জ্যোতিষ ভট্টাচাৰ্য্য
জ্যোতিষ ভট্টাচাৰ্য্য (ইংৰাজী: Jyotish Bhattacharya) জোতিষ ভট্টাচাৰ্য্য আছিল এগৰাকী অসমৰ দৰদী কণ্ঠৰ গায়ক তথা অনাতাঁৰ শিল্পী। জ্যোতিষ ভট্টাচাৰ্য্যই জন্ম গ্ৰহণ কৰিছিল ১৯৩৭ চনৰ ১৩ ছেপ্টেম্বৰত। ডিব্ৰুগড় চহৰৰ এক সংগীতৰ পৰিবেশ থকা পৰিয়ালত। দেউতাকৰ নাম আছিল গুনেশ ভট্টাচাৰ্য্য আৰু মাতৃৰ নাম আছিল কামাখ্যা দেৱী। [1]মাক কামাখ্যা দেৱীয়ে ঘৰতে গুণগুণাইছিল ভজন আৰু গজল। সৰুতে মাকৰ মুখত গীত শুনি জ্যোতিষ ভট্টাচাৰ্য্য সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। তদুপৰি ককায়েক সুৰেশ ভট্টাচাৰ্য্যক গুৰুৱে ঘৰতে দিয়া তবলা, বেহেলা আদিৰ শিক্ষাও দেখি শুনি জ্যোতিষ ভট্টাচাৰ্য্যই সেইবিলাক কলা আয়ত্ত্ব কৰিছিল। পাছত তেওঁ ডিব্ৰুগড়ৰ প্ৰসিদ্ধ সংগীতজ্ঞ প্ৰয়াত কনক চন্দ্ৰ দাসৰ ভাতৃ প্ৰয়াত ৰমেশ দাসৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। অতি কম বয়স সাত-আঠ বছৰৰ পৰাই তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল। শাস্ত্ৰীয় সংগীতৰ শিক্ষা গুৰু আছিল কলিকতাৰ গোপাল বেনাৰ্জী। জ্যোতিষ ভট্টাচাৰ্য্যই অতি সৰুকালৰেপৰাই সাত-আঠ বছৰ বয়সৰ পৰাই গীত গাবলৈ লৈছিল। তেওঁ গোৱা গীতবোৰৰ বেছিভাগ নিজেই সুৰ দিছিল। গীতৰ সুৰ বিলাক গজলৰ দৰে। কৰ্মজীৱনজ্যোতিষ ভট্টাচাৰ্যই প্ৰথম আনুষ্ঠানিকভাৱে গীত গাবলৈ আৰম্ভ কৰিছিল শিৱসাগৰৰ সেউজীয়া সমাজৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা সঙ্গীতৰ প্ৰতিযোগিতাখনত। স্থানীয়, ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা সঙ্গীতৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ সন্মান লাভ কৰিছিল। ১৯৫৭ চনত দিল্লীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় আন্তঃবিশ্বদ্যালয় সন্মিলনত ডিব্ৰুগড় হনুমান বক্স সূৰুজমল কানৈ কলেজৰ হৈ যোগদান কৰি গজল গাই ভুয়সী প্ৰশংসা লাভ কৰিছিল। সেই সময়ত সেই অনুষ্ঠানত সেই সময়ৰ বিখ্যাত সংগীত শিল্পী মহেন্দ্ৰ কাপুৰ আৰু সন্তোৰবাদক শিৱ কুমাৰ শৰ্মা উপস্থিত আছিল। মহেন্দ্ৰ কাপুৰে জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠত মুগ্ধ হৈ প্ৰশংসা কৰিছিল।[2]জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠ আছিল একক। অসমৰ প্ৰসিদ্ধ গায়কসকলৰ কণ্ঠৰ লগত জ্যোতিষ ভট্টাচাৰ্য্যৰ কণ্ঠৰ মিল নাই। জ্যোতিষ ভট্টাচাৰ্যই শুদ্ধ কণ্ঠস্বৰৰ ওপৰত বেছি গুৰুত্ব দিছিল। আধুনিক গীতৰ লগতে গজল আৰু ভজন আদিও গাইছিল। ডিব্ৰুগড়ৰ কানৈ কলেজত পঢ়ি থকা অৱস্থাতে তেওঁ শিক্ষা গুৰু হিচাপে লগ পাইছিল বিখ্যাত গীতিকাৰ তফজ্জুল আলীক। তফজ্জুল আলীৰ বহু গীত জ্যোতিষ ভট্টাচাৰ্যই নিজেই সুৰ দি গাইছিল। ১৯৬৪ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 'সুৰৰ শৰাই' অনুষ্ঠানত পোনপ্ৰথমবাৰৰ বাবে গীত পৰিৱেশন কৰি অনাতাঁৰ শিল্পী ৰূপে আত্মপ্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত তেওঁ গোৱা গীত দুটা আছিল ক্ৰমে পদ্ম বৰকটকীৰ 'মোৰ কবিতাৰ কঁপনি তোলে কাৰ কণ্ঠৰ সুৰে...'আৰু আনটো আছিল প্ৰশান্ত বৰুৱাৰ 'পৰশমণিৰ পৰশ বিচাৰি ভুল যে কৰিছিল তই...। 'অনাতাঁৰ শিল্পী হোৱাৰ পাছত তেওঁ ৰাইজৰ মাজত তেওঁ বেছি জনপ্ৰিয় হ'বলৈ ধৰে।[3]জ্যোতিষ ভট্টাচাৰ্যই নিজেই সুৰ দি গীত গোৱাৰ উপৰিও হাৰমনিয়াম, তবলা,ভায়'লিন আদি বাদ্যযন্ত্ৰও ব্যৱহাৰত নিপুনতা দেখুৱাইছিল। তেওঁ ১৫০ ৰো অধিক গীত গাইছিল [4] ১৯৭০ চনত তেওঁ ডিব্ৰুগড়ৰ জৰ্জ স্কুলৰ শিক্ষকতাৰ চাকৰি এৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত চাকৰি কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত ১৯৭৪ চনত সুগম সঙ্গীতৰ অনুষ্ঠানত প্ৰথম শিল্পী আছিল জ্যোতিষ ভট্টাচাৰ্য। হেমন্ত গোস্বামীৰ'এতিয়া বহু নিশা সাৰে আছোঁ মাথোঁ মই...'আৰু হীৰেন গোহাঁইৰ ' জানিছিলোঁ তুমি আহিলা...'এই গীত দুটা সুৰ দি গাইছিল। ১৯৮২ চনত তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত সঙ্গীত বিভাগৰ প্ৰযোজক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ৬০ ৰ দশকৰ শেষৰ ফালে ভূপেন হাজৰিকাই ডিব্ৰুগড় ভ্ৰমণ কালত জ্যোতিষ ভট্টাচাৰ্যৰ গীত শুনি তেওঁক অসমৰ 'তালাত মেহমুদ ' তথা 'জুনিয়ৰ তালাত মেহমুদ বুলি কৈছিল। জ্যোতিষ ভট্টাচাৰ্যৰ গানৰ বৈশিষ্ট্যৰ ফালে চাই তেওঁক 'অসমৰ গজল সম্ৰাট ' বুলি কোৱা হয়। মৃত্যুজ্যোতিষ ভট্টাচাৰ্যই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত চাকৰি কৰি থকা অৱস্থাতে ১৯৯১ চনৰ ২৩ চেপ্তেম্বৰ তাৰিখে মৃত্যুক সাৱটি লয়। জ্যোতিষ ভট্টাচাৰ্যই কণ্ঠদান কৰা গীত সমূহ
তথ্যৰ উৎস |
Portal di Ensiklopedia Dunia