জলাতংক
জলাতংক বা ৰেবিজ (ইংৰাজী: Rabies) মানুহ আৰু আন উষ্ণ ৰক্তৰ জন্তুৰ মগজুত একিউট প্ৰদাহৰ সৃষ্টি কৰা এটা ভাইৰেল ৰোগ।[1] প্ৰাৰম্ভিক লক্ষণবোৰ হৈছে জ্বৰ আৰু সংক্ৰমণৰ ঠাইত জিনজিননি[1] ইআৰ পাছত আন কিছুমান লক্ষণে দেখা দিয়ে: জোৰ সঞ্চালন, অনিয়ন্ত্ৰিত উত্ৰাৱলতা, পানীলৈ ভয় (জলাতংক), শৰীৰৰ কোনো অংশ লৰচৰ কৰাৰ অক্ষমতা, বিভ্ৰান্তি আৰু হুঁচ হেৰুওৱা।[1] এবাৰ লক্ষণে দেখা দিলে মৃত্যু প্ৰায় অৱশ্যম্ভাৱী।[1] সংক্ৰমণ হোৱাৰ পাছত লক্ষণে দেখা দিবলৈ এমাহৰ পৰা তিনিমাহ সময় লাগিব পাৰে, কিন্তু এই সময় এসম্তাহকৈও কম বা এবছৰতকৈও বেছি হ'ব পাৰে।[1] ভাইৰাছটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ পাবলৈ লগা দূৰত্বৰ ওপৰত এই সময় নিৰ্ভৰ কৰে।[2] জলাতংক ৰোগ ৰেবিজ ভাইৰাছ আৰু অষ্ট্ৰেলীয় বাদুলী লিছাভাইৰাছকে ধৰি লিছাভাইৰাছ ৰ পৰা হয়।[3] সংক্ৰমিত জন্তুৱে আন জন্তুক আঁচুৰিলে বা কামুৰিলে জলাতংক ৰোগ বিয়পে।[1] সংক্ৰমিত জন্তুৰ লেলাউটি চকু, মুখ আৰু নাকৰ সংস্পৰ্শত আহিলেও এই ৰোগ বিয়পে।[1] বিশ্বজুৰি কুকুৰৰ পৰাই বেছিকৈ এই ৰোগ হয়[1] কুকুৰৰ জলাতংক থাকিলে ৯৯% ক্ষেত্ৰত কুকুৰে কামোৰাৰ ফলতে এই ৰোগ হয়।[4] ভাৰতত বছৰি প্ৰায় ১৮০০০-২০০০০ জলাতংক ৰোগৰ তথ্য পোৱা যায় আৰু বিশ্বৰ মুঠ জলাতংক মৃত্যুৰ ৩৬% সংঘটিত হয়।[5] আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত মানুহৰ অধিকাংশ জলাতংক কাৰণ হৈছে বাদুলী, আৰু ৫%তকৈও কম ক্ষেত্ৰত কুকুৰৰ পৰা হয়।[1][4] এন্দুৰৰ কাচিৎহে জলাতংক ৰোগ হয়।[4] প্ৰান্তীয় স্নায়ুতন্ত্ৰৰে ৰেবিজ ভাইৰাছ মগজুলৈ যায়। লক্ষণ দেখা দিয়াৰ পাছতহে এই ৰোগ নিৰূপণ কৰিব পাৰি।[1] জন্তুৰ নিয়ন্ত্ৰণ আৰু প্ৰতিষেধকৰ ব্যৱহাৰে বিশ্বৰ বহু অঞ্চলত কুকুৰৰৰ পৰা জলাতংকৰ আশংকা কমাইছে।[1] বেছি আশংকা থকা মানুহক আগতীয়াকৈ প্ৰতিষেধক দিয়াটো আৱশ্যক। বেছি আশংকা থকাসকলৰ ভিতৰত আছে গৱেষণাগাৰত ৰেবিজ ভাইৰাছৰ সংস্পৰ্শলৈ অহা লোক, বা ৰেবিজ আক্ৰান্ত অঞ্চলত কুকুৰ, বাদুলী বা আন স্তন্যপায়ী জন্তুৰ সংস্পৰ্শত বেছিকৈ থকা লোক।[1] ভাইৰাছ গাত সোমালে লক্ষণ আৰম্ভ হোৱাৰ আগতেই ৰেবিজ প্ৰতিষেধক আৰু ৰেবিজ ইম্যুন'গ্লবুলিনৰ ব্যৱহাৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰে।[1] আঁচোৰ আৰু কামোৰৰ ঠাই ১৫ মিনিট জুৰি চাবোন আৰু পানী, প'ভিডন আয়'ডিন, বা ডিটাৰজেণ্টেৰে ধুলে ভাইৰাছ কণিকাৰ সংখ্যা কমিব পাৰে আৰু ৰোগ প্ৰতিৰোধত সহায় কৰিব পাৰে[1][6] লক্ষণ আৰম্ভ হোৱাৰ পাছত মাত্ৰ কেইজনমনা লোকেহে জলাতংকৰ পৰা ৰক্ষা পাইছে। এওঁলোকৰ ক্ষেত্ৰত মিল্ৱাকী প্ৰ'ট'কল নামৰ বিস্তৃত চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হৈছিল।[7] জলাতংক ৰোগে বিশ্বজুৰি বছৰি ২৬,০০০ ৰ পৰা ৫৫,০০০ লোকৰ মৃত্যু ঘটায়।[1][8] ৯৫%তকৈও অধিক ৰেবিজ মৃত্যুৰ ঘটনা আফ্ৰিকা আৰু এছিয়াত হয়।[1] ১৫০ খনতকৈও অধিক দেশ আৰু এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে ৰেবিজ ৰোগ আছে।[1] বিশ্বৰ জলাতংক হোৱা অঞ্চলবোৰত ৩০০ কোটিতকৈ অধিক লোকে বাস কৰে।[1] অষ্ট্ৰেলিয়া, কানাডা, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম ইউৰোপত কুকুৰৰ এই ৰোগ নহয়।[9][10] বহু ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰত ৰেবিজ একেবাৰেই নহয়।[11] তথ্য উৎস
অতিৰিক্ত পঠন
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia