দৰ্শনা জাভেৰী
প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণমুম্বাইৰ এটা গুজৰাটী পৰিয়ালত দৰ্শনা জাভেৰীৰ জন্ম হৈছিল। ডাঙৰ-দীঘলো হৈছিল মুম্বাইতে। ছয় বছৰ বয়সত ডাঙৰ ভনীয়েক নয়না আৰু ৰঞ্জনাই গুৰু বিপিন সিঙৰ পৰা নিজৰ ঘৰতে মণিপুৰী নৃত্য শিকি থকা দেখিছিল। কম দিনৰ ভিতৰতে তেৱোঁ ভনীয়েক সুৱেৰ্ণাৰ সৈতে একেজন গুৰুৰ পৰা নৃত্য শিকিবলৈ আৰম্ভ কৰে।[1][7] পিছলৈ তেওঁ সূত্ৰধাৰী ক্ষেত্ৰীতোম্বী দেৱীৰ পৰা পৰম্পৰাগত ৰাসলীলা নৃত্য, গুৰু মেইটেই টম্বা সিঙৰ পৰা নাট পুং আৰু কুমাৰ মাইবিৰ পৰা পৰম্পৰাগত মাইবি জাগৈ নৃত্য শিকিছিল। কৰ্মজীৱন১৯৫০ চনৰ ভিতৰত জাভেৰী ভগ্নী – – নয়না, ৰঞ্জনা, সুৱেৰ্ণা, আৰু দৰ্শনাই – – সমগ্ৰ ভাৰত আৰু বিদেশত একেলগে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে আছিল প্ৰথম অমণিপুৰী শিল্পী, যিয়ে ইম্ফলৰ ৰাজপ্ৰাসাদৰ ভিতৰৰ গোবিন্দজী মন্দিৰত নৃত্য প্ৰদৰ্শন কৰিছিল। জাভেৰী ভগ্নীসকলে ১৯৭২ চনত তেওঁলোকৰ গুৰু আৰু কলাৱতী দেৱীৰ সৈতে মুম্বাই, কলকাতা আৰু ইম্ফলত মণিপুৰী নৰ্তনালয় প্ৰতিষ্ঠা কৰে।[1][8] দিন যোৱাৰ লগেলগে তেওঁলোকৰ নাম মণিপুৰী নৃত্যৰ সমাৰ্থক হৈ পৰে।[9] দৰ্শনাই নৃত্যৰ বিষয়ে কেইবাখনো কিতাপ আৰু প্ৰবন্ধ প্ৰকাশ কৰিছে আৰু নিজেই গুৰুৰ দায়িত্ব লোৱাৰ পূৰ্বে তেওঁৰ গুৰুক প্ৰশিক্ষণ. গৱেষণাৰ লগতে নৃত্য ৰচনাতো সহায় কৰি আহিছে।[10] বিখ্যাত নৃত্য সমালোচক সুনীল কোঠাৰীয়ে ২০০৮ চনত এটা প্ৰবন্ধত কোৱা মতে, তেওঁলোক “মণিপুৰী নৃত্যৰ মন্দিৰ পৰম্পৰাক চহৰলৈ লৈ আহিছিল।” প্ৰবন্ধটোত এইটোও উল্লেখ কৰা হৈছে যে দুই দশকৰ পূৰ্বে নয়নাৰ মৃত্যু হৈছিল আৰু সুৱেৰাৰ অসুস্থতাৰ বাবে ৰঞ্জনা আৰু দৰ্শনাইহে শিকোৱাৰ উপৰিও নৃত্য দলৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰি আছে।[11][12] বঁটা১৯৯৬: সংগীত নাটক একাডেমী বঁটা, মণিপুৰী নৃত্যত।
টোকা
প্ৰসংগ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia