জুন্হেব’ট’ জিলাএই প্ৰবন্ধটো জুন্হেব’ট’ জিলাৰ বিষয়ে। সদৰ ঠাইৰ বাবে জুনহেব'ট' চাওক।
জুন্হেব’ট’ (Zunheboto, উচ্চাৰণ:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ ভৌগোলিক অৱস্থানএই জিলাৰ উত্তৰে নাগালেণ্ডৰ মোককচাং জিলা, পশ্চিমে ক’হিমা জিলা আৰু ৱখা জিলা, দক্ষিণে ফেক জিলা আৰু পূবে টুৱেনচাং আৰু কিফিৰে জিলা৷ এই জিলাৰ সদৰ ঠাই জুন্হেব’ট’৷ জিলাখনৰ সৰহভাগ অঞ্চলেই পাহাৰীয়া আৰু চিৰসেউজীয়া বনাঞ্চলেৰে আগুৰা৷ এই জিলাত চাটৈ ৰেঞ্জ অৱস্থিত যি পক্ষী নীৰিক্ষক আৰু জীৱবিজ্ঞানীসকলৰ গৱেষণাৰ প্ৰধান থলী৷ এই অংশটো Satakha মহকুমাৰ দহখন গাওঁ লৈ গঠিত হৈছে৷ চাটৈ ৰেঞ্জক ভাৰতৰ Important Bird Area আৰু Endemic Bird Area হিচাপে স্বীকৃতি দিয়া হৈছে৷ বহুতো আপুৰুগীয়া চৰাই যেনে Blyth'sTragopan, Kalij Pheasent আৰু Peacock Pheasent ইত্যাদি অঞ্চলটোত দেখিবলৈ পোৱা যায়৷ জনসংখ্যা২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ মুঠ জনসংখ্যা ১৪০,৭৫৭ জন।[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৮৷[1] এই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮১ গৰাকী৷[1] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৬.২৬%।[1] জুন্হেব’ট’ৰ সংখ্যাগৰিষ্ঠ লোক চুমি নগা (Sumi Nagas) জনজাতিৰ৷ এই জিলাত খ্ৰীষ্টান মিছনেৰীসকলৰ আগমণৰ সময়লৈকে মুণ্ড চিকাৰ (Head hunting) প্ৰচলিত আছিল৷ এই জিলাৰ অধিকাংশ লোকৰ মূল জীৱিকা কৃষি৷[2] শিক্ষাএই জিলাৰ আকুলুট’ (Akuluto) মহকুমাৰ লুমামি (Lumami) গাঁৱত নাগালেণ্ড বিশ্ববিদ্যালয় অৱস্থিত৷ তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia