ক’হিমা জিলাএই প্ৰবন্ধটো ক’হিমা জিলাৰ বিষয়ে। সদৰ ঠাইৰ বাবে ক’হিমা চাওক।
ক’হিমা জিলা (pron:/ˈkəʊhɪˌmɑː or kəʊˈhiːmə/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাখনৰ মূল অধিবাসীসকল আংগামী নগা জনজাতিৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ মুঠ এঘাৰখন জিলাৰ ভিতৰত ডিমাপুৰৰ পিছতে ক’হিমা দ্বিতীয় জনবসতিপূৰ্ণ জিলা৷[1] ইতিহাসভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বে ক’হিমা ’নাগা হিলছ ডিষ্ট্ৰিক্ট’ৰ অন্তৰ্ভুক্ত আছিল আৰু এই জিলাৰ সদৰ ঠাই আছিল ক’হিমা৷ [2] ১৯৬১ চনৰ এক ডিচেম্বৰত নাগালেণ্ডৰ অন্যতম জিলা হিচাপে ক’হিমা জিলাৰ প্ৰতিষ্ঠা হয়৷[3] ১৯৭৩ চনত এই জিলাৰ পৰাই ফেক আৰু ৱখা জিলা আৰু ১৯৯৭ চনত ডিমাপুৰ জিলা সৃষ্টি কৰা হয়৷[4][5] অৱশেষত ২০০৩ চনৰ পেৰেণ জিলাৰ সৃষ্টিয়ে ক’হিমা জিলাৰ বৰ্তমানৰ ৰূপ দিয়ে৷[6] প্ৰশাসন![]() ক’হিমা জিলাৰ মূল প্ৰশাসনিক বিষয়া হ’ল উপায়ুক্ত (deputy commissioner)৷ প্ৰতিটো প্ৰশাসনিক চাৰ্কোলৰ তত্বাবধানৰ বাবে তেওঁৰ অধীনত বিভিন্ন সংযোজিত ডেপুটি কমিশ্যনাৰ (additional deputy commissioners) আৰু মহকুমা বিষয়া (sub-division officers; SDOs) থাকে৷[7] ইয়াৰ উপৰিও ক’হিমাৰ এটা জিলা নাগৰিক উন্নয়ন পৰিষদ (District Urban Development Agency) আছে৷ [8] ক’হিমা জিলাখন আঠটা প্ৰশাসনিক চাৰ্কোল (administrative circles) ত বিভক্ত কৰা হৈছে- Tseminyu, Tsogin, Chiephobozou, Botsa, কেজ’চা (Kezocha), জখমা (Jakhama), Kohima Sadar আৰু Sechu-Zubza৷ এই চাৰ্কোলসমূহ চাৰিটা গ্ৰাম্য উন্নয়ন বিভাগ (Rural Development Blocks) ত বিভক্ত- ক’হিমা(Kohima Sadar আৰু Sechu-Zubza), Chiephobozou (Chiephobozou, Botsa আৰু কেজ’চাৰ কিছু অংশ), জখমা (জখমা আৰু কেজ’চাৰ বাকী অংশ) আৰু Tseminyu (Tseminyu আৰু Tsogin).[3] জনসংখ্যা২০১১ চনৰ লোকপিয়ল অনুসৰি ক’হিমাৰ মুঠ জনসংখ্যা ২৬৭,৯৮৮ ৷ ইয়াৰে ৪৫% লোক চহৰ অঞ্চলত বাস কৰে৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৭৬৷ ক’হিমাৰ প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯২৮ গৰাকী৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৮৫%৷[1] ক’হিমাৰ মূল অধিবাসী হৈছে আংগামী নগা আৰু ৰেংমা নগা জনজাতিৰ লোকসকল৷[উদ্ধৃতিৰ প্ৰয়োজন] ভাষাভৌগোলিক অৱস্থানজলবায়ু
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia