জাকাৰ্টা

জাকাৰ্টা
ডায়েৰা খুছুছ ইবু ক'তা জাকাৰ্টা
বাটাভিয়া
জাকাৰ্টাৰ বিশেষ ৰাজধানী এলেকা
(ওপৰৰ পৰা, বাঁওফালৰ পৰা সোঁফাললৈ): Jakarta Old Town, Hotel Indonesia Roundabout, Jakarta Skyline, Gelora Bung Karno Stadium, Taman Mini Indonesia Indah, Monumen Nasional, Merdeka Palace, Istiqlal Mosque
(ওপৰৰ পৰা, বাঁওফালৰ পৰা সোঁফাললৈ): Jakarta Old Town, Hotel Indonesia Roundabout, Jakarta Skyline, Gelora Bung Karno Stadium, Taman Mini Indonesia Indah, Monumen Nasional, Merdeka Palace, Istiqlal Mosque
জাকাৰ্টাৰ পতাকা
Coat of arms of জাকাৰ্টা
উপনাম(সমূহ): 
দ্য বিগ ডুৰিয়ান,[1][2] জে-টাওন[3]
মূলমন্ত্ৰ(সমূহ): 
জয় ৰয় (সংস্কৃত)
(meaning: বিজয়ী আৰু মহান)
Map
ৰাষ্ট্ৰ ইণ্ডোনেছিয়া
চৰকাৰ
 • ধৰণ বিশেষ প্ৰশাসনিক এলেকা
 • ৰাজ্যপাল বাসুকী জাহাজা পূৰ্ণম[4]
 • উপ ৰাজ্যপাল দজৰৎ ছয়ফুল হিদায়ৎ
কালি
 • মহানগৰ
664.00 km2 (256.37 sq mi)
 • পানী 6,977.5 km2 (2,694.০ sq mi)
 • স্থান ৩৩ তম
উচ্চতা
৮ মিটাৰ (২৬ ফুট)
জনসংখ্যা
 (2010)
 • মহানগৰ
১১৩৭৪০২২
 • স্থান ষষ্ঠ
 • ঘনত্ব 17,000/km2 (44,000/sq mi)
 • মেট্ৰ’
৩০৩২৬১০৩[5]
 • মেট্ৰ’ ঘনত্ব 4,383.53/km2 (11,353.3/sq mi)
জাকাৰ্টা কোনো প্ৰদেশৰ অংশ নহয়, ইয়াক ৰাষ্ট্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে শাসন কৰে আৰু "বিশেষ ৰাজধানী এলেকা" বুলি নামকৰণ কৰা হৈছে।

জাকাৰ্টা (ইংৰাজী: Jakarta; /əˈkɑrtə/,[টোকা- ১] চৰকাৰী নাম: জাকাৰ্টাৰ বিশেষ ৰাজধানী এলেকা, ইণ্ডোনেছিয়ান: ডায়েৰা খুছুছ ইবু ক'তা জাকাৰ্টা) হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, (যদিও জাকাৰ্টা নিজে এখন প্ৰদেশ) আৰু বিশ্বৰ এখন লেখত ল'বলগীয়া জনবহুল নগৰ অঞ্চল।

জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭,৬১,৪০৭ জন।[6] ই হৈছে ইণ্ডোনেছিয়া আৰু দক্ষিণ-পূৱ এছিয়াৰ সৰ্বাধিক জনবহুল নগৰৰ অন্যতম।[7] জাব'ডেটাবেক (জাকাৰ্টা, ব'গৰ, ডেপ'ক, টাংগাৰাং আৰু বেকাছি নামৰ সন্মিলিত ৰূপ) বলি জনাজাত, দেশৰ চৰকাৰী নগৰ অঞ্চল হৈছে পৃথিৱাৰ ভিতৰত দ্বিতীয় বৃহত্তম অঞ্চল।

চতুৰ্থ শতাব্দীত প্ৰতিষ্ঠিত এই নগৰখন, ছুন্দা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক বন্দৰলৈ পৰিণত হয়। ই ডিউট্ছ ইষ্ট ইন্দিছৰ ডে ফেক্ট' ৰাজধানী আছিল (সেই সময়ত বেটাভিয়া বুলি জনাজাত আছিল)। ১৯৪৫ চনত ইন্দুনেছিয়াই স্বাধীনতা লাভ কৰাৰে পৰা বৰ্তমানলৈকে ই দেশখনৰ ৰাজধানী হৈ আছে। বৰ্তমান নগৰখনে দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (ASEAN) সচিবালয়তো স্থান লাভ কৰিছে।

২০০৮ গ্ল'বেলাইজেশ্বন আৰু ৱৰ্ল্ড চিটিজ ষ্টাডি গ্ৰুপ এণ্ড নেটৱৰ্ক (GaWC) অনুসন্ধানত নগৰখনক গোলকীয় নগৰৰ তালিকাত স্থান দিয়া হৈছিল।[8] ব্ৰ'কিং ইনষ্টিটিউটৰ এক সমীক্ষা মতে, ২০১১ চনত জাকাৰ্টাৰ অৰ্থনৈতিক বিকাশ পৃথিৱীৰ ২০০খন বৃহৎ চহৰৰ ভিতৰত সপ্তদশ স্থানত আছিল, ২০০৭ চনত জাকাৰ্টাৰ এই স্থান আছিল ১৭১ তম। বৰ্তমান কুৱালালামপুৰ, বেইজিং আৰু বেংককতকৈ নগৰখন অধিক দ্ৰুতভাৱে বিকশিত হৈছে।[9]

নাম আৰু জনশ্ৰুতি

জাকাৰ্টা হৈছে বহুকেইখন আৱাসস্থলী তথা নামৰ সৈতে মূল ভূখণ্ডৰ সামগ্ৰিক নাম: ছুন্দ কেলাপা (৩৯৭–১৫২৭), জয়কৰ্তা (১৫২৭–১৬১৯), বাটাভিয়া (১৬১৯–১৯৪৯), দ্যাকাৰ্তা (১৯৪৯–১৯৭২), আৰু জাকাৰ্টা (১৯৭২-বৰ্তমানলৈকে)

ইয়াৰ বৰ্তমান নামটো "জয়কৰ্তা" শব্দটোৰ পৰা আহৰণ কৰা হৈছে। এই শব্দটোৰ মূল উৎস হৈছে পুৰণা জাভানীজ আৰু প্ৰধানতঃ সংস্কৃত ভাষা। "জয়কৰ্তা"ৰ অৰ্থ হৈছে "বিজয় কাৰ্য", "সম্পূৰ্ণ কাৰ্য", বা "সম্পূৰ্ণ বিজয়"।

জাকাৰ্টাৰ উপনাম হৈছে দ্য বিগ ডুৰিয়ান, এই অঞ্চলত পোৱা একপ্ৰকাৰৰ স্থানীয় ফল,[1] ইণ্ডোনেছিয়ান নিউয়ৰ্ক মহানগৰ (দ্য বিগ এপ্যল) হিচাপে তুলনা কৰিব পাৰি।[10] উপনিৱেশিক যুগত নগৰখনক "ক'নইংগিং ভান হেট অ'ষ্টেন (অৰিয়েণ্টৰ মহাৰাণী) বুলি কোৱা হৈছিল।

টোকা

১. ইণ্ডোনেছিয়ান ভাষাত উচ্চাৰণ: dʒaˈkarta


তথ্য সংগ্ৰহ

  1. 1.0 1.1 Suryodiningrat, Meidyatama (22 June 2007). "Jakarta: A city we learn to love but never to like". The Jakarta Post. Archived from the original on 21 February 2008. https://web.archive.org/web/20080221030541/http://www.thejakartapost.com/yesterdaydetail.asp?fileid=20070622.B10. 
  2. "Travel Indonesia Guide – How to appreciate the 'Big Durian' Jakarta". Worldstepper-daworldisntenough.blogspot.com. 8 April 2008. http://worldstepper-daworldisntenough.blogspot.com/2008/04/go-jakarta-how-to-appreciate-big-durian.html। আহৰণ কৰা হৈছে: 27 April 2010. 
  3. "A Day in J-Town". Jetstar Magazine. April 2012. Archived from the original on 1 August 2013. https://web.archive.org/web/20130801063908/http://www.jetstarmag.com/story/a-day-on-the-j-town/1595/1। আহৰণ কৰা হৈছে: 2 January 2013. 
  4. "Jokowi submits resignation letter". The Jakarta Globe. http://www.thejakartapost.com/news/2014/09/11/jokowi-submits-resignation-letter.html. 
  5. "Jakarta Population 2014". World Population Review. http://worldpopulationreview.com/world-cities/jakarta-population/। আহৰণ কৰা হৈছে: 13 January 2015. 
  6. "Jumlah Penduduk Provinsi DKI Jakarta". Dinas Kependudukan dan Catatan Sipil. Archived from the original on 27 December 2013. https://web.archive.org/web/20131227023825/http://dki.kependudukancapil.go.id/index.php/statistik/jumlah-pendududk-provinsi-dki-jakarta। আহৰণ কৰা হৈছে: 27 February 2014. 
  7. "Indonesia Population 2014". World Population Review. 26 March 2014. http://worldpopulationreview.com/countries/indonesia-population/। আহৰণ কৰা হৈছে: 11 August 2014. 
  8. "The World According to GaWC 2008". Globalization and World Cities Study Group and Network (GaWC). Loughborough University. Archived from the original on 11 August 2016. https://web.archive.org/web/20160811203314/http://www.lboro.ac.uk/gawc/world2008t.html। আহৰণ কৰা হৈছে: 7 December 2009. 
  9. "Foke lebih yakin lembaga survei asing". 24 April 2012. http://www.waspada.co.id/index.php?option=com_content&view=article&id=243533:foke-lebih-yakin-lembaga-survei-asing&catid=17:politik&Itemid=30. 
  10. "Sojourn in the Big Durian". ThingsAsian. http://www.thingsasian.com/stories-photos/1532। আহৰণ কৰা হৈছে: 14 March 2011.