তাবিজতাবিজ(ইংৰাজী: amulet), হৈছে এক সৌভাগ্য আকৰ্ষক সামগ্ৰী। এই তাবিজে ইয়াৰ অধিকাৰীক সুৰক্ষা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। তাবিজৰ বাবে সাধাৰণতে যিকোনো ব্যৱহৃত সামগ্ৰীবোৰৰ ভিতৰত আছে ৰত্ন, মূৰ্তি, মুদ্ৰা, চিত্ৰ, উদ্ভিদৰ অংশ, জন্তুৰ অংশ, আৰু লিখিত শব্দ আদি। [1] যিবোৰ তাবিজক যাদুৰ পৰা এইবোৰে অসাধাৰণ গুণাগুণ আৰু শক্তি আহৰণ কৰা বুলি কোৱা হয় বা যিবোৰে ভাগ্য প্ৰদান কৰে সেইবোৰ সাধাৰণতে লোক ধৰ্ম বা পৌত্তলিকতাৰ অংশ। আনহাতে খ্ৰীষ্টান ধৰ্মৰ দৰে আনুষ্ঠানিক মূলসুঁতিৰ ধৰ্মৰ তাবিজ বা পবিত্ৰ বস্তুবোৰৰ কোনো পাদ্ৰীৰ দ্বাৰা আশীৰ্বাদ নোপোৱাকৈ এইবোৰৰ নিজৰ কোনো শক্তি নাই বুলি বিশ্বাস কৰা হয়, আৰু এই সমূহৰ বাহকক কোনো প্ৰাকৃতিক লাভালাভ প্ৰদান নকৰে বুলি ধাৰণা কৰা হয়। তাবিজ আৰু তাবিজৰ বিনিময়যোগ্য মূল্য আছে। তাবিজবোৰে যিকোনো বস্তুক বুজাব পাৰে যিসমূহে এপোট্ৰোপাইক কাম কৰে বুলি বিশ্বাস কৰা হয়। তাবিজ হৈছে এনে এক বস্তু যাক সাধাৰণতে সুৰক্ষাৰ বাবে পিন্ধা হয় আৰু এক দীৰ্ঘম্যাদী পদাৰ্থৰ (ধাতু বা কঠিন-শিল) পৰা তৈয়াৰ কৰা হ'ব পাৰে। কাগজ বা কাপোৰৰো তাবিজ ব্যৱহাৰ হয়।[2] তাবিজবোৰ কেতিয়াবা ডিঙিত পিন্ধা অলংকাৰৰ লকেট (সৰু নান্দনিক বস্তু) বুলি ভৱা হয় যদিও লকেট আৰু তাবিজৰ মাজত পাৰ্থক্য আছে। অৱশ্যে এনেকুৱা যিকোনো প্ৰদত্ত লকেট সঁচাকৈয়ে তাবিজ হ'ব পাৰ যদিহে এই সমূহৰ সৈতে ইয়াৰ ধাৰকক বিপদৰ পৰা সুৰক্ষিত কৰিব পাৰে বুলি বিশ্বাস জড়িত হৈ থাকে। প্ৰাচীন ৰোমপ্ৰাচীন ৰোমান সমাজত তাবিজ বিশেষভাৱে প্ৰচলিত আছিল। এইসমূহ প্ৰাচীন গ্ৰীক পৰম্পৰা, ৰোমান ধৰ্ম আৰু যাদুৰ সৈতে অবিচ্ছেদ্যভাৱে সম্পৰ্কিত। তাবিজবোৰ সাধাৰণতে ধৰ্মীয় অভিজ্ঞতাৰ স্বাভাৱিক ক্ষেত্ৰৰ বাহিৰত থাকে যদিও কিছুমানে ৰত্ন আৰু দেৱতাৰ মাজৰ সম্পৰ্কক প্ৰতিনিধিত্ব কৰে।[3] ধাৰ্ম্মিকতাৰ কোনো কাৰণৰ সলনি পৰিধানকাৰীক দেৱতাৰ সৈতে সম্পৰ্কিত শক্তিৰে আকৰ্ষিত কৰিবলৈ তাবিজ পিন্ধা হয়।[4] তাবিজ হিচাপে ধাতুৰ সৰু বাকচবোৰো ব্যৱহাৰ কৰা হয়, যেনে ডিঙিত সোণৰ লকেটৰ বাকচত ইয়াৰ এপোট্ৰোপেইক গুণাগুণৰ বাবে ছালফাৰ ভৰাই ৰখা হৈছিল। [5] শিশুক বুলা আৰু লুনুলা আৰু সুৰক্ষাৰ বাবে ক্ৰেপুণ্ডিয়া নামেৰে জনাজাত তাবিজ লগোৱা চেইন পিন্ধোৱা হৈছিল।[6][7] প্ৰাচীন ইজিপ্তপ্ৰাচীন ইজিপ্তীয় সকলৰ মাজত তাবিজৰ ব্যৱহাৰ ব্যাপক আছিল।[8][9]:৬৬ সেইবোৰ সুৰক্ষাৰ বাবে আৰু "... বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক নিৰপেক্ষতা পুনৰ নিশ্চিত কৰাৰ বাবে।" [10] সম্ভেদ পোৱা আটাইতকৈ পুৰণি তাবিজবোৰ প্ৰাক-ৰাজবংশীয় বাদৰিয়ান যুগৰ, আৰু এই সমূহ ৰোমান সকলৰ সময়লৈকে অটল আছিল।[11] গৰ্ভৱতী মহিলাসকলক গৰ্ভপাতৰ পৰা সুৰক্ষা দিবলৈ সন্তান জন্মৰ দেৱী তাৱাৰেটৰ বাবে উৎসৰ্গিত তাবিজ পিন্ধিব লাগে বুলি তেওঁলোকে বিশ্বাস কৰিছিল।[9]:৪৪ সিংহৰ মূৰ আৰু বামুণৰ শৰীৰ থকা দেৱতা বেছক শিশুৰ ৰক্ষক বুলি বিশ্বাস কৰা হৈছিল।[9]:৪৪ সন্তান জন্ম দিয়াৰ পিছত, এগৰাকী মাতৃয়ে তেওঁৰ তাৱাৰেটৰ তাবিজ আঁতৰাই বেছক প্ৰতিনিধিত্ব কৰা এটা নতুন তাবিজ পিন্ধিব লাগিছিল।[9]:৪৪ তাবিজবোৰত নিৰ্দিষ্ট চিহ্নকিছুমান দেখুওৱা হৈছিল, আটাইতকৈ বেছি জনপ্ৰিয়তা থকাবোৰৰ ভিতৰত আছে আনখ আৰু আই অৱ হোৰাছ, এই হোৰাছে খুৰাক শেঠৰ সৈতে যুদ্ধৰ সময়ত তেওঁৰ চকু দুটা হেৰুৱাব লগা হৈছিল বাবে তেওঁৰ পুৰণি চকুৰ সলনি থথ দেৱতাই তেওঁক নতুন চকু প্ৰদান কৰিছিল। [9]:৬৭ প্ৰায়ে দেৱতা, জন্তু বা হাইৰোগ্লিফক প্ৰতিনিধিত্ব কৰিবলৈ তাবিজ ব্যৱহাৰ কৰা হৈছিল।[8][12][9]:৬৭ উদাহৰণ স্বৰূপে, সাধাৰণ তাবিজআকৃতিৰ স্কাৰাব বিটল হৈছে খেপৰি দেৱতাৰ প্ৰতীক।[8][9]:৬৭ এনে তাবিজৰ বাবে ব্যৱহৃত আটাইতকৈ সাধাৰণ সামগ্ৰী আছিল এক প্ৰকাৰৰ চিৰামিক যাক ইজিপ্তীয় 'ফেইঞ্চ' বা 'টিজেহেনেট' বুলি জনা যায়। ইয়াৰোপৰি তাবিজবোৰ শিল, ধাতু, হাড়, কাঠ আৰু সোণেৰেও তৈয়াৰ কৰা হৈছিল।[9]:৬৬[12] অপায়-অমংগল দূৰ কৰাৰ বাবে বিভিন্ন মন্ত্ৰ আদি লিখা থকা 'ফাইলেক্টৰী' বোৰ তাবিজৰ আন এক সাধাৰণ ৰূপ আছিল। [13] পূব ইছলামিক তাবিজ
ইছলামত তাবিজ ব্যৱহাৰ কৰাৰ এক দীঘলীয়া সাংস্কৃতিক পৰম্পৰা আছে আৰু বহুতো মুছলমান সংখ্যাগৰিষ্ঠ দেশত, জনসংখ্যাৰ দহ শতাংশই সেইবোৰ ব্যৱহাৰ কৰে।[14] কিছুমান হাদিছে তাবিজ পিন্ধাৰ নিন্দা কৰে, আৰু কিছুমান মুছলমান (বিশেষকৈ ছালাফি) বিশ্বাস কৰে যে ইছলামত তাবিজ আৰু তাবিজ নিষিদ্ধ, আৰু সেইবোৰ ব্যৱহাৰ কৰাটো শিৰ্ক (মূৰ্তিপূজা)ৰ এক কাৰ্য। [উদ্ধৃতিৰ প্ৰয়োজন] আন হাদিছে কিছুমান মুছলমান সম্প্ৰদায়ৰ সৈতে তাবিজ ব্যৱহাৰ কৰাটো সমৰ্থন কৰে, সাধাৰণতে কিছুমান পৰিস্থিতিত (উদাহৰণ স্বৰূপে, পিন্ধা জনে বিশ্বাস কৰে যে তাবিজটোৱে কেৱল ঈশ্বৰৰ ইচ্ছাৰ জৰিয়তে হে সহায় কৰে)।[15][16][17] বহুতো মুছলমানে অশুভ চকুৰ বিপৰীতে ব্যৱহৃত বস্তুবোৰক তাবিজ বুলি গণ্য নকৰে; এইবোৰ প্ৰায়ে পিন্ধাৰ সলনি ঘৰত ৰখা হয়।[14] পিন্ধা তাবিজৰ উদাহৰণ হৈছে ডিঙিত পিন্ধা অলংকাৰ, আঙুঠি, ব্ৰেচলেট, মুদ্ৰা, আৰ্মবেণ্ড আৰু তাবিজ চাৰ্ট। ইছলামিক প্ৰেক্ষাপটত তেওঁলোকক হাফিজ বা ৰক্ষক বা হিমালা অৰ্থপেণ্ডেণ্ট বুলিও ক'ব পাৰি।[17] আব্ৰাহামিক ধৰ্মপ্ৰাচীনকাল আৰু মধ্যযুগত বেছিভাগ ইহুদী, খ্ৰীষ্টান আৰু মুছলমান লোকে তাবিজ বা আশীৰ্বাদপ্ৰাপ্ত বস্তুৰ সুৰক্ষা আৰু আৰোগ্য শক্তিত বিশ্বাস কৰিছিল। এই লোকসকলৰ দ্বাৰা ব্যৱহৃত তাবিজবোৰ তিনিটা মুখ্য শ্ৰেণীত বিভক্ত কৰিব পাৰি: শৰীৰৰ বিভিন্ন অংগত পিন্ধা তাবিজ, দুৰ্বল ব্যক্তি এজনৰ বিছনাত বা ওপৰেৰে ওলমি থকা তাবিজ, আৰু ঔষধি তাবিজ। এই তৃতীয় শ্ৰেণীটোক বাহ্যিক আৰু অভ্যন্তৰীণ তাবিজত আৰু বিভক্ত কৰিব পাৰি। ইহুদী, খ্ৰীষ্টান আৰু মুছলমানসকলেও কেতিয়াবা তেওঁলোকৰ পবিত্ৰ গ্ৰন্থবোৰ তাবিজৰ দৰে ব্যৱহাৰ কৰিছিল। উদাহৰণ স্বৰূপে, এজন বিছনাত আৱদ্ধ আৰু গুৰুতৰভাৱে অসুস্থ ব্যক্তিৰ বিছনা বা গাদীৰ অংশৰ তলত এখন পবিত্ৰ কিতাপ ভৰাই ৰাখিছিল।[18] চীন আৰু জাপানচীনত 'ফুলু' নামৰ তাওবাদী বিশেষজ্ঞসকলে এক বিশেষ শৈলীৰ কেলিগ্ৰাফী বিকশিত কৰিছিল। তেওঁলোকৰ মতে এই তাবিজে অশুভ আত্মাৰ পৰা সুৰক্ষা দিবলৈ সক্ষম হ'ব।[19] জাপানত ফুলুৰ সমতুল্য তাবিজক 'অফুদা' বুলি কোৱা হয়। 'মামৰিফুডা' হৈছে গোফু তাবিজ। কোৰিয়াত 'ইয়াতবুজিয়ক' (부적) বুলি কোৱা হয়।[20] অন্যান্য সংস্কৃতিতাবিজবোৰ ইয়াৰ উৎপত্তিৰ স্থান আৰু সময় অনুসৰি ভিন্ন হোৱা দেখা যায়। বহুতো সমাজত, ধৰ্মীয় বস্তুবোৰে তাবিজ হিচাপে কাম কৰে বুলি বিশ্বাস কৰা হয়। যেনে প্ৰাচীন চেল্টৰ লোকে কৰা বিশ্বাস অনুসৰি ক্লোভাৰ গছৰ যৌগিক পত্ৰৰ সংখ্যা তিনিটাৰ পৰিবৰ্তে যদি চাৰিটা থাকে তেন্তে সেয়া সৌভাগ্যৰ প্ৰতীক।[21] বলিভিয়াত, একেকো দেৱতাক এক বিশেষ তাবিজ বুলি বিশ্বাস কৰা হয়। ভাগ্য আৰু কল্যাণ প্ৰাপ্তিৰ বাবে তেওঁৰ প্ৰতি কমেও এটা বেংকনোট বা চিগাৰেট আগবঢ়োৱা হয়।[22] ভাৰত, নেপাল আৰু শ্ৰীলংকাৰ কিছুমান এলেকাত পৰম্পৰাগতভাৱে বিশ্বাস কৰা হয় যে শৃগালৰ শিঙে কোনো ব্যক্তিৰ ইচ্ছা পূৰণ কৰিব পাৰে আৰু হেৰুৱালে পুনৰ প্ৰাপ্ত ইচ্ছাৰ বিলুপ্তি ঘটে বুলি বিশ্বাস কৰা হয়।[23] ফিলিপাইনছত, তাবিজবোৰক এজিমাট বা এণ্টিং-এণ্টিং বুলি কোৱা হয়। লোককথা অনুসৰি, আটাইতকৈ শক্তিশালী এণ্টিং-এণ্টিং বিধ হৈছে হিয়াচ। হিয়াচবোৰ এটা পুৰঠ কলৰ পৰা আহিব লাগিব আৰু কেৱল মাজনিশাহে ওলাই আহিব লাগিব। ব্যক্তিজনে এই তাবিজ সম্পূৰ্ণৰূপে অধিকাৰ কৰাৰ আগতে তেওঁ কাপ্ৰে নামৰ এটা অতিপ্ৰাকৃতিক প্ৰাণীৰ সৈতে যুঁজিব লাগিব। তেতিয়াহে তেওঁ ইয়াৰ প্ৰকৃত গৰাকী হ'ব বুলি কোৱা হয়। পবিত্ৰ সপ্তাহত ভক্তসকলে তেওঁলোকৰ তাবিজবোৰৰ শক্তি বৰ্ধনৰ কৰিবলৈ বানাহাও পৰ্বতলৈ যাত্ৰা কৰে।[24] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia