জয় পাণ্ডা
বৈজায়ান্ত্ "জয়" পাণ্ডা (ইংৰাজী: Baijayant "Jay" Panda) এজন ভাৰতীয় ৰাজনীতিক। বৰ্তমান ভাৰতৰ নিম্ন সদন লোকসভাৰ সদস্য। তেওঁ বিজু জনতা দলৰ সদস্য ৰূপে কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈছে। তেওঁ ২০০০ৰ পৰা ২০০৯ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল। প্ৰাৰম্ভিক জীৱন১৯৬৪ চনৰ ১২ জানুৱাৰীৰ দিনা কটকত জয় পাণ্ডাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বংশীধৰ পাণ্ডা আৰু মাতৃ ইলা পাণ্ডা। তেওঁ মিচিগান টেকনোল'জিকেল বিশ্ববিদ্যালয়ত (Michigan Technological University) অধ্যয়ন কৰিছিল। অভিযান্ত্ৰিক আৰু মেনেজমেণ্টৰ জ্ঞানেৰে পুষ্ট পাণ্ডাই ৰাজনীতিত পদাৰ্পন কৰাৰ আগতে কৰ্প'ৰেট খণ্ডত কাম কৰিছিল। তেওঁ বিজু জনতা দল গঠনকৰোঁতা বিজু পাটনায়কক আৰু পিছলৈ নবীন পাটনায়কক সহযোগিতা আগবঢ়াইছিল।[1] পাণ্ডাই ১৯৯৪ চনত জাগী মঙ্গত পাণ্ডাক বিয়া কৰায়।[2] তেওঁৰ পত্নী জাগী মঙ্গত পাণ্ডা Archived 2019-03-28 at the Wayback Machine এগৰাকী উদ্যোগপতি আৰু বৰ্তমান অৰটেল কমুনিকেচন লিমিটেডৰ পৰিচালন সঞ্চালক।[3][4] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia