জাতি নেউল
জাতি নেউল (ইংৰাজী: Indian grey mongoose, বৈজ্ঞানিক নাম-Urva edwardsii) নেউলৰ এটা প্ৰজাতি৷ ই প্ৰধানকৈ ভাৰত, পাকিস্তান, নেপাল, শ্ৰীলংকা কে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলসমূহত পোৱা যায়৷ বিৱৰণজাতি নেউলৰ দেহৰ আকাৰ মধ্যমীয়া, ছালৰ ৰং ৰঙচুৱা মুগা, ঠেং কেইটা ক'লা চানেকীয়া (Blackish) আৰু ভোবোৰা (bushy) নেজডালৰ আগটো বগা৷[2] ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩৬-৪৫ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৪৫ ছে:মি:৷ জাতি নেউলৰ দেহৰ ওজন প্ৰায় ০.৯-১.৭ কিলোগ্ৰাম৷ ইয়াৰ মতাবোৰৰ দেহৰ আকাৰ মাইকী নেউলতকৈ ডাঙৰ হয়৷ বাসস্থানজাতি নেউলে মুকলি অৰণ্য, কাইঁটীয়া জোপোাহা, খেতি-পথাৰ আদি অঞ্চলত বাস কৰে৷ ই গাঁত খান্দি, নাইবা শিলাময় অঞ্চলত শিলৰ ফাঁকত বাস কৰে৷ আচৰণজাতি নেউল চিকাৰত পটু আৰু ক্ষিপ্ৰ৷ তাৰোপৰি ই গছতো অতি ক্ষিপ্ৰতাৰে বগাব পাৰে৷ ইয়াক সাধাৰণতে অকলশৰে বা যোৰ পাতি চৰা দেখা যায়৷ খাদ্যনিগনি, সাপ, চৰাইৰ কণী-পোৱালি, জেঠী আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণীসমূহ নেউলৰ প্ৰধান খাদ্য৷ আলোকচিত্ৰৰ ভঁৰাল
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia