জৈন সাহিত্য
জৈন সাহিত্য ( সংস্কৃত : जैन साहित्य) বুলিলে জৈন ধৰ্মৰ সাহিত্যক বুজোৱা হয়। ই এক বিশাল আৰু প্ৰাচীন সাহিত্য পৰম্পৰা, যিটো প্ৰথম অৱস্থাত মৌখিকভাৱে প্ৰচাৰিত হৈছিল। অৰ্ধমাগধী প্ৰাকৃত (মধ্য-ইণ্ডো আৰ্য) ভাষাত লিখা কেননিক জৈন আগমত বৰ্তমানৰ আটাইতকৈ পুৰণি সামগ্ৰী সন্নিবিষ্ট কৰা হৈছে। এই নীতিগত গ্ৰন্থসমূহৰ ওপৰত পৰৱৰ্তী জৈন সন্ন্যাসীসকলে বিভিন্ন ধৰণৰ টীকা লিখিছিল। পিছৰ গ্ৰন্থসমূহ ধ্ৰুপদী সংস্কৃত আৰু মহাৰাষ্ট্ৰী প্ৰাকৃতৰ দৰে আন ভাষাতো ৰচনা কৰা হৈছিল। জৈন সাহিত্য মূলতঃ দিগম্বৰ আৰু শ্বেতাম্বৰ ধৰ্ম-নীতি-নিয়মৰ মাজত বিভক্ত। কোনবোৰ গ্ৰন্থক কৰ্তৃত্বশীল বুলি গণ্য কৰা উচিত সেই সম্পৰ্কে জৈন ধৰ্মৰ এই দুটা প্ৰধান সম্প্ৰদায়ৰ মাজত সদায় একমত নহয়। অধিক শেহতীয়া জৈন সাহিত্য আন ভাষাতো লিখা হৈছে, যেনে, মাৰাঠী, তামিল, ৰাজস্থানী, ঢূণ্ঢাড়ী, মাৰোৱাৰী, হিন্দী, গুজৰাটী, কন্নড়, মালয়ালম আৰু শেহতীয়াকৈ ইংৰাজীত । তথ্য সংগ্ৰহ |