ঢূণ্ঢাড়ী ভাষা
ঢূণ্ঢাড়ী বা জয়পুৰী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ চাৰিখন জিলা: জয়পুৰ, সৱাই মাধোপুৰ, দৌসা আৰু তোংকত ব্যৱহাৰ কৰা হয়।[2] ১৫ লাখ মানুহে কোৱা এই ভাষা ৰাজস্থানৰ আটাইতকৈ জনপ্ৰিয় কথিত ভাষাৰ মাজত নপৰিলেও, ই উল্লিখিত অঞ্চলকেইটাত ভালেমান ব্যৱহাৰ কৰা হয়। এই ব্যৱস্থা ৰাজস্থানৰ ৰাজধানী জয়পুৰ আৰু তাৰ ওচৰৰ অঞ্চলত বিদ্যমান। সাহিত্যভাষাবিদ জি এ গ্ৰিয়েৰ্ছনৰ মতে, জয়পুৰী ৰাজস্থানীৰ মধ্য পূৰ্বী উপভাষা। মেকএলিষ্টাৰে ২৪ ফেব্ৰুৱাৰী ১৮৮৪লৈকে ভাষাটোৰ ব্যাকৰণ তৈয়াৰ কৰি উলিয়াইছিল। জৈন দৰ্শন বিষয়ক গ্ৰন্থ যেনে মোক্ষ মাৰ্গ প্ৰকাশক ঢূণ্ঢাড়ী ভাষাত পণ্ডিত তোডৰমলে লিখি উলিয়াইছে। চেৰামপোৰ মিছনাৰীসকলে ১৮১৫ চনতে জয়পুৰী ভাষাত বাইবেলৰ নতুন টেষ্টামেণ্ট ছপা কৰিছিল।[3] শব্দ সম্ভাৰআধুনিক ঢূণ্ঢাড়ী [rwr] আৰু মানক হিন্দী ভাষাৰ শব্দ সম্ভাৰৰ সামঞ্জস্য ৭৫ৰ পৰা ৮০%।[4] এই ভাষাৰ হিন্দীৰ সৈতে অনেক সহোদ্ভৱী শব্দ আছে। তদুপৰী, অন্যান্য ৰাজস্থানী ভাষাৰ সৈতেও এই ভাষাৰ শব্দসমূহৰ মিল আছে। বৰ্তমানে কোনো কোনো অঞ্চলত, এই ভাষাক হিন্দী বা আন ভাষাৰ সৈতে মিহলি কৰি কোৱা হয়। বাক্য গাঁথনিঢূণ্ঢাড়ী ভাষাত অন্য ভাৰতীয়-আৰ্য ভাষাৰ দৰেই বিষয়-বস্তু-ক্ৰিয়া ক্ৰম মানি চলা হয়। যদিও বাক্য গাঁথনি কিছু পৰিমাণে হিন্দীৰ সৈতে মিলে, প্ৰশ্নবোধক শব্দ আদি প্ৰায় হিন্দীতকৈ পৃথক। লিপিঢূণ্ঢাড়ী প্ৰায় দেৱনাগৰী লিপিৰে লিখা হয়। পিচে বৰ্তমানে হিন্দী ভাষাৰ প্ৰভাৱত, লিখিত ঢূণ্ঢাড়ী দেখিবলৈকে নোহোৱা হৈছে। ব্যৱহাৰযদিও জয়পুৰী ভাষা ভাষী লোকে ঘৰত এই ভাষা কয়, বিগত কেইবাপুৰুষৰে পৰা ঘৰতো এই ভাষা হিন্দীৰ সৈতে মিহলি হৈহে ব্যৱহাৰ হ'ব ধৰিছে। ৰাজহুৱা স্থানত এই ভাষা বজাৰ পোহাৰত জয়পুৰী ভাষী লোকে ব্যৱহাৰ কৰে। স্কুলত এই ভাষা পৃথক বিষয় হিচাপে ক'তো পঢ়োৱা নহয়। পিচে গাওঁ অঞ্চলত, প্ৰায় সকলো বিষয় অনানুষ্ঠানিকভাৱে জয়পুৰীৰ মাধ্যমেৰেই পঢ়োৱা হয়। বিগত কেইটামান দশকত অনেক ঢূণ্ঢাড়ী ভাষী মানুহে নিজৰ ভাষা ত্যাগ কৰি হিন্দী ভাষা গ্ৰহণ কৰিব ধৰিছে, আৰু এই ঘটনা বৰ্তমানেও চলি আহিছে। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|