দীনা পাঠক
দীনা পাঠক (ইংৰাজী: Dina Pathak ; জন্ম: গান্ধী, ৪ মাৰ্চ ১৯২২ – ১১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী তথা গুজৰাটী থিয়েটাৰৰ এগৰাকী পৰিচালক আছিল। তেওঁ নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান উইমেনৰ (NFIW) কৰ্মী আৰু সভানেত্ৰীও আছিল।[3][4] হিন্দী আৰু গুজৰাটী ছবিৰ লগতে থিয়েটাৰৰ এগৰাকী শীৰ্ষস্থানীয় নমস্য ব্যক্তি দীনা পাঠকে ছয় দশকৰো অধিক সময়ৰ কৰ্মজীৱনত ১২০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। পাঠকে প্ৰযোজনা কৰা ভৱাই লোকনাট্য শৈলীৰ নাট মেইনা গুৰজাৰী বহু বছৰ ধৰি সফলতাৰে চলিছিল।[5][6] হিন্দী চলচ্চিত্ৰ গোলমাল আৰু খুবছুৰতত স্মৰণীয় চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ পৰিচিত লাভ কৰিছিল। ভাৰতৰ কলাত্মক চলচ্চিত্ৰৰ তেওঁ এক প্ৰিয় নাম আছিল, য'ত তেওঁ কোশিছ, উমৰাও জান, মিৰ্ছ মছলা আৰু মোহন যোশী হাজিৰ হোৰ দৰে ছবিত শক্তিশালী চৰিত্ৰত অভিনয় কৰিছিল।[7] তেওঁৰ উল্লেখযোগ্য গুজৰাটী ছবিসমূহ হ’ল- মতি বা, মালেলা জীৱ আৰু ভৱানী ভৱাই। আনহাতে তেওঁৰ সুপৰিচিত নাটকসমূহৰ ভিতৰত আছে দিংলেগাৰ, ড’লছ হাউচ, বিজন শেনী আৰু সত্যদেৱ ডুবে পৰিচালিত, গিৰীশ কাৰনাৰ্ড ৰচিত হায়াৱদনা। প্ৰাৰম্ভিক জীৱন১৯২২ চনৰ ৪ মাৰ্চত গুজৰাটৰ আমৰেলীত জন্মগ্ৰহণ কৰা দীনা পাঠকে ফেশ্বন আৰু ছবিৰ প্ৰতি আকৰ্ষিত হৈছিল। কিশোৰী অৱস্থাতে নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰিবলৈ লয় আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে।[5][8] বম্বে বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ এখনত পঢ়ি স্নাতক ডিগ্ৰী লয়। ৰসিকলাল পাৰেখে তেওঁক অভিনয়ৰ প্ৰশিক্ষণ দিয়াৰ বিপৰীতে শান্তি বৰ্ধনে তেওঁক নৃত্য শিকাইছিল।[8] কম বয়সতে ইণ্ডিয়ান নেচনেল থিয়েটাৰত অভিনেত্ৰী হিচাপে যোগদান কৰে। প্ৰাক-স্বাধীন সময়ছোৱাত গুজৰাটৰ লোকনাট্য ভৱাইৰ জৰিয়তে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ব্যপক সজাগতা সৃষ্টিৰ কৰিছিল, যাৰবাবে এগৰাকী সক্ৰিয় ছা্ত্ৰকৰ্মী হিচাপে পৰিচিতি লাভ কৰিছিল। এনেকৈয়ে তেওঁৰ বায়েক শান্তা গান্ধী আৰু ভনীয়েক তৰলা মেহতাৰ সৈতে ভাৰতীয় গণনাট্য সংঘৰ (IPTA)ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন হয়।[9] মুম্বাইত থকাৰ সময়ত কৈলাশ পাণ্ডিয়া আৰু দামিনী মেহতাৰ দৰে গুজৰাটী অভিনয় শিল্পীৰ সহযোগত গুজৰাটী থিয়েটাৰ পুনৰুজ্জীৱিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।[10] কৰ্মজীৱন১৯৪০ চনত গুজৰাটত তেওঁ নাটকেৰে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। ভৱাই শৈলীৰ তেওঁৰ জনপ্ৰিয় নাট মেইনা গুৰজাৰী , লগতে বায়েক শান্তা গান্ধীৰ জছমা ওধান চাবলৈ দৰ্শকে শাৰী পাতিছিল।[6] ১৯৫৭ চনত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত তেতিয়াৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ সন্মুখত মেইনা গুৰজাৰী নাটক পৰিবেশন কৰি এতিয়ালৈকে এই কৃতিত্ব অৰ্জন কৰা প্ৰথম আৰু একমাত্ৰ গুজৰাটী নাটক হিচাপে পৰিগণিত হয়।[11] যদিও তেওঁ গুজৰাটী ছবি কৰিয়াৱাৰৰ (১৯৪৮) জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল, তথাপিও মাত্ৰ এখন ছবিত অভিনয় কৰি তেওঁ পুনৰ থিয়েটাৰলৈ উভতি গৈছিল। ভাৰতীয় গণনাট্য সংঘ (ITPA) আৰু শান্তি বৰ্ধনৰ বেলে ট্ৰুপৰ নাটকত তেওঁ ভৰা প্ৰেক্ষাগৃহত তেওঁৰ অভিনয় চলি থাকিল।[12] পিছলৈ তেওঁ আহমেদাবাদত নাটমণ্ডল নামৰ নিজাকৈ নাট্যগোষ্ঠী গঠন কৰে।[13]আজিও তেওঁক গণনাট্য সংঘৰ এগৰাকী দৃঢ় অভিনেত্ৰী আৰু নাট্য কৰ্মী হিচাপে স্মৰণ কৰা হয়।[14] মনোনয়ন
বঁটা
টোকা
প্ৰসংগ
বাহ্যিক সংযোগ
|