ৰজা থকা স্থান নাইবা ৰজাই কেচ্লিঙৰ সময়ত অতিক্ৰম কৰিবলগীয়া হোৱা স্থানসমূহ প্ৰতিপক্ষৰ গুটিয়ে আক্ৰমণ কৰি থাকে।
চেক্
যদি এটা দলৰ গুটিয়ে প্ৰতিপক্ষৰ ৰজাক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে তাক চেক্। ৰজাক চেক্ দিয়া থাকিল কেৱল ৰজাক আক্ৰমণৰ বচোৱাৰ বাবেহে গুটিসমূহ সঞ্চালন কৰিব পাৰি। ইয়াৰ বাহিৰে কৰা আন সঞ্চালন অবৈধ হয়। যিটো দলৰ ৰজাক চেক্ দিয়া হৈছে সেই দলৰ প্ৰতিটো সঞ্চালনেই ৰজাক চেক্ৰ পৰা বচাব লাগিব। যদি কোনো সঞ্চালনেই ৰজাক চেক্ৰ পৰা বচাব নোৱাৰে তেতিয়া তাক চেক্মেট আৰু যিটো দলে চেক্মেট দিয়ে সেইটো দল জয়ী হয়।[2]
খেলৰ সমাপ্তি
দবা খেলৰ সমাপ্তি সাধাৰণতে দুই প্ৰকাৰে হয়। খেলখনৰ ফলাফলত কোনোবা এটা দল জয়ী হয় নাইবা খেলখন ড্ৰ হয়। ডবা খেল এখনৰ ফলাফলত কোনোবা এটা দল জয়ী হোৱা আৰু খেলখন ড্ৰ হোৱাৰ বহুতো নিয়ম আছে।[2]
কোনো এটা দলে চেক্মেট দিলে সেইটো দল জয়ী হয় আৰু তেতিয়াই খেলৰ সমাপ্তি ঘটে।
যদিহে এজন খেলুৱৈয়ে খেলৰ পদত্যাগ কৰে বা ৰিজাইন দিয়ে তেতিয়া ইজন খেলুৱৈ জয়ী হয়।
যদিহে খেলখনত দুয়োজন খেলুৱৈক সময় বান্ধি দিয়া হয় আৰু এজনৰ সময় শেষ হৈ যায় তেতিয়া ইজন জয়ী হয়।
যদিহে খেলখনত এটা দলৰ ওচৰত কোনো বৈধ সঞ্চালন বাকী নাথাকে আৰু চেক্ও হৈ থকা নাই তেতিয়া খেলখন ড্ৰ হয়।
যদিহে খেলখনত দলৰ গুটি সমূহ এনে এটা অৱস্থান পাই যাৰ পৰা চেক্মেট কৰা সম্ভৱ নহয় তেতিয়াও খেলখন ড্ৰ হয়।
যদিহে খেলখনত দুয়োজন খেলুৱৈয়ে ড্ৰ কৰাৰ সন্মতি দিয়ে তেতিয়াও খেলখন ড্ৰ হয়। ইয়াৰ বাবে খেলুৱৈ দুজনে অতিকমেও এটা গুটি সঞ্চালন কৰিব লাগিব।
a
b
c
d
e
f
g
h
8
8
7
7
6
6
5
5
4
4
3
3
2
2
1
1
a
b
c
d
e
f
g
h
এই অৱস্থানত বগা ৰোকে ক'লা ৰজাক চেক্ দিছে আৰু ক'লা ৰজাৰ কোনো এটা সঞ্চালনেই তাক চেক্ হোৱাৰ পৰা বচাব নোৱাৰে বা ক'লা ৰজাই কোনোটো বৰ্গলৈ যাব নোৱাৰে। সেয়ে ক'লা ৰজাক চেক্মেট দিয়া হৈছে আৰু বগাদলৰ খেলুৱৈজন খেলখনত জয়ী হ'ব।
a
b
c
d
e
f
g
h
8
8
7
7
6
6
5
5
4
4
3
3
2
2
1
1
a
b
c
d
e
f
g
h
এই অৱস্থানত ক'লা প'নটো প্ৰতিপক্ষৰ ফালে থকা ৰেংকটোত অৱস্থান কৰিব আৰু পদোন্নতি হৈ তাৰ ঠাইত ক'লা ৰাণী যোগ হ'ব। বগা ৰজাই এই প'নৰ পৰা ইমান দূৰৈত আছে যে ইয়াক মাৰিব নোৱাৰে গতিকে ক'লা দলৰ জয় নিশ্চিত। সেয়ে ইয়াত বগা খেলুৱৈজনে পদত্যাগ কৰিব বা ৰিজাইন দিব আৰু ক'লা দলৰ খেলুৱৈজন জয়ী হ'ব।
a
b
c
d
e
f
g
h
8
8
7
7
6
6
5
5
4
4
3
3
2
2
1
1
a
b
c
d
e
f
g
h
এই অৱস্থানত যদিহে ক'লা দলৰ গুটি সঞ্চালনৰ পাল থাকে তেতিয়া ক'লা ৰজাই কোনো এটা ঘৰলৈ যাব নোৱাৰে। ক'লা দলৰ আন গুটিও নাই গতিকে ক'লা দলৰ কোনো বৈধ সঞ্চালন নাই। ইফালে ক'লা ৰজাৰ চেক্ও হৈ থকা নাই গতিকে এই অৱস্থানত খেলখন ড্ৰ হ'ব।
a
b
c
d
e
f
g
h
8
8
7
7
6
6
5
5
4
4
3
3
2
2
1
1
a
b
c
d
e
f
g
h
এই অৱস্থানত কেৱল ক'লা ৰজা আৰু বগা ৰজা আছে। গতিকে এজনে আনজনক চেক্মেট দিয়া অসম্ভৱ। এই অৱস্থানত খেলখন ড্ৰ হ'ব।
দবাখেলৰ ঘড়ী
দবাখেলৰ ঘড়ী(Chessclock)ত দুটা সময় দেখুৱাই আৰু ইটোৱে আনটোৰ লগত এনে ভাৱে সংযুক্ত যে এটা চলিলে আনটো বন্ধ হৈ থাকে। খেলৰ সময়ত খেলুৱৈ এজনে গুটি সঞ্চালন কৰাৰ পিছত নিজৰ ফালৰ ঘড়ীটো বন্ধ কৰি দিয়ে আৰু স্বয়ংক্ৰিয়ভাৱে প্ৰতিপক্ষৰ ঘড়ীটো আৰম্ভ কৰি দিয়ে। খেলুৱৈজনে যিখন হাতেৰে গুটি সঞ্চালন কৰে সেইখনেৰেই ঘড়ীটো বন্ধ কৰিব লাগে। প্ৰতিজন খেলুৱৈকে নিৰ্দিষ্ট সময় দিয়া থাকে আৰু যিজন খেলুৱৈৰ সময় সোনকালে শেষ হয় তেওঁৰ পৰাজয় ঘটে।[2]
খেলুৱৈসকলে দবাখেলৰ ঘড়ীটো ভালদৰে ব্য়ৱহাৰ কৰিব লাগে বেছি বলপ্ৰয়োগ কৰি বুটাম টিপা, গুটি পৰিচালনাৰ আগতে টিপা আদি কৰিলে শাস্তিৰ সন্মুখীন হয়। যাৰফালৰ ঘড়ীৰ সময় চলি থাকে কেৱল সেই খেলুৱৈজনেহে নিজৰ গুটি স্থানান্তৰ কৰিব পাৰে। যদিও খেলুৱৈ এজনে গুটি সঞ্চালন কৰাৰ পিছত প্ৰতিপক্ষই লগালগ গুটি সঞ্চালন কৰে তথাপিও খেলুৱৈজনক নিজৰ ফালৰ ঘড়ীটো বন্ধ কৰিবলৈ দিয়া হয়।[2]
যিটো গুটি সঞ্চালন কৰিব লাগে বা কৰিলে তাৰ সংকেতিক চিহ্ন – যিটো ফাইললৈ যাব বা নিয়া হ'ল তাৰ নাম – যিটো ৰেংকলৈ যাব বা নিয়া হ'ল তাৰ নম্বৰ
(যিটো গুটি সঞ্চালন কৰিব লাগে বা কৰিলে তাৰ সংকেতিক চিহ্ন –যিটো বৰ্গলৈ যাব বা নিয়া হ'ল তাৰ সংকেতিক চিহ্ন)
গুটিবোৰৰ সংকেতিক চিহ্নসমূহ হ'ল; K (ৰজা), Q (ৰাণী), B (বিচ্প), R (ৰোক্), আৰু N (নাইট)। প'নৰ কোনো সংকেতিক চিহ্ন নাই। Qg5 মানে ৰাণীক g ফাইলৰ ৫ নম্বৰ ৰেংকলৈ লৈ যোৱা। এলজেব্ৰিক ন'টেচনত আৰু সংকেতিক চিহ্ন যোগ কৰা হয় যাতে দুটা একে চিহ্ন গুটি পৃথকে বুজাব পাৰি। Ngf3 মানে g ফাইলৰ নাইটটো f ফাইলৰ ৩ নম্বৰ ৰেংকলৈ লৈ যোৱা[2]
গ্ৰেণ্ড মাষ্টৰ: দবাখেলৰ শীৰ্ষতম খিতাপটো হৈছে গ্ৰেণ্ড মাষ্টৰ খিতাপ। ফিদেএ গ্ৰেণ্ড মাষ্টৰ খিতাপ দিয়াৰ আগতে খেলুৱৈজনৰ ইএল' ৰেটিং জীৱনকালত ২৫০০ তকৈ বেছি এবাৰ হ'লেও হ'ব লাগে আৰু খেলুৱৈজনে টুৰ্নামেণ্টবোৰত তিনিটা ভাল ফলাফল (নৰ্মচ্) দেখুৱাব লাগে। এই টুৰ্নামেণ্টবোৰত খেলুৱৈজনৰ দেশৰ বাহিৰৰ দেশৰ গ্ৰেণ্ড মাষ্টৰসকলেও অংশ গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাদেও যদি এজন খেলুৱৈৰ ৰেটিং ২৩০০ বা তাতকৈ বেছি আৰু তেওঁ এটা বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাইছে তেতিয়া তেওঁ আবেদন কৰিলে তেওঁক ফিদেএ পোনপটীয়াকৈ গ্ৰেণ্ড মাষ্টৰ খিতাপ (direct title) দি দিয়ে। যদিহে আবেদন কৰা খেলুৱৈজনৰ ৰেটিং ২৩০০ তকৈ কম হয় তেতিয়া তেওঁক কণ্ডিশ্যনেল খিতাপ দিয়া হয় আৰু যদি তেওঁ সেই নিম্নতম ৰেটিং লাভ কৰে তেতিয়া ফেডাৰেচনৰ অনুগ্ৰহত তেওঁ গ্ৰেণ্ড মাষ্টৰ খিতাপ দিয়া হয়। এই নীতি আন খিতাপৰ ক্ষেত্ৰটো প্ৰযোজ্য।[12]
আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ: গ্ৰেণ্ড মাষ্টৰৰ পিছতেই তথা খিতাপটো হ'ল আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ। এই খিতাপ লাভ কৰা নিয়মবোৰো গ্ৰেণ্ড মাষ্টৰৰ দৰেই আৰু খেলুৱৈজনৰ ৰেটিং জীৱনকালত ২৪০০ তকৈ বেছি এবাৰ হ'লেও হ'ব লাগে। ইয়াৰ বাদেও ইয়াৰ পোনপটীয়া খিতাপৰ বাবে বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২২০০ হ’ব লাগিব।[12]
মহিলা গ্ৰেণ্ড মাষ্টৰ: মহিলা গ্ৰেণ্ড মাষ্টৰ কেৱল মহিলাসকলৰ ভিতৰত শীৰ্ষতম খিতাপ। এই খিতাপ লাভ কৰা নিয়মবোৰো গ্ৰেণ্ড মাষ্টৰৰ দৰেই আৰু খেলুৱৈজনৰ ৰেটিং জীৱনকালত ২৩০০ তকৈ বেছি এবাৰ হ'লেও হ'ব লাগে। ইয়াৰ বাদেও ইয়াৰ পোনপটীয়া খিতাপৰ বাবে বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২১০০ হ’ব লাগিব।[12]
মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ: মহিলা গ্ৰেণ্ড মাষ্টৰৰ পিছতেই তথা মহিলাসকলৰ খিতাপটো হ'ল মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টৰ। এই খিতাপ লাভ কৰা নিয়মবোৰো গ্ৰেণ্ড মাষ্টৰৰ দৰেই আৰু খেলুৱৈজনৰ ৰেটিং জীৱনকালত ২২০০ তকৈ বেছি এবাৰ হ'লেও হ'ব লাগে। ইয়াৰ বাদেও ইয়াৰ পোনপটীয়া খিতাপৰ বাবে বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২০০০ হ’ব লাগিব।[12]
ফিদে মাষ্টৰ: ফিদে মাষ্টৰৰ বাবে খেলুৱৈজনৰ ৰেটিং ২৩০০ তকৈ বেছি হ'ব লাগে। ফিদে মাষ্টৰৰ ডাইৰেক্ট খিতাপ পাবলৈ বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২১০০ হ’ব লাগিব।[12]
মহিলা ফিদে মাষ্টৰ: মহিলা ফিদে মাষ্টৰৰ বাবে খেলুৱৈজনৰ ৰেটিং ২১০০ তকৈ বেছি হ'ব লাগে। মহিলা ফিদে মাষ্টৰ ডাইৰেক্ট খিতাপ পাবলৈ বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ১৯০০ হ’ব লাগিব।[12]
কেণ্ডিডেট মাষ্টৰ: কেণ্ডিডেট মাষ্টৰৰ বাবে খেলুৱৈজনৰ ৰেটিং ২২০০ তকৈ বেছি হ'ব লাগে। কেণ্ডিডেট মাষ্টৰ ডাইৰেক্ট খিতাপ পাবলৈ বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ২০০০ হ’ব লাগিব।[12]
মহিলা কেণ্ডিডেট মাষ্টৰ: মহিলা মাষ্টৰৰ বাবে খেলুৱৈজনৰ ৰেটিং ২০০০ তকৈ বেছি হ'ব লাগে। মহিলা কেণ্ডিডেট মাষ্টৰ ডাইৰেক্ট খিতাপ পাবলৈ বিশেষ চেম্পিয়নশ্বিপত বিশেষ স্থান পাই আবেদন কৰা খেলুৱৈজনৰ নিম্নতম ৰেটিং ১৮০০ হ’ব লাগিব।[12]