ছেট (মিচৰীয় দেৱতা)
ছেট (ইংৰাজী: Set) হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ মৰুভূমি, ধুমুহা, বিশৃংখলতা, হিংসা আৰু বিদেশীসকলৰ এজন দেৱতা।[2] প্ৰাচীন গ্ৰীক ভাষাত এই দেৱতাৰ নাম ছেথ (Σήθ) হিচাপে দিয়া হৈছে। ছেটৰ এটা ইতিবাচক ভূমিকাও আছিল য'ত তেওঁ ৰাৰ সৈতে তেওঁ আকাশী নাৱত লৈ আপেপ নামৰ বিশৃংখলতাৰ সৰ্পক বিতাৰণ কৰিবলৈ যায়।[2] এজন যুঁজাৰু হিচাপে ছেটৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।[2] তেওঁ আছিল ৰঙা ভূমিৰ গৰাকী। ইয়াত তেওঁ হ'ৰাছৰ কৃষ্ণাংগ ভূমিৰ গৰাকী হিচাপে ভূমিকাৰ ভাৰসাম্য ৰক্ষা কৰিছিল। মিচৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আখ্যান অচাইৰিছ আখ্যানত ছেটক নিজৰ ভাতৃ অচাইৰিছক হত্যা কৰি অংগচ্ছেদ কৰা বিদ্ৰোহী হিচাপে চিত্ৰিত কৰা হৈছে। অচাইৰিছৰ ভগ্নী তথা সহধৰ্মিণী আইচিছে তেওঁৰ মৃতদেহটো পুনৰ একত্ৰিত কৰি দেৱী নেফ্থিছৰ সহায়ত তেওঁৰ মৃত ভাতৃ তথা স্বামীক পুনৰুজ্জীৱিত কৰে। এই পুনৰুজ্জীৱন অচাইৰিছৰ পুত্ৰ আৰু উত্তৰাধিকাৰী হ’ৰাছক গৰ্ভধাৰণ কৰিবলৈ যথেষ্ট হোৱাকৈ দীৰ্ঘকালীন আছিল। হ'ৰাছে ছেটৰ ওপৰত প্ৰতিশোধ ল'বলৈ বিচাৰিছিল আৰু প্ৰাচীন মিচৰৰ বহুতো আখ্যানত তেওঁলোকৰ সংঘাতৰ বৰ্ণনা কৰা হৈছে।[3] প্ৰাচীন মিচৰৰ জ্যোতিৰ্বিজ্ঞানত ছেটক সাধাৰণতে বুধ গ্ৰহৰ সৈতে জড়িত কৰা হৈছিল।[4] তেওঁ নীল নদীৰ পশ্চিম অংশ অৰ্থাৎ চাহাৰাৰ সৈতে জড়িত, সেয়েহে তেওঁক কেতিয়াবা এজন নিম্নশ্ৰেণীৰ মৰুভূমিৰ দেৱতা হাৰ সৈতে সম্পৰ্কিত কৰা হয়। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia