তামাং চেল'তামাং চেল (ইংৰাজী: Tamang Selo) তামাং জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীত। এই সংগীত ঘাইকৈ নেপালৰ তামাং লোকসকলে গোৱা নেপালী লোকগীতৰ এক ধাৰা। নেপাল, ভাৰত আৰু বিশ্বৰ বিভিন্ন ঠাইত সিঁচৰিত নেপালীভাষী সম্প্ৰদায়ৰ মাজত এই গীত ব্যাপকভাৱে জনপ্ৰিয়। তামাং চেল' লোকসংগীতৰ সৈতে সাধাৰণতে তামাং পাৰম্পৰিক বাদ্যযন্ত্ৰ বজোৱা হয়। তেনে কিছুমান পাৰম্পৰিক তামাং বাদ্যযন্ত্ৰ হৈছে ডাম্ফু, মাদল আৰু টুংনা। চেল' গীত অতি আকৰ্ষণীয় আৰু জীৱন্ত ভাবে ধীৰ লয়ত সুৰ লগাই গোৱা হয়। সাধাৰণতে জীৱনৰ প্ৰেম, দুখ আৰু কাহিনী প্ৰকাশ কৰিবলৈ এই লোকসংগীত গোৱা হয়।[1] উৎপত্তিতামাং চেল'ৰ ইতিহাস তামাং সকলৰ ইতিহাসৰ দৰেই পুৰণি। সেয়েহে চেল' তামাংসকলৰ মূল পৰিচয় হিচাপে উল্লেখ কৰা হয়। ইয়াৰ সংস্কৃতি সংৰক্ষণৰ পথত তামাং সম্প্ৰদায়ৰ লোকসকলে সদায় সংৰক্ষণ কৰি আহিছে। ই তেওঁলোকৰ সাম্প্ৰদায়িক পৰিচয় হিচাপে পৰিগণিত হৈছে। শিল্পী সকলহীৰা দেৱী ৱাইবাক নেপালী লোকগীত আৰু তামাং চেল'ৰ পথিকৃৎ হিচাপে গণ্য কৰা হয়।[2] তেওঁৰ গীত "চুৰা ত হোইন অস্তুৰা" এতিয়ালৈ ৰেকৰ্ড কৰা প্ৰথম তামাং চেল' বুলি কোৱা হয়।[3] হীৰা দেৱী ৱাইবায়ে তেওঁৰ ৪০ বছৰীয়া কেৰিয়াৰত প্ৰায় ৩০০টা গান গাইছে। তেওঁৰ সন্তান নৱনীত আদিত্য ৱাইবা আৰু সত্য আদিত্য ৱাইবায়ে তেওঁৰ পদাংক অনুসৰণ কৰি তামাং চেল'ৰ চৰ্চা অব্যাহত ৰাখিছে নৱনীত আৰু সত্য নেপালী লোকসংগীত ধাৰাৰ একমাত্ৰ ব্যক্তি যিয়ে ভেজাল বা আধুনিকীকৰণ অবিহনে প্ৰামাণিক পৰম্পৰাগত নেপালী লোকগীত প্ৰদৰ্শন কৰে।[4][5] বাদ্যযন্ত্ৰতামাং চেল'ত ব্যৱহাৰৰ কৰা মূল বাদ্য তিনিটা হৈছে ডাম্ফু, মাদল আৰু টুংনা। ডাম্ফু এবিধ পাৰম্পৰিক নেপালী আনদ্ধ বাদ্য। লোককথা অনুসৰি ইয়াক তামাং ৰজা পেং ডৰ্জে উদ্ভাৱন কৰিছিল আৰু ইয়াক নেপালৰ ৰাষ্ট্ৰীয় চৰাই ডেফনে চৰাইৰ নামেৰে নামকৰণ কৰা হৈছিল।[6] মাদলো এবিধ ঢোলজাতীয় পাৰম্পৰিক আনদ্ধ বাদ্য। টুংনা এবিধ তাঁৰ যুক্ত টোকাৰীজাতীয় বাদ্য।[7] তামাং চেল' নৃত্যতামাং চেল' গীত আৰু বাদ্যৰ তালে তালে নৃত্য কৰা হয়। ইয়াকে তামাং চেল' নৃত্য বোলে। এই নৃত্য ধীৰ লয়ৰ পৰা ক্ৰমে বৃদ্ধি পোৱা তালত পুৰুষ মহিলা উভয়ে নৃত্য প্ৰদৰ্শন কৰে। নৃত্য প্ৰদৰ্শনৰ সময়ত তেওঁলোকে নিজৰ পাৰম্পৰিক সাজ-পোছাক পৰিধান কৰে। এই নৃত্যৰ জৰিয়তে যুৱশিল্পী সকলে তেওঁলোকৰ জীৱন সংগী বাছনি কৰিবলৈ সুযোগ লাভ কৰে।[8] এই নৃত্যক ডাম্ফু নৃত্য বুলিও কোৱা হয়। তথ্য উৎস
|
Portal di Ensiklopedia Dunia