ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ
ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন (International Classification of Diseases (ICD)) ১৮৫০ চনৰ পৰাই ৰোগ সমূ্হক অধ্যয়ন আৰু গৱেষণাৰ সুবিধাৰ শ্ৰেণী বিভাজন কৰাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰচেষ্টাৰেই ১৮৯৩ চনত প্ৰথমে 'আন্তৰ্জাতিক পৰিসংখ্যা প্ৰতিষ্ঠান'-এ (International Statistical Institute) প্ৰথমে 'মৃত্যুৰ কাৰণৰ তালিকা' (List od Causes of Death) প্ৰকাশ কৰে। এই তালিকাৰ ষষ্ঠ সংশোধনী 'বিশ্ব স্বাস্থ্য সংঘ'ৰ (World Health Organization) তত্ত্বাৱধানত প্ৰকাশ কৰা হয়। ইয়াৰ নাম দিয়া হয় 'ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন' (International Classification of Diseases, চমুকৈ ICD)। ১৯৬৭ চনত 'বিশ্ব স্বাস্থ্য সদন'ত 'WHO ৰোগ নামকৰণ নিয়মাৱলী'ৰ (WHO Nomenclature Regulations) আধাৰত প্ৰস্তুত কৰি উলিয়ায় আৰু সংঘ ৰাষ্ট্ৰ সমূহক ৰোগৰ নামকৰণৰ বাবে ICD-ৰ সৰ্বশেষ সংশোধনী ব্যৱহাৰ কৰাৰ উপদেশ দিয়ে। ১৯৯০ চনত 'বিশ্ব স্বস্থ্য সদন'-এ ICD-ৰ দশম সংষ্কৰণ প্ৰস্তুত কৰে আৰু ১৯৯৪ চনৰপৰা সংঘ ৰাষ্ট্ৰসমূহৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। বৰ্তমানেও এই সংষ্কৰণকে ব্যৱহাৰ কৰা হৈছে। অৱশ্যে একাদশ সংষ্কৰণৰ কাম এতিয়া চলি আছে। ICD-য়ে সকলো ৰোগ, স্বাস্থ্য পৰিচালনাৰ বিভিন্ন দিশ আৰু ৰোগী চিকিৎসাৰ সমূহ দিশকে সাঙুৰিলৈ নিৰ্দিষ্ট নিয়মেৰে শ্ৰেণিবিভাজন আৰু নামকৰণ কৰে। ৰোগৰ চিকিৎসা, চিকিৎসা সম্পৰ্কীয় ব্যয় নিৰ্ধাৰণ, ৰোগবিধত হোৱা শাৰীৰিক ক্ষতি ইত্যাদি এই বিভাজনৰ আধাৰতে নিৰ্ণয় কৰা হয়। 'মৃত্যৰু প্ৰমাণপত্ৰ'ত ICD-পদ্ধতিৰে ৰোগ চিনাক্ত কৰি দিয়াটো বাধ্যতামূলক। ৰোগৰ শ্ৰেণীবিভাজন কৰি চিনাক্ত কৰাৰ উপৰিও এই নিৰ্দেশাৱলীয়ে ৰোগৰ আন্তৰ্জাতিক গৱেষণাত থকা নিদান সম্পৰ্কীয় পাৰ্থক্যবোৰ (Diagnostic differences) দূৰ কৰে। তাৰ বাহিৰেও একে নিৰ্দেশাৱলী মানি চলিলে কোনো এবিধ ৰোগৰ বিষয়ে আন্তৰ্জাতিক পৰিসংখ্যা প্ৰস্তুত কৰাত বিশেষ সুবিধা হয়। ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজনৰ দশম সংষ্কৰণৰ নিয়মবৰ্তমান প্ৰচলিত দশম সংষ্কৰণত মুঠ বাইছটা অধ্যায় আছে। অধ্যায়. গোট শিৰোনাম
ICD দশম সংষ্কৰণ মতে ৰোগ চিহ্নিত কৰাৰ নিয়মযিকোনো ৰোগৰ বাবে ওপৰোক্ত প্ৰতিটো অধ্যায়তে উল্লিখিত মতে সংকেত প্ৰয়োগ কৰা হয়। মূল অধ্যায়ত থকা প্ৰথম আখৰটোৱে সেই অধ্যায়টো সূচায়। দ্বিতীয় আৰু তৃত্বীয় সংখ্যা দুটাই এটা বিশেষ ৰোগক আৰু সেই ৰোগৰ বিশেষ অৱস্থা বুজাবলৈ কেতিয়াবা পাছত আন দুটা সংখ্যা ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, 'প্লাজমোডিয়াম ভাইভেক্স'ৰপৰা হোৱা মেলেৰিয়া ৰোগৰ বাবে সংকেত হৈছে: B51। যদি এই ৰোগৰ বাবে ৰোগীৰ প্লীহা ফাঁটিছে তেন্তে তাৰ বাবে যোগ দিব লাগিব: .0। যদি একো জটিলতা নাই, তেন্তে যোগ দিব লাগিব .9। B51.0 মানে হ'ব 'প্লাজমোডিয়াম ভাইভেক্স'ৰপৰা হোৱা মেলেৰিয়া ৰোগ, আৰু এই ৰোগৰ বাবে প্লীহা ফাঁটি যোৱা অৱস্থা। B51.9 মানে হ'ব 'প্লাজমোডিয়াম ভাইভেক্স'ৰপৰা হোৱা মেলেৰিয়া ৰোগ, কোনো জটিলতা নাই। কিছুমান ৰোগৰ বাবে এটা পঞ্চম সংখ্যাও যোগ দিয়াৰ ব্যৱস্থা আছে। ৰোগ শ্ৰেণীবিভাজনৰ অন্যান্য নিয়মবিশ্ব স্বাস্থ্য সংস্থাৰ বাহিৰেও অন্যান্য সংস্থাইও নিজাকৈ ৰোগৰ শ্ৰেণী বিভাজনৰ বাবে পদ্ধতি তৈয়াৰ কৰিব পাৰে। উদাহৰণ স্বৰূপে মানসিক ৰোগৰ শ্ৰেণী বিভাজনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত DSM (Diagnostic and Statistical Manual for classification of mental illness) ব্যৱহাৰ কৰা হয়। বৰ্তমান DSM - IV (চতুৰ্থ সষ্কৰণ) চলি আছে। তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia