টকা (বাদ্য)
টকা (বাদ্য) হৈছে অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য টকা। টকা বিহুৰ এক অপৰিহাৰ্য্য অংগ। এই বাদ্যৰ ব্যৱহাৰ অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে এই বাদ্যটি অতি সুলভ। বিহু নামৰ প্ৰাথমিক তাল আছিল হাতচাপৰি, আৰু কালক্ৰমত হাতপৰিৰ চন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল[1]। ব্যৱহাৰসহজ নিৰ্মাণ আৰু ব্যৱহাৰ প্ৰণালীৰ বাবে টকা অসমত এই বাদ্যটি অতি সুলভ। অসমৰ ‘গাভৰু বিহু’ৰ মূল বাদ্য হ’ল টকা। সেইবাবে এই বিহুত কোনো ক্ষেত্ৰত টকা বিহু বুলি ও জনা যায়। সেইদৰে জেং বিহুৰো মূল বাদ্য হ’ল টকা, গগণা আৰু সুতুলী[1]। নিৰ্মাণ প্ৰণালী আৰু প্ৰকাৰটকা মূলতঃ বাঁহেৰে নিৰ্মিত এবিধ সৰল বাদ্য। অসমীয়া লোকসংগীতত তিনি প্ৰকাৰৰ টকা ব্যৱহাৰ কৰা দেখা যায়। প্ৰত্যেক বিধ টকাৰ নিৰ্মাণ শৈলীৰ সামান্য পাৰ্থক্য আছে। টকাৰ প্ৰকাৰ বিলাক হ’ল[1]:
পাতি টকা বা হাত টকাএই টকা ২ ৰ পৰা ১.৫ ফুট মান দৈৰ্ঘ্যৰ হয়। হাতত লৈ সহজে বজাব পাৰি কাৰণে ইয়াৰ অন্য নাম হাত টকা। দুয়োমূৰে গাঁঠি থকা জাতি বাহৰ বুঢ়া পাব এটাৰ টকা নিৰ্মাণ কৰিবলৈ বাছনি কৰা হয়। পাবটো চুচি মাজি নিমজ কৰি লোৱাৰ পাছত, এফালৰ পৰা ফালি অনফালৰ গাঁঠিটো ৰাখিদিয়া হয়, তাৰ পাছত গাঠি থকা ফালৰ পৰা প্ৰায় ৬ ইঞ্চি ওপৰত দুয়োটা ফাল চাচি বজাবৰ সুবিধাৰ বাবে নমনীয় কৰি তোলা হয়। এতিয়া তাৰে এফাল হাতেৰে ধৰিলৈ আনটো ফাল ইখন হাতৰ আঙুলিৰে ধৰি তাত কোবালেই টকাৰ মাত ওলায়[1]। বৰ টকা বা মাটি টকাবৰ টকাৰ নিৰ্মাণ প্ৰণালী পাতি টকাৰ দৰেই, মাত্ৰ আকাৰত ই যথেষ্ট ডাঙৰ। বাঁহৰ তিনিটা পাবেৰে এই টকা নিৰ্মাণ কৰা হয়, আৰু ইয়াক হাতত লোৱাৰ পৰিবৰ্তে মাটিত থৈ বজোৱা হয়। জেং টকা বা ধুতংধুতং (কোনো কোনো অঞ্চলত জেং টকা বুলিও জনা যায়) ৰ নিৰ্মাণ প্ৰক্ৰিয়া অলপ জটিল আৰু ইয়াৰ মাতো বেছি শুৱলা। বেঁতেৰে টানকৈ গাঁঠি দি, বাঁহৰ পাবটো আৰু শলা দুডালৰ মাজত দুফালে দুটা ফৰিঙা সুমুৱাই দিয়া হয়, যাতে শলা দুডাল টনটনীয়া হৈ থাকে। এতিয়া শলা দুডালৰ লগতে ধুতঙৰ গাত এডাল মাৰিৰে কোবাই বিভিন্ন স্বৰৰ শব্দ সৃষ্টি কৰা হয়। কোবোৱাৰ সময়ত শলা দুডালত আঙুলিৰে চেপি ধৰিও বেলেগ স্বৰৰ সৃষ্টি কৰিব পাৰি। এই তিনি প্ৰকাৰৰ উপৰিও অসমৰ কোনো কোনো জনগোষ্ঠীয়ে তেৰটা পাবেৰে বনোৱা টকাও ব্যৱহাৰ কৰে বুলি জনা যায়। বড়ো সকলে ব্যৱহাৰ কৰা টকাক থৰকা বুলি কয়[1]। সম্পৰ্কীয় গ্ৰন্থপঞ্জী
লগতে চাওকতথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia