তথ্যচিত্ৰ
তথ্যচিত্ৰ (ইংৰাজী: Documentary Film) হৈছে "বাস্তৱক নথিভুক্ত কৰা, প্ৰধানকৈ নিৰ্দেশনা, শিক্ষা বা ঐতিহাসিক অভিলেখ বৰ্তাই ৰখা"ৰ উদ্দেশ্যে নিৰ্মিত অকাহিনীমূলক বা অ-কাল্পনিক চলচ্চিত্ৰ।[1] বিল নিকোলছৰ মতে "তথ্যচিত্ৰ হৈছে চলচ্চিত্ৰ নিৰ্মাণৰ এটা প্ৰথা, চিনেমাৰ এক পৰম্পৰা আৰু দৰ্শকৰ গ্ৰহণৰ ধৰণ [যিটো স্পষ্ট সীমাহীন প্ৰথা হৈয়েই আছে]"৷[2] আদিম তথ্যচিত্ৰক প্ৰথমতে "একচুৱেলিটি ফিল্ম" বুলি কোৱা হৈছিল৷ সেইবোৰ এক মিনিট বা তাতোকৈ কম সময়ৰ বাবে চলিছিল। সময়ৰ লগে লগে তথ্যচিত্ৰবোৰ দীঘলীয়া হোৱাৰ লগতে অধিক শিতান অন্তৰ্ভুক্ত হ'বলৈ ধৰিছে। কিছুমান উদাহৰণ হ’ল শিক্ষামূলক, পৰ্যবেক্ষণমূলক আৰু নথিপত্ৰ। তথ্যচিত্ৰ অতি তথ্যসমৃদ্ধ, আৰু প্ৰায়ে বিদ্যালয়ৰ ভিতৰত বিভিন্ন নীতি শিকোৱাৰ সম্পদ হিচাপে ব্যৱহাৰ কৰা হয়৷ বিষয় একোটাক ভুলকৈ উপস্থাপন নকৰি নিজৰ দৃষ্টিভংগীৰ প্ৰতি সত্যতা প্ৰকাশ কৰাটোৱেই তথ্যচিত্ৰৰ নিৰ্মাতাসকলৰ উদ্দেশ্য হোৱা উচিত৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে (যেনে- ইউটিউব) তথ্যচিত্ৰ ধাৰাটোৰ বিকাশৰ বাবে এক পথ প্ৰদান কৰিছে। এই প্লেটফৰ্মসমূহে বিতৰণৰ ক্ষেত্ৰতো সহজলভ্যতা বৃদ্ধি কৰিছে। ইতিহাসপ্ৰাক্ ১৯০০প্ৰাৰম্ভিক ছবিসমূহত (১৯০০ চনৰ পূৰ্বৰ) কোনো এটা পৰিঘটনা দেখুওৱাৰ ধাৰণাটোৱে আধিপত্য বিস্তাৰ কৰিছিল। একক শ্বটৰ মুহূৰ্তবোৰ ফিল্মত বন্দী কৰা হৈছিল। তাৰ ভিতৰত যৰেল ষ্টেচনত প্ৰৱেশ কৰা, নাও ডকিং কৰা বা কাৰখানাৰ শ্ৰমিকসকলে কাম এৰি যোৱা দৃশ্যৰ কথা ক'ব পাৰি। এই চুটি ছবিবোৰক "একচুৱেলিটি" ছবি বুলি কোৱা হৈছিল। ১৯২৬ চনলৈকে "তথ্যচিত্ৰ" শব্দটোৰ উদ্ভাৱন হোৱা নাছিল। প্ৰযুক্তিগত সীমাবদ্ধতাৰ বাবে অগাষ্ট আৰু লুই লুমিয়েৰে প্ৰথমাৱস্থাত নিৰ্মাণ কৰা বহু ছবিৰ দৈৰ্ঘ্য এক মিনিট বা তাতোকৈ কম আছিল। ১৮৯৬ চনৰ মে’ মাহত বলেছলাভ মাটুচেভস্কিয়ে ৱাৰ্ছ আৰু চেণ্ট পিটাৰ্ছবাৰ্গ চিকিৎসালয়ত কৰা কেইটামান অস্ত্ৰোপচাৰ ছবিত ৰেকৰ্ডিং কৰে। ১৮৯৮ চনত ফৰাচী অস্ত্ৰোপচাৰ বিশেষজ্ঞ ইউজেন-লুই ডয়েনে মাটুচেভস্কি আৰু ক্লেমেণ্ট মৰিছক তেওঁৰ অস্ত্ৰোপচাৰৰ অস্ত্ৰোপচাৰ লিপিবদ্ধ কৰিবলৈ আমন্ত্ৰণ জনায়। ১৮৯৮ চনৰ জুলাই মাহৰ কোনোবা এটা সময়ত তেওঁলোকে পেৰিছত অস্ত্ৰোপচাৰৰ ধাৰাবাহিক ছবি আৰম্ভ কৰিছিল।[3] ১৯০৬ চনলৈকে ডয়েনে ৬০টাতকৈও অধিক অপাৰেচন ৰেকৰ্ড কৰিছিল। ডয়েনে কয় যে তেওঁ প্ৰথমাৱস্থাত অজানিতে কৰা বা অজ্ঞাতে কৰা পেছাদাৰী ভুলবোৰ পাছলৈ শুধৰাবলৈ শিকিছিল। বৈজ্ঞানিক উদ্দেশ্যত ১৯০৬ চনৰ পিছত ডয়েনে তেওঁৰ ১৫খন ছবিক একত্ৰিত কৰি তিনিটা সংকলন প্ৰস্তুত কৰে। ইয়াৰে দুখন এতিয়াও আছে। ছয়খন ছবিৰ ধাৰাবাহিক Extirpation des tumeurs encapsulées (১৯০৬), আৰু চাৰিখন ছবিৰ Les Opérations sur la cavité crânienne (১৯১১)। ডয়েনৰ আন পাঁচখন ছবিও জীয়াই আছে।[4] ১৮৯৮ চনৰ জুলাইৰ পৰা ১৯০১ চনৰ ভিতৰত ৰোমানিয়াৰ অধ্যাপক ঘেঅৰ্গে মেৰিনেস্কুৱে বুখাৰেষ্টত থকা তেওঁৰ স্নায়ুবিজ্ঞান ক্লিনিকত কেইবাখনো বিজ্ঞানৰ ছবি নিৰ্মাণ কৰে: [5] ৱাকিং ট্ৰাবলছ অৱ অৰ্গেনিক হেমিপ্লেজি (১৮৯৮), দ্য ৱাকিং ট্ৰাবলছ অৱ অৰ্গেনিক পেৰাপ্লেজিছ (১৮৯৯), এ কেছ অৱ হিষ্টেৰিক হেমিপ্লেজি হিল্ড থ্ৰু হিপ্নোছিছ (১৮৯৯), দ্য ৱাকিং ট্ৰাবলছ অৱ প্ৰগ্ৰেছিভ ল'ক'ম'চন এটাক্সি (১৯০০), আৰু ইলিনেছ অৱ দ্য মাছলছ (১৯০১)। এই সকলোবোৰ চুটি ছবি সংৰক্ষিত হৈ আছে। অধ্যাপকগৰাকীয়ে তেওঁৰ ৰচনাসমূহক "চিনেমাট'গ্ৰাফৰ সহায়ত অধ্যয়ন" বুলি অভিহিত কৰে আৰু ইয়াৰ ফলাফলসমূহ একেৰাহে কেইবাটাও ফ্ৰেমৰ সৈতে পেৰিছৰ পৰা অহা লা চেমেইন মেডিকেল আলোচনীৰ সংখ্যাত ১৮৯৯ চনৰ পৰা ১৯০২ চনৰ ভিতৰত প্ৰকাশ কৰে।[6] ১৯০০-১৯২০২০ শতিকাৰ আৰম্ভণিতে ট্ৰেভেলগ চিনেমা অতি জনপ্ৰিয় আছিল। বিতৰকসকলে ইয়াক প্ৰায়ে "চিনিক" বুলি কয়। সেই সময়ত দৃশ্যপট আটাইতকৈ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত অন্যতম আছিল।[7]দৃশ্যপটৰ ধাৰণাটোৰ বাহিৰলৈ যোৱা এখন গুৰুত্বপূৰ্ণ প্ৰাৰম্ভিক ছবি আছিল ইন দ্য লেণ্ড অৱ দ্য হেড হাণ্টাৰছ (১৯১৪)। ৰোমাণ্টিকতাবাদ১৯২২ চনত ৰবাৰ্ট জে ফ্লেহাৰ্টিৰ নানুক অৱ দ্য নৰ্থৰ সৈতে তথ্যচিত্ৰই ৰোমাণ্টিকতাক আকোৱালি লৈছিল। এই সময়ছোৱাত ফ্লেহাৰ্টিয়ে কেইবাখনো ৰোমাণ্টিক তথ্যচিত্ৰৰ চিত্ৰগ্ৰহণ কৰিছিল। তেওঁ প্ৰায়ে দেখুৱাইছিল যে তেওঁৰ প্ৰজাসকলে ১০০ বছৰৰ আগতে কেনেকৈ জীয়াই থাকিলহেঁতেন আৰু তেতিয়া তেওঁলোকে কেনেকৈ জীয়াই আছে। উদাহৰণস্বৰূপে, উত্তৰৰ নানুকত ফ্লেহাৰ্টিয়ে তেওঁৰ প্ৰজাসকলক ওচৰৰ শ্বটগানেৰে ৱালৰাছ গুলিয়াবলৈ নিদিলে, বৰঞ্চ তেওঁলোকক ইয়াৰ পৰিৱৰ্তে হাৰ্পুন ব্যৱহাৰ কৰিবলৈ দিলে। ফ্লেহাৰ্টিৰ কিছুমান মঞ্চায়ন, যেনে- ইণ্টেৰিয়ৰ শ্বটৰ বাবে ছাদবিহীন ইগলু নিৰ্মাণ কৰা, সেই সময়ৰ চিত্ৰগ্ৰহণ প্ৰযুক্তিৰ লগত খাপ খুৱাই ল'বলৈ প্ৰয়াস কৰিছিল। আধুনিক কালৰ তথ্যচিত্ৰবক্স অফিচৰ বিশ্লেষকসকলে লক্ষ্য কৰিছে যে তথ্যচিত্ৰৰ ধাৰাটো থিয়েটাৰত মুক্তিৰ ক্ষেত্ৰত ক্ৰমান্বয়ে সফল হৈ উঠিছে৷ উদাহৰণস্বৰূপে ফাৰেনহাইট ৯/১১, ছুপাৰ চাইজ মি, ফুড, ইনক, আৰ্থ, মাৰ্চ অৱ দ্য পেংগুইনছ, আৰু এন ইনকনভিনিয়েণ্ট ট্ৰুথ আদি ছবিসমূহৰ কথা ক'ব পাৰি। নাটকীয় আখ্যানমূলক ছবিৰ তুলনাত তথ্যচিত্ৰৰ বাজেট সাধাৰণতে বহু কম৷ ১৯৬০ চনত প্ৰৱৰ্তিত চিনেমা ভেৰিটে শৈলীৰ পৰা যোৱা ৩০ বছৰত তথ্যচিত্ৰৰ প্ৰকৃতি সম্প্ৰসাৰিত হৈছে য’ত পৰ্টেবল কেমেৰা আৰু শব্দ সঁজুলিৰ ব্যৱহাৰে চলচ্চিত্ৰ নিৰ্মাতা আৰু বিষয়বস্তুৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল। তথ্যচিত্ৰ আৰু আখ্যানৰ মাজৰ ৰেখাডাল ম্লান হৈ পৰে৷ তাৰে ভিতৰত কিছুমান ৰচনা অতি ব্যক্তিগত৷ যেনে-মাৰ্লন ৰিগছৰ টংগুৱেজ আনটাইড (১৯৮৯) আৰু ব্লেক ইজ...ব্লেক আইন'ট (১৯৯৫), য'ত প্ৰকাশভংগী, কাব্যিক আৰু অলংকাৰিক উপাদান সংমিশ্ৰিত হৈ বিষয়ভিত্তিকতাৰ ওপৰত গুৰুত্ব দিয়া হয়৷[8] আধুনিক লঘু ডিজিটেল ভিডিঅ’ কেমেৰা আৰু কম্পিউটাৰ ভিত্তিক সম্পাদনাই তথ্যচিত্ৰ নিৰ্মাতাসকলক বহুখিনি সহায় কৰিছে, লগতে সঁজুলিৰ মূল্যও নাটকীয়ভাৱে হ্ৰাস পাইছে। এই পৰিৱৰ্তনৰ সম্পূৰ্ণ সুবিধা লোৱা প্ৰথমখন ছবি আছিল মাৰ্টিন কুনাৰ্ট আৰু এৰিক মেনেছৰ ভইচছ অৱ ইৰাক, য’ত যুদ্ধৰ সময়ত ইৰাকলৈ ১৫০টা ডিভি কেমেৰা প্ৰেৰণ কৰা হৈছিল আৰু ইৰাকীসকলক নিজকে ৰেকৰ্ডিং কৰিবলৈ প্ৰদান কৰা হৈছিল। শব্দবিহীন তথ্যচিত্ৰশব্দবিহীন তথ্যচিত্ৰৰ ৰূপত কিছুমান ছবি নিৰ্মাণ কৰা হৈছে। ১৯৪২ চনত হামফ্ৰে জেনিংছ আৰু ষ্টুয়াৰ্ট মেকএলিষ্টাৰে পৰিচালনা কৰা লিষ্টেন টু ব্ৰিটেইন ছবিখন যুদ্ধকালীন ব্ৰিটেইনৰ ওপৰত শব্দহীন ধ্যান। ১৯৮২ চনৰ পৰা কাটসি ত্ৰিলজী আৰু অনুৰূপ বাৰাকাক দৃশ্যগত সুৰৰ কবিতা বুলি বৰ্ণনা কৰিব পৰা গ’ল, য’ত ছবিৰ সৈতে সংগীত জড়িত হৈ আছিল, কিন্তু কথিত বিষয়বস্তু নাছিল। কোয়ানিস্কাট্সি (Koyaanisqatsi ত্ৰিলজীৰ অংশ) মূলতঃ সমগ্ৰ আমেৰিকাৰ চহৰ আৰু বহুতো প্ৰাকৃতিক দৃশ্যৰ স্লো মোচন আৰু টাইম-লেপছ ফটোগ্ৰাফীৰে গঠিত। দৈনন্দিন কাম-কাজ আৰু ধৰ্মীয় অনুষ্ঠানত একত্ৰিত হোৱাৰ সময়ত মানৱতাৰ মহান স্পন্দনক বৰাকাই ধৰি ৰাখিবলৈ চেষ্টা কৰে। ২০০৩ চনত নিৰ্মিত বডিছং "শ্ৰেষ্ঠ ব্ৰিটিছ তথ্যচিত্ৰ"ৰ বাবে ব্ৰিটিছ স্বতন্ত্ৰ চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০০৪ চনৰ জেনেছিছ ছবিখনত প্ৰাণী আৰু উদ্ভিদৰ জীৱনক সম্প্ৰসাৰণ, ক্ষয়, যৌনতা আৰু মৃত্যুৰ অৱস্থাত দেখুওৱা হৈছে৷ কিন্তু তাকে কৰিবলৈ কম কথন ব্যৱহাৰ কৰা হৈছে৷ কথন শৈলীভইচ-অভাৰ কথককথনৰ পৰম্পৰাগত শৈলী হ’ল এজন নিবেদিত কথকক এটা চিত্ৰনাট্য পঢ়িবলৈ দিয়া যিটো অডিঅ’ ট্ৰেকত ডাবিং কৰা হয়। কথকক কেতিয়াও কেমেৰাত দেখা নাযায় আৰু বিষয়বস্তুৰ জ্ঞান বা চিত্ৰনাট্য লিখাৰ লগত জড়িত হোৱাটো বাধ্যতামূলক নহ’বও পাৰে। নীৰৱ কথনএই কথন শৈলীত তথ্যচিত্ৰখন দৃশ্যমানভাৱে কথন কৰিবলৈ শিৰোনাম পৰ্দা ব্যৱহাৰ কৰা হয়। পৰ্দাবোৰ প্ৰায় ৫–১০ ছেকেণ্ড ধৰি ৰখা হয় যাতে দৰ্শকে পঢ়িবলৈ পৰ্যাপ্ত সময় পায়। অনুষ্ঠান পৰিৱেশকৰ ৰূপত কথক (Hosted narrator)এই শৈলীত এজন আয়োজক আছে যিয়ে কেমেৰাত উপস্থিত থাকে, সাক্ষাৎকাৰ লয়, আৰু যিয়ে ভইচ অভাৰো কৰে। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia