ধুমুহা (চলচ্চিত্ৰ)
ধুমুহা (ইংৰাজী: Dhumuha) ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছবি। শোণিতপুৰ পিকচাৰ্চৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল হৃদয়ানন্দ আগৰৱালাই।[1][2] কাহিনীকাহিনীৰ আৰম্ভণি ১৯৪২ চনৰ জুন মাহ। চৌপাশে ২য় বিশ্বযুদ্ভৰ দাৱানল। প্ৰবল বেগে জাপানী সেনাবাহিনী আগবাঢ়ি আহিছে ব্ৰহ্মদেশ অভিমুখে। সেইদেশত বাস কৰি থকা হাজাৰ হাজাৰ ভাৰতীয় ভগনীয়াৰ বেশে অসম অভিমুখে পলায়ন কৰে। সেই ভগনীয়াৰ মাজতে আছিল অসমীয়া ব্যৱসায়ী বিশ্বেশ্বৰ চৌধুৰী।[1] চৌধুৰী পৰিয়ালৰ পাঁচজন সদস্য- পত্নী আৰু তিনিটা সন্তান- বাৰবছৰীয়া প্ৰদীপ,পাঁচবছৰীয়া নীনা আৰু দেৰবছৰীয়া পোনা। লগত আছে বিশ্বাসী লগুৱা মঙ্গলা। দিনৰ পিচত দিন দুৰ্গম পথেৰে যাত্ৰা। ভৰিত নগা ঘাঁ হোৱা মঙ্গলা আৰু তাৰ কোঁচত দেৰ বছৰীয়া পোনা পিছ পৰি যায় আৰু চৌধুৰী পৰিয়ালৰ বাকীসকলক বিচাৰি নাপায়। ভোকে-লঘোনে কাতৰ পোনাৰ বাবে এমুঠি আহাৰ, অলপ গাখীৰ বিচাৰি মঙ্গলাই হাবাথুৰি খায়। সেইবাটেৰে আহি আছিল ব্ৰহ্মদেশৰ তেলখাদত কাম কৰা ভৰত আৰু তেওঁৰ পত্নী পদুমী। নিসন্তান পদুমীয়ে কেঁচুৱাটো বুকুত সাৱতি লয়। মঙ্গলাই তেওঁলোকক কেঁচুৱাটোৰ প্ৰকৃত পৰিচয় নজনায়। ভৰত-পদুমীয়ে কেঁচুৱাটো নিজৰ ঘৰলৈ গৈ যায় আৰু মাণিক নাম দিয়ে।[2] মাণিক দহবছৰীয়া হ'ল। ইয়ালে ভৰতৰ অৱস্থা দিনক দিনে পৰি আহিল। বিভিন্ন ৰোগ-ব্যাধিয়ে তেওঁক জৰাজীৰ্ণ কৰিলে। দৈৱৰ বিপাকত মাণিক গৈ বিশ্বেশ্বৰ চৌধুৰীৰ ঘৰত চাকৰ খাটিবলগীয়া হ'ল। ইফালে পোনাক বিচাৰি বিশ্বেশ্বৰ শইকীয়াই এটা বিজ্ঞাপন দিছিল। ঘটনাক্ৰমে চাগু বান্ধি অনা কাগজত পদুমীয়ে বিজ্ঞাপনটো দেখি বাউলি হৈ পৰিল। চৌধুৰীৰ ঘৰৰ পৰা মাণিকক লৈ আহিবলৈ চৌধুৰীহঁতে বাস কৰা চহৰখনলৈ পদুমীয়ে যাত্ৰা কৰিলে। ইফালে মাণিকেও সেইদিনা মাকলৈ মনত পৰাত গাঁৱৰ ঘৰলৈ গুছি আহিছে। সেইদিনাই ৰাতি প্ৰচণ্ড ধুমুহা আহিল। ধুমুহাত ঘূণেধৰা পজাঘৰটো বেমাৰী ভৰতৰ গাত ভাঙি পৰাত তেওঁৰ মৃত্যু হ'ল।[2] চহৰৰে এঘৰত ৰাতিটো কটাই পদুমী চৌধুৰীহঁতৰ ঘৰলৈ গ'ল। পদুমীক দেখিয়ে মঙ্গলাই চিনি পালে আৰু কেঁচুৱাটো কি কৰিলে সুধিলে। পদুমীৰ মুখৰ পৰা সকলোৱে জানিব পাৰিলে যে পোনা বা মাণিক যিখন ঘৰৰ কনিষ্ঠ সন্তান, সেইখন ঘৰতে সি চাকৰি খাটিছেহি![2] কলা-কুশলী
অভিনয় শিল্পী
সঙ্গীতধুমুহাৰ সঙ্গীত পৰিচালক আৰু গীতিকাৰ আছিল ভূপেন হাজৰিকা। গাইছিল ভূপেন হাজৰিকা, গায়ত্ৰী দেৱী আৰু মণ্টু ঘোষে।[3]
তথ্য উৎস
|