দীপিকা চিখলিয়া
দীপিকা চিখলিয়া টোপীৱালা (ইংৰাজী: Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত[1] আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়। তেওঁৰ প্ৰথম চলচ্চিত্ৰ ৰাজ কাপুৰৰ সৈতে “সুন মেৰী লেলা” (১৯৮৩) আৰু ৰাজেশ খান্নাৰ সৈতে কৰা তিনিখন চলচ্চিত্ৰ ক্ৰমে- ৰুপায় দস কৰোৰ, ঘৰ কা চিৰাগ আৰু খুডাই ৰ বাবে তেওঁক জনা যায়।[2] তেওঁ মাম্মোট্টীৰ সৈতে মালয়ালম ছবি "ইথিলে ইনিয়ুম ভাৰু (১৯৮৬) -ত অভিনয় কৰিছিল, লগতে তেওঁৰ কন্নড় হিট চলচ্চিত্ৰ আছিল শংকৰ নাগৰ সৈতে হসা জীৱন (১৯৯০) আৰু অমবাসীশ ৰ সৈতে ইন্দ্ৰজিৎ (১৯৮৯)। তেওঁ প্ৰভুৰ সৈতে তামিল হিট ছবি “নংগল” (১৯৯২) আৰু বঙালী হিট ছবি আশা অ’ ভালোবাসাত প্ৰসেনজীত চেটাৰ্জীৰ সৈতে অভিনয় কৰিছিল। তেওঁ গুজৰাটী চুপাৰষ্টাৰ নৰেশ কানোদিয়াৰ সৈতে “জোড়ে ৰহেজো ৰাজ” আৰু “লাজু লখন”ৰ দৰে গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছিল। ব্যক্তিগত জীৱনচিখলিয়াই মুম্বাইৰ উপনগৰ পালী হিল অঞ্চলৰ বান্দ্ৰাত ডাঙৰ-দীঘল হৈছিল। তেওঁ Shingar Bindi আৰু Toes cosmetics -ৰ মালিক[3] হেমন্ত টোপীৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[4] তেওঁৰ সন্তান দুগৰাকীৰ নাম হৈছে- নিধি আৰু জুহি টোপীৱালা।[5] চলচ্চিত্ৰপঞ্জী
তথ্যসূত্ৰ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia