দেবেন্দ্ৰনাথ ঠাকুৰ
দেৱেন্দ্ৰনাথ ঠাকুৰ ইংৰাজী: Debendra nath Tagore(জন্ম ১৫ মে,১৮১৭ – মৃত্যু ১৯ জানুৱাৰী,১৯০৫) এজন ভাৰতীয় দাৰ্শনিক আৰু ধৰ্মীয় সমাজ সংস্কাৰক আছিল। ব্ৰাহ্ম সমাজৰ লগত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। পূৰ্বতে ব্ৰাহ্ম সমাজক ব্ৰাহ্ম সভা বুলি কোৱা হৈছিল। ("ব্ৰহ্মাৰ সমাজ", যাক চ'চাইটি অফ গড বুলিও অনুবাদ কৰা হৈছিল)। তেওঁ ১৮৪২ চনত দেৱেন্দ্ৰনাথ ঠাকুৰে ব্ৰাহ্ম সমাজত যোগদান কৰিছিল আৰু ১৮৪৮ তেওঁ চনত ব্ৰাহ্ম ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। বঙ্গৰ শিয়ালদহত জন্মগ্ৰহণ কৰা দেবেন্দ্ৰনাথ ঠাকুৰৰ দেউতাক দ্বাৰকানাথ ঠাকুৰ আছিল বংগৰ এজন বিখ্যাত উদ্যোগপতি। দেবেন্দ্ৰনাথ ঠাকুৰ দ্বাৰকানাথ ঠাকুৰৰ বৰপুত্ৰ আছিল।[2]দেবেন্দ্ৰনাথ ঠাকুৰৰ ১৪টা সন্তান আছিল, যাৰ ভিতৰত নবেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম উল্লেখ কৰিব পাৰি।[3][4] ঠাকুৰ বাৰী(ঠাকুৰৰ ঘৰ)দেবেন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল বিখ্যাত উদ্যোগপতি দ্বাৰকানাথ ঠাকুৰৰ ঘৰত। তেওঁৰ বিলাসী ব্যয়বহুল জীৱনশৈলীৰ বাবে 'ৰাজকুমাৰ' বুলি জনাজাত আছিল। উত্তৰ-পশ্চিম কলকাতাৰ জোৰাসাকোৰ ঠাকুৰ বাৰীৰ এই ঠাকুৰ পৰিয়ালৰ তিনিশ বছৰতকৈও অধিক ইতিহাস আছে। ঠাকুৰ পৰিয়ালটো কলিকতাৰ অন্যতম আগশাৰীৰ পৰিয়াল আছিল আৰু বংগৰ নৱজাগৰণৰ সময়ত এই পৰিয়ালৰ লোকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই পৰিয়ালটোতে ব্যৱসায়, সামাজিক আৰু ধৰ্মীয় সংস্কাৰ, সাহিত্য, কলা আৰু সংগীতৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই যোৱা বহুকেইজন লোকৰ জন্ম হৈছিল। দেৱেন্দ্ৰনাথ ঠাকুৰৰ দুজন ভ্ৰাতৃৰ নাম আছিল গিৰিন্দ্ৰনাথ ঠাকুৰ (জন্ম ১৮২০) আৰু নগেন্দ্ৰনাথ ঠাকুৰ (জন্ম ১৮২৯)।[5][6] শিক্ষা আৰু কৰ্মজীৱনদেৱেন্দ্ৰনাথ ঠাকুৰে ১৮২০ চনৰ পৰা ১৮২৭ চনলৈ ঘৰতে অধ্যয়ন কৰিছিল। ১৮২৯ চনত তেওঁক ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা এংলো হিন্দু মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। কিছু বছৰ তাত অধ্যয়ন কৰাৰ পিছত তেওঁ দেউতাকৰ সম্পত্তি আৰু ব্যৱসায় চম্ভালিবলৈ লয়, লগতে দৰ্শন আৰু ধৰ্মৰ বিষয়েও অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। ১৮৩৮ চনত যেতিয়া তেওঁৰ ককাকৰ মৃত্যু হয়, তেতিয়া তেওঁৰ মানসিক পৰিৱৰ্তন হয়। তেওঁ ধৰ্মৰ প্ৰতি বেছি আগ্ৰহী হৈ পৰে আৰু মহাভাৰত, উপনিষদ আৰু প্ৰাচ্য-পাশ্চাত্য দৰ্শনকে ধৰি বিভিন্ন বিষয় অধ্যয়ন আৰম্ভ কৰিবলৈ ধৰে। ইয়াৰ ফলস্বৰূপে তেওঁ আধ্যাত্মিকতাবাদী হৈ পৰে। ১৮৩৯ চনত তেওঁ 'তত্ত্বৰঞ্জনী সভা'স্থাপন কৰে। পিছলৈ এই 'তত্ত্বৰঞ্জনী সভা'কে তত্ত্ববোধিনী সভা ৰূপে নামকৰণ কৰা হয়। এই সময়ত তেওঁ কথা উপনিষদৰ (১৮৪০) এটা বঙালী অনুবাদ প্ৰকাশ কৰে। ১৮৪২ চনত দেবেন্দ্ৰনাথে তত্ত্ববোধিনী সভা আৰু ব্ৰহ্ম সমাজৰ দায়িত্ব গ্ৰহণ কৰে। পৰৱৰ্তী বছৰত অক্ষয় কুমাৰ দত্তৰ সম্পাদনাত 'তত্ত্ববোধিনী সভা'ৰ আলোচনীখন নিজৰ খৰচেৰে প্ৰকাশিত কৰে। এই বাতৰি কাকতত দেৱেন্দ্ৰনাথৰ জলপানিৰে সৈতে উপনিষদৰ বঙালী অনুবাদ প্ৰকাশ কৰা হৈছিল। দেবেন্দ্ৰনাথৰ প্ৰচেষ্টাত বেদৰ বিষয়ে ৰাজহুৱা সভা আৰম্ভ কৰা হয়। ১৮৪৪ চনত দেবেন্দ্ৰনাথে ব্ৰহ্মোপাসনৰ প্ৰথম পদ্ধতি প্ৰৱৰ্তন কৰে আৰু পৰৱৰ্তী বছৰৰ পৰা ইয়াক ব্ৰাহ্ম সমাজত ব্যৱহাৰ কৰা হয়। শাস্ত্ৰৰ ওপৰত দীঘলীয়া অধ্যয়নৰ ফলস্বৰূপে তেওঁ উপলব্ধি কৰিছিল যে কেৱল উপনিষদৰ ওপৰত ব্ৰাহ্মণবাদৰ ভেটি স্থাপন কৰা সম্ভৱ নহয়। সেয়েহে ১৮৪৮ চনৰ পৰা তেওঁ লাহে লাহে তত্ত্ববোধিনী আলোচনীত ঋগবেদৰ অনুবাদ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে আৰু 'ব্ৰহ্ম ধৰ্ম' (১৮৬৯) নামেৰে গ্ৰন্থাকাৰে প্ৰকাশিত কৰা হৈছিল। ১৮৫০ চনত তেওঁৰ আন এখন গ্ৰন্থ 'আত্মতত্ত্ববিদ্যা' প্ৰকাশিত হয়। ১৮৫৩ চনত তেওঁ তত্ত্ববোধিনী সভাৰ সম্পাদক হিচাপে নিযুক্ত হয় আৰু ১৮৫৯ চনত ব্ৰহ্ম বিদ্যালয় প্ৰতিষ্ঠা কৰে। দেৱেন্দ্ৰনাথে পূজা পাতল আদি বন্ধ কৰি'মাঘ উৎসৱ', 'নববৰশা', 'দীক্ষা দিন' আদি উৎসৱৰ শুভাৰম্ভ কৰিছিল। ১৮৬৭ চনত তেওঁ বীৰভূমত ভূবনডঙ্গা নামৰে এক বৃহৎ মাটিৰ ভূখণ্ড ক্ৰয় কৰে আৰু এখন আশ্ৰম স্থাপন কৰে। এই আশ্ৰমখনেই আজিৰ বিখ্যাত শান্তিনিকেতন। তেওঁ হিন্দু দাতব্য প্ৰতিষ্ঠানৰ বেথুন চছাইটিৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। দেবেন্দ্ৰনাথ কিছু সময়ৰ বাবে ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত আছিল। যেতিয়া ১৮৫১ চনৰ ৩১ অক্টোবৰত ব্ৰিটিছ ইণ্ডিয়ান এছ'চিয়েচন প্ৰতিষ্ঠা কৰা হৈছিল, তেতিয়া তেওঁক ইয়াৰ সচিব হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ স্বায়ত্তশাসনৰ দাবীত ব্ৰিটিছ সংসদলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। দেৱেন্দ্ৰনাথ বিধৱা বিবাহক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল যদিও বাল্য বিবাহ আৰু বহু বিবাহৰ ক্ষেত্ৰত বিৰোধিতা কৰিছিল। শিক্ষাৰ ক্ষেততো তেওঁৰ বিশেষ অৱদান আছিল। ১৮৬৭ চনত ৰাধাকান্ত দেৱে তেওঁক 'ৰাষ্ট্ৰীয় ধৰ্মৰ ৰক্ষক' উপাধি প্ৰদান কৰে আৰু ব্ৰহ্ম সমাজে তেওঁক খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱৰ পৰা ভাৰতীয় যুৱক-যুৱতীসকলক সুৰক্ষিত কৰাৰ বাবে 'মহৰ্ষি' উপাধি প্ৰদান কৰে।[7] মৃত্যু১৯০৫ চনৰ ১৯ জানুৱাৰীত ৮৮ বছৰ বয়সত কলিকতাত দেবেন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হয়। গ্ৰন্থসমূহদেৱেন্দ্ৰনাথ ঠাকুৰে তেওঁৰ মাতৃভাষা বাঙালীত বহু গ্ৰন্থ লিখিছিল।
তথ্যৰ উৎস
|