ১৯৬৩ত নিৰ্মিত নাইন আৱৰ্চ টু ৰামা নামৰ ছবিখনিত গডছেৰ ভূমিকা লয়। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia