নয়নতৰা

নয়নতৰা
Catharanthus roseus
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Gentianales
পৰিয়াল: Apocynaceae
গণ: Catharanthus
প্ৰজাতি: C. roseus
বৈজ্ঞানিক নাম
Catharanthus roseus
(L.) G.Don
সমাৰ্থক

Vinca rosea

নয়নতৰা অসমত পোৱা এক সাধাৰণ ফুল গছ। ইয়াৰ গুলপীয়া বা বগা পাঁচ পাহিৰ ফুল বোৰৰ বাবে পৰিচিত। বৈজ্ঞানিক নাম Catharanthus roseus, ই Apocynaceae (dogbane, অথবা oleander পৰিয়াল ) পৰিয়ালৰ অন্তৰ্ভুক্ত। নয়নতৰা বিভিন্ন স্থানত বিভিন্ন নামেৰে পৰিচিত, যেনে Cape periwinkle, Madagascar periwinkle, periwinkle, sadabahar, sadaphuli, sadasuhagi, sadsuhagan ইত্যাদি। ইয়াৰ আদি বাসস্থান মাদাগাস্কাৰ।

বৰ্ণনা

নয়নতৰাৰ বীজ

নয়নতৰাৰ আদি নিৱাস মাদাগাস্কাৰভাৰত, বাংলাদেশ, পাকিস্তান আৰু আফ্ৰিকা মহাদেশসহ আৰু বহু দেশত ইয়াক দেখা যায়। ই গুল্মজাতীয় উদ্ভিদ। বৰ্ষজীৱী। কেতিয়াবা অনেক বছৰ জিয়াই থকা দেখা যায়। ২/৩ ফুটৰ বেছি ডাঙৰ দেখা নাযায়। পাত বিপৰীত, মসৃণ, আৰু ডিম্বাকৃতি।[1] পাঁচ পাহি বিশিষ্ট ফুল। গুলপীয়া, পাতল গুলপীয়া আৰু বগা ৰঙৰ। ফুলৰ গোন্ধ নাই। বীজৰ দ্বাৰা বংশ বৃদ্ধি হয়।

পাতল গুলপীয়া নয়নতৰা

নয়নতৰা ৬০-৮০ চেঃমিঃ ওখ হয়। গাছত প্ৰায় গোটেই বছৰেই ফুল ফুলে। ফুলবোৰ ৩-৩.৫ চেঃমিঃ বহল, ৫ পাপৰীৰ মাজত এটি গাঢ় ৰঙৰ ফোঁট থাকে। ইহঁতৰ বীজ চহ কৰা হয়। ইয়াক ফুল বাগিচা আৰু ঘৰৰ চাদত বা পিৰালীত লাগোৱা যায়।

ৰাসায়নিক উপাদান

নয়নতৰাৰ পাত, ফুল আৰু ডালত বহু মূল্যবান ৰাসায়নিক উপাদান পোৱা যায়। ৭০ টাতকৈ বেছি উপক্ষাৰ ইয়াৰ পৰা আহৰণ কৰা হয়। ভিনক্ৰিষ্টিন আৰু ভিনব্লাষ্টিন নামৰ উপক্ষাৰ দুটা তেজৰ কৰ্কট ৰোগত ব্যৱহাৰ কৰা হয়। ডেলটা-ইহোহিম্বিন নামৰ এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থও ইয়াৰ পৰা পোৱা যায়।

ব্যৱহাৰ

পূজা পাৰ্বনত নয়নতৰাৰ ফুল ব্যৱহাৰ কৰা হয়। আলংকাৰিক গছ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।

কৃমি ৰোগত, মেধাবৃদ্ধিত, লিউকেমিয়া, মধুমেহ, ৰক্ত প্ৰদৰত,ৰক্তচাপ বৃদ্ধিত, সন্ধিবাতৰ লগতে নানা ৰোগত ইয়াৰ ব্যৱহাৰ হয়। কীট দংশনত দ্ৰুত উপশমত নয়নতৰাৰ ফুল বা পাতৰ ৰস ব্যৱহাৰ কৰা যায়।

চিত্ৰমালা

তথ্য উৎস

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia