তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়
তাৰাশংকৰ বন্দ্যোপাধ্যায় (ইংৰাজী: Tarasankar Bandyopadhyay; ২৩ জুলাই ১৮৯৮[4] – ১৪ চেপ্তেম্বৰ ১৯৭১14 September) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী বাঙালী সাহিত্যিক। 'গণদেবতা' শীৰ্ষক উপন্যাসখনৰ বাবে ১৯৬৭ চনত তেখেতে উক্ত বঁটা লাভ কৰে। উল্লেখ্য যে বন্দ্যোপাধ্যায়ে ১৯৫৬ চনত 'আৰোগ্য নিকেতন' শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে। তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জন্ম ১৮৯৮ চনৰ ২৩ জুলাই তাৰিখে পশ্চিমবঙ্গৰ বীৰভূম জিলাত হয়। তেখেতৰ পিতৃৰ নাম হৰিদাস বন্দ্যোপাধ্যায় আৰু মাতৃৰ নাম প্ৰভাৱতী দেৱী। জীৱনীবন্দোপাধ্যায়ৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ বংগ প্ৰদেশৰ বীৰভূম জিলাৰ লাভপুৰ গাঁৱত (বৰ্তমান পশ্চিম বংগ, ভাৰত)। তেওঁৰ পিতৃ-মাতৃ আছিল হৰিদাস বন্দ্যোপাধ্যায় আৰু প্ৰভাৱতী দেৱী।[5] ![]() ১৯১৬ চনত লাভপুৰ জাদাব্লাল এইচ ই স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ পিছলৈ প্ৰথমে কলিকতাৰ ছেইণ্ট জেভিয়াৰ কলেজত আৰু তাৰ পিছত চাউথ ছাবাৰবান কলেজ (বৰ্তমান আসুতোষ কলেজ)ত নামভৰ্তি কৰে। ছেইণ্ট জেভিয়াৰ কলেজত ইণ্টাৰমিডিয়েটত অধ্যয়ন কৰি থাকোঁতে তেওঁ অসহযোগ আন্দোলনত যোগদান কৰে। অসুস্থতা আৰু ৰাজনৈতিক সক্ৰিয়তাৰ বাবে তেওঁ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব নোৱাৰিলে।[6] এই কলেজীয়া বছৰবোৰত তেওঁ এটা উগ্ৰ উগ্ৰপন্থী যুৱ গোটৰ সৈতেও জড়িত আছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰি নিজৰ গাঁৱত আৱদ্ধ কৰি ৰখা হৈছিল।[7] ভাৰতীয় স্বাধীনতা আন্দোলনক সক্ৰিয়ভাৱে সমৰ্থন কৰাৰ অপৰাধত ১৯৩০ চনত গ্ৰেপ্তাৰ হয় যদিও সেই বছৰৰ শেষৰ ফালে মুকলি কৰি দিয়া হয়। ইয়াৰ পিছত তেওঁ সাহিত্যৰ প্ৰতি নিজকে নিয়োজিত কৰাৰ সিদ্ধান্ত লয়।[8] ১৯৩২ চনত শান্তিনিকেতনত প্ৰথমবাৰৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰক লগ পায়। সেই বছৰতে তেওঁৰ প্ৰথম উপন্যাস চৈতলী ঘূৰ্ণী প্ৰকাশ পায়।[6] ১৯৪০ চনত বাগবজাৰত ঘৰ ভাড়া কৰি পৰিয়ালক কলিকতালৈ লৈ আহে। ১৯৪১ চনত তেওঁ বৰনগৰলৈ গুচি যায়। ১৯৪২ চনত বীৰভুম জিলা সাহিত্য সন্মিলনৰ সভাপতিত্ব কৰি বংগৰ ফেচিষ্ট বিৰোধী লেখক আৰু শিল্পী সন্থাৰ সভাপতি হয়। ১৯৪৪ চনত তেওঁ তাত বসবাস কৰা অনাবাসী বাঙালীসকলে আয়োজন কৰা কানপুৰ বাংলা সাহিত্য সন্মিলনৰ সভাপতিত্ব কৰে। ১৯৪৭ চনত তেওঁ কলিকতাত অনুষ্ঠিত প্ৰবাসী বঙালী সাহিত্য সন্মিলন উদ্বোধন কৰে; বোম্বাইত প্ৰবাসী বংগ সাহিত্য সন্মিলনৰ ৰূপালী জয়ন্তী অনুষ্ঠানত সভাপতিত্ব কৰিছিল; আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা শৰৎ সোঁৱৰণী পদক লাভ কৰে। ১৯৪৮ চনত তেওঁ কলিকতাৰ তালা পাৰ্কত থকা নিজৰ ঘৰলৈ গুচি যায়।[6] ১৯৫২ চনত তেওঁক বিধানসভাৰ সদস্য হিচাপে মনোনীত কৰা হয়। ১৯৫২–৬০ চনৰ ভিতৰত তেওঁ পশ্চিম বংগ বিধান পৰিষদৰ সদস্য আছিল। ১৯৫৪ চনত তেওঁ মাকৰ পৰা দীক্ষা লৈ যায়। সেই বছৰতে তেওঁ নিজৰ কাহিনীৰ আধাৰত 'না' নামৰ এখন ছবিৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰে। ১৯৫৫ চনত পশ্চিমবংগ চৰকাৰে তেওঁক ৰবীন্দ্ৰপুৰস্কাৰ বঁটা প্ৰদান কৰে। ১৯৫৬ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৫৭ চনত তেওঁ আফ্ৰিকান-এছিয়ান লেখক সংস্থাৰ প্ৰস্তুতি সমিতিত যোগদান কৰিবলৈ ছোভিয়েট ইউনিয়ন ভ্ৰমণ কৰে আৰু পিছলৈ চীন চৰকাৰৰ আমন্ত্ৰণত আফ্ৰিকান-এছিয়ান লেখক সংস্থাৰ ভাৰতীয় লেখক প্ৰতিনিধি দলৰ নেতা হিচাপে তাছকেন্দলৈ যায়।[6] ১৯৫৯ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা জগতাৰিণী স্বৰ্ণ পদক লাভ কৰে, আৰু মাদ্ৰাজত অনুষ্ঠিত সৰ্বভাৰতীয় লেখক সন্মিলনৰ সভাপতিত্ব কৰে। ১৯৬০ চনত তেওঁ পশ্চিমবংগ বিধানসভাৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক সংসদলৈ মনোনীত কৰে। ১৯৬০–৬৬ চনৰ ভিতৰত তেওঁ ৰাজ্যসভাৰ সদস্য আছিল। ১৯৬২ চনত পদ্মশ্ৰী লাভ কৰে; কিন্তু জোঁৱাইৱেকৰ মৃত্যুৱে তেওঁৰ হৃদয় ভাঙি পেলালে আৰু নিজকে অন্য দিশলৈ ঠেলি ৰাখিবলৈ তেওঁ ছবি অঁকা আৰু কাঠৰ খেলনা বনোৱাৰ কামত লাগিল। ১৯৬৩ চনত তেওঁ ছিছিৰকুমাৰ বঁটা লাভ কৰে। ১৯৬৬ চনত তেওঁ সংসদৰ পৰা অৱসৰ গ্ৰহণ কৰি নাগপুৰ বঙালী সাহিত্য সন্মিলনৰ সভাপতিত্ব কৰে। ১৯৬৬ চনত জ্ঞানপীঠ বঁটা আৰু ১৯৬৯ চনত পদ্মভূষণ লাভ কৰি কলিকতা বিশ্ববিদ্যালয় আৰু জাদৱপুৰ বিশ্ববিদ্যালয়ে সাহিত্য বিভাগৰ ডক্টৰ উপাধিৰে সন্মানিত হয়। ১৯৬৯ চনত তেওঁক সাহিত্য অকাডেমীৰ ফেল’শ্বিপ দিয়া হয়, ১৯৭০ চনত বঙিয়া সাহিত্য পৰিষদ/বংগীয়া সাহিত্য পৰিষদৰ সভাপতি হয়। ১৯৭১ চনত তেওঁ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত নৃপেন্দ্ৰচন্দ্ৰ সোঁৱৰণী বক্তৃতা আৰু কলিকতা বিশ্ববিদ্যালয়ত ডি.এল ৰয় সোঁৱৰণী বক্তৃতা প্ৰদান কৰে।[6] ১৯৭১ চনৰ ১৪ ছেপ্টেম্বৰত পুৱাই বন্দ্যোপাধ্যায়ৰ কলিকতাৰ বাসগৃহত মৃত্যু হয়।[6] ২০২১ চনত লাভপুৰত থকা বন্ধোপাধ্যায়ৰ পূৰ্বপুৰুষৰ ঘৰখন স্থানীয় বাসিন্দাৰ লগতে তেওঁৰ পৰিয়ালে তেওঁৰ স্মৃতিত সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰে। ইয়াত কেইবাটাও ব্যক্তিগত সামগ্ৰী, আৰু ফটো সংৰক্ষণ কৰা হয়।[5] গ্ৰন্থসমূহতেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল —
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia