জেং বিহু
জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু বিশেষ। ইয়াক গাভৰু বিহু বুলিও কোৱা হয়। এই বিহুত পুৰুষৰ কোনো গুৰুত্ব নাই। লগতে ঢোল,তাল, বাঁহী, পেঁপা আদি বাদ্যৰো গুৰুত্ব নাই। হাতত টকা আৰু হাত চাপৰি বজাই মহিলাসকলে এই নৃত্য বৃত্তাকাৰে পৰিৱেশন কৰে। বিহু নচা নাচনীৰ নৃত্যৰ ভৰত ভূমি উৰ্বৰা হয় বুলি বিশ্বাস কৰা হয়। জেং বিহু নামটো কোনে কেতিয়া দিছিল তাৰ ইতিহাস পাবলৈ নাই। হেমকোষ, চন্দ্ৰকান্ত অভিধান বা ৰজনীকান্ত বৰদলৈৰ উপন্যাসমূহতো জেংবিহু শব্দটো পোৱা নাযায়। মতভেদজেংবিহু নামকৰণত বহু মতভেদ আছে। যেনে-
এই সূত্ৰসমূহৰ মতে ্জেং বিহুত জেং এডালৰ প্ৰয়োজন। জেং থকা বাঁহ অথবা গছৰ ডাল এটা পুতিও এই বিহু অনুষ্ঠিত কৰা হৈছিল। কোনো কোনোৱে সেই জেঙতে বিহু ডাঙৰীয়ালৈ বুলি এখনি ফুলাম গামোচা আগবঢ়ায়। কোনোৱে গুৱা-পাণ এজোৰ অথবা ফুলৰ মালা এধাৰি আঁৰি দিয়ে। আগৰ দিনত গাভৰু ছোৱালীয়ে গছৰ তলত পতা গাভৰু বিহুৰ ইয়াৰ সাদৃশ্য ভালেখিনি। প্ৰদীপ চলিহাৰ মতে,"জেং বিহুৰ অৰ্থ নিভাঁজ বিহু অৰ্থাৎ নিভাঁজ গাভৰু বিহু।" হাত চাপৰিৰ উপৰি টকা আৰু গগণা বজাই গাভৰুহঁতে জেংবিহু পাতিছিল। ডেকাৰ প্ৰৱেশ ৰুদ্ধ এই জেং ডালে প্ৰতীক ৰূপ গ্ৰহণ কৰা বুলি কোৱা হয়। আগেয়ে জেংবিহু তিনিদিন ধৰি চলিছিল। আজিকালি উজনিৰ ভিতৰুৱা গাঁৱত এদিন বা দুদিনহে চলে। বৰ্তমান মঞ্চত গছৰ ডাল এডাল পুতি গাভৰুৱে মৰা বিহুকেই জেংবিহু আখ্যা দিয়া দেখা যায়।[1] জেং বিহু সম্পৰ্কীয় বিহুগীততামোল কাটি কাটি অকলে নাখাবা আমাকো এখন দিবা চ'তে গৈয়ে গৈয়ে বহাগে পালেহি বৰঘৰৰ মুধতে তাঁতে বৈ আছিলোঁ তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia