দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন
দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (ইংৰাজী: Association of Southeast Asian Nations) বা চমুলৈ এচিয়েন (ASEAN)[4] (ASEAN /ˈɑːsi.ɑːn/ ah-see-ahn,[5] /ˈɑːzi.ɑːn/ ah-zee-ahn)[6][7] ১০খন দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংগঠন বা সংস্থা। ১৯৬৭ চনৰ ৮ আগষ্টত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডে এই সংগঠনটোৰ প্ৰতিষ্ঠা কৰে। ক[8] পিছলৈ ব্ৰুনেই, কম্বোডিয়া, লাওছ, বাৰ্মা আৰু ভিয়েটনামকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এচিয়েনৰ মূল লক্ষ্য হৈছে সদস্য ৰাষ্ট্ৰকেইখনৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি তথা সমাজ-সাংস্কৃতিক বিৱৰ্ত্তন, আঞ্চলিক শান্তি আৰু স্থিৰতা আৰু সদস্য ৰাষ্ট্ৰসমূহৰ ভিন্নতা সম্পৰ্কে আলোচনা কৰাৰ শান্তিপূৰ্ণ সুযোগ।[9][10] এচিয়েন দেশসমূহে মুঠ ৪ কোটি ৪০ লাখ বৰ্গ কি:মি: মাটিকালি অৰ্থাৎ বিশ্বৰ ভূমিভাগৰ ৩% আগুৰি আছে। এই দেশসমূহৰ অধ্যুষিত পানীভাগ এই মাটিকালিৰ প্ৰায় তিনিগুণ। দেশকেইখনৰ সৰ্বমুঠ জনসংখ্যা প্ৰায় ৬১ কোটি ৭০ লাখ আৰু এয়া পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ৮.৮%। ২০১২ চনৰ হিচাপমতে এচিয়েনৰ সন্মিলিত মুঠ ঘৰুৱা উৎপাদন ২৩ হাজাৰ কোটি আমেৰিকান ডলাৰতকৈয়ো অধিক বৃদ্ধি পাইছে। এচিয়েন দেশসমূহক একেখন ৰাষ্ট্ৰ বুলি ধৰিলে এচিয়েনৰ অৰ্থনীতিৰ স্থান হ’ব বিশ্বৰ ভিতৰত সপ্তম।[11] এচিয়েন তিনিটা মূল স্তম্ভৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে:[4] এচিয়েন পলিটিকেল-চিকিউৰিটী কমিউনিটি বা চমুকৈ এ.পি.এচ.চি.,[12] এচিয়েন ইক’নমিক কমিউনিটী বা চমুকৈ এ.ই.চি.,[13] আৰু এচিয়েন চছিঅ’-কালচাৰেল কমিউনিটী বা চমুকৈ এ.এচ.চি.চি.।[14] ২০৩০ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ আবেদনজানুৱাৰী ২০১১: লম্বক সভাত এচিয়েন বৈদেশিক মন্ত্ৰীসকল মিলিত হৈ একক ৰাষ্ট্ৰ হিচাপে ২০৩০ চনৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ দিবৰ বাবে সিন্ধান্ত গ্ৰহণ কৰে।[15] তথ্য সংগ্ৰহ
|