ছান মাৰিণ'
ছান মাৰিণ', আনুষ্ঠানিকভাৱে ছান মাৰিণ' গণৰাজ্য (ইটালীয় ভাষাত:Repubblica di San Marino) বা চেৰেনিছিমা ৰিপাব্লিকা ডি ছান মাৰিণ', ইউৰোপৰ এখন সৰু দেশ যি ইটালীৰে আৱৰা। ইটালীয় পেনিঞ্ছুলাত অৱস্থিত এই দেশৰ মুঠ ভূমি দখল ৬১ বৰ্গ কিলোমিটাৰতকৈ অলপ অধিক। এই দেশৰ জনসংখ্যা প্ৰায় ৩২০০০। ৰাজধানী চিটি অৱ ছাঅন মাৰিণ' আৰু বৃহত্তম চহৰ ডগানা।[1][2] ছান মাৰিণ' ষোড়শ শতিকাৰ ছান মাৰিণ' সংবিধানৰ দ্বাৰা শাসিত যিয়েআন আন বিষয়ৰ লগতে ছান মাৰিণ'ৰ ৰাজনৈতিক গঠন নিয়ন্ত্ৰণ কৰে।[5] এই দেশৰ অৰ্থনীতি সৰু হ'লেও এই দেশ জনমূৰি মুঠ ঘৰুৱা উত্পাদনৰ ক্ষেত্ৰত ইউৰোপৰ আটাইতকৈ ধনী দেশসমূহৰ সমতুল্য। ছান মাৰিণ'ত নিবনুৱা সংখ্যা তেনেই কম আৰু চৰকাৰী বাজেটত ধন প্ৰয়োজনতকৈ অধিকহে।[1] ই বিশ্বৰ একমাত্ৰ দেশ য'ত মানুহতকৈ বাহনৰ সংখ্যা অধিক। বুৰঞ্জীনিজৰ বন্ধু লিঅ'ৰ সৈতে চেইণ্ট মেৰিনাছে এতিয়াৰ ক্ৰ'চিয়াৰ আৰ্বা চহৰ ত্যাগ কৰি মিস্ত্ৰি হিচাপে ৰিমিনি পালেগৈ। ডায়'ক্লেটিয়ানিক গ্ণহত্যাৰ পাছত তেখেত পলাই মণ্টে টিটান'ত এটি সৰু গিৰ্জা স্থাপন কৰিলে। এই গিৰ্জা স্থাপনেই হ'ল ছান মাৰিণ' চহৰ আৰু গণৰাজ্যৰ প্ৰতিষ্ঠাপনা। তাৰিখ আছিল ৩ চেপ্টেম্বৰ ৩০১ চন। পেপেচিয়ে ১৬৩১ত ইয়াৰ স্বাধীনত স্বীকাৰ কৰিলে। ১৭৯৭ৰ নেপলিয়নৰ আগ্ৰাসনে গণৰাজ্যখনৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্ন আনিছিলে যদিও ৰেজেণ্ট এণতনিঅ' অনফ্ৰিয়ে নেপলিয়নৰ বন্ধুত্ব আৰু সন্মান অৰ্জি ছান মাৰিণ'ক স্বাধীন ৰখাত সহায় কৰিলে। নেপলিয়নে বিজ্ঞানী মংগেলৈ লিখা চিঠিত উল্লেখ কৰিছিলে যে নেপলিয়নে ছান মাৰিণ'ৰ স্বাধীনতা ৰক্ষা কাৰাত সহায় কৰিব। তেখেতে আনকি প্ৰয়োজন অনুসৰি ছান মাৰিণ'ৰ ক্ষেত্ৰফল বৃদ্ধি কৰাৰো প্ৰস্তাৱ ৰাখিছিল। কিন্তু ৰেজেণ্টসকলে প্ৰস্তাৱ অস্বীকাৰ কৰিলে এই ভয়ত যে ই আন আন ৰাজ্যৰ সৈতে ছান মাৰিণ'ৰ সম্পৰ্ক বিঘ্নিত কৰিব পাৰে।[6][7] ইটালীয় এককৰণৰ সময়ত ছান মাৰিণ'I বহু এককৰণ সমৰ্থকক শৰণাৰ্থী হিচাপে ৰাখি সহায় কৰিছিল সেয়ে গিউচেপে গেৰিবেল্ডিয়ে ছান মাৰিণ'ক ইটালীত অন্তৰ্ভুক্ত নকৰাৰ অনুৰোধ ৰক্ষা কৰিলে। ছান মাৰিণ' চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আব্ৰাহম লিংকনক সন্মান হিচাপে নাগৰিকত্ব প্ৰদান কৰিলে। লিংকনে উত্তৰত গণৰাজ্যিক নীতিত স্থাপিত চৰকাৰখনৰ সুৰক্ষা আৰু স্থায়িত্বক ভূয়সী প্ৰশংসা কৰিলে[8][9] প্ৰথম বিশ্ব যূদ্ধত ২৩ মে ১৯১৫ত ইটালীয়ে অষ্ট্ৰিয়া হাংগাৰী আক্ৰমণ কৰোঁতে ছান মাৰিণ' নিৰপেক্ষ হৈ ৰ'ল। পিচে ইটালীয়ে এই নিৰপেক্ষতাক স্ন্দেহেৰে চাই ৰাজ্যখনৰ টেলিফোন সংযোগ কাটি পেলালে। ১০ স্বেচ্ছাসেৱীৰ ২টা দল ইটালীৰ হৈ প্ৰথমে যুদ্ধ কৰিবলৈ আৰু পাছত ৰেড ক্ৰছ চিকিত্চালয় চালন কৰিবলৈ গ'ল। ফলস্বৰূপে অষ্ট্ৰিয়া হাংগাৰীয়ে ছান মাৰিণ'ৰে কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰিলে।[10] ১৯২৩-১৯৪৩লৈ চামাৰিনিজ ফেচিষ্ট পাৰ্টীয়ে ছান মাৰিণ' শাসন কৰিলে। দ্বিতীয় বিশ্ব যুদ্ধত ছান মাৰিণ' নিৰপেক্ষ হৈ ৰ'ল। পিচে দ্য নিউ য়ৰ্ক টাইমছত ১৭ চেপ্টেম্বৰ ১৯৪০ত ভুলকৈ প্ৰকাশিত হ'ল যে ছান মাৰিণ'ই যুক্তৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। পছলৈ ছান মাৰিণ' চৰকাৰে ব্ৰিটিছ চৰকাৰক জনালে যে তেনে কোনো সিদ্ধান্ত ছান মাৰিণ'ই লোৱা নাছিল।[11][12] ইটালীত বেনিট' মুচলিনিৰ শাসন ত্যাগৰ ৩ দিন পাছত ছান মাৰিণ'ত পি এফ এছৰ পটন ঘটিল। পিচে ১ এপ্ৰিলত ফেচিবাদীসকলে পুনৰ ক্ষমতা দখল কৰিলে। ফেচীবাদীসকলৰ শাসনকালত আৰু শাসনকাল নাথাকোঁতেও শান মাৰিণ' নিৰপেক্ষ হৈয়ে থাকিল। পিচে তথাপিও ছান মাৰিণ'ত জাৰ্মান প্ৰভাৱৰ সন্দেহ কৰি ৰয়েল এয়াৰ ফৰ্চে ছান মাৰিণ'ত বোমা বৰ্ষণ কৰিলে। সেই দিনাই পিচে চামাৰিনিজ চৰকাৰে ঘোষ্ণা কৰিলে যে কোনো জাৰ্মান সামৰিক সমগ্ৰী ছান মাৰিণ'ট নাই আৰু কোনো তেনে শক্তিক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।[13] ছান মাৰিণ'ই হাজাৰ হাজাৰ মিত্ৰশক্তিৰ শৰণাৰ্থী স্বীকাৰ কৰিলে। চেপ্টেম্বৰ ১৯৪৪ত ই অতি কম সময়ৰ বাবে জাৰ্মান শক্তিৰ অধীন হৈছিল। পিচে মিত্ৰ শক্তিয়ে জাৰ্মান সকলক বেতেল অৱ ছান মাৰিণ'ত পৰাজিত কৰিলে।[14] ১৯৪৫-১৯৫৭লৈ চামাৰিনিজ কমিউনিষ্ট পাৰ্টি আৰু চামাৰিনিজ চ'চিয়েলিষ্ট পাৰ্টিয়ে উমৈহতীয়াকৈ শাসন কৰিলে। ই বিশ্বৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত সাম্যবাদী চৰকাৰ। .[15][16] ছান মাৰিণ' বিশ্বৰ আতাইতকৈ সৰু গণৰজ্য। ১৯৬৮ত নাউৰুৱে স্বাধীনতা লাভ কৰাৰ পাছত ই এই দাবী কৰিলে। পিচে কেৱল ২১ বৰ্গ কিলোমিটাৰ ভূমি ক্ষেত্ৰফল হ'লেও নাউৰুৰ ৪৩১০০০ বৰ্গ কিলোমিটাৰ পানীৰ ওপৰত অধিকাৰ আছে, যি ছান মাৰিণ'তকৈ হাজাৰ হাজাৰ গুণ অধিক।[17] ১৯৮৮ত ছান মাৰিণ' কাউঞ্চিল অৱ ইউৰোপৰ সদস্য হ'ল আৰু ১৯৯২ত ৰাষ্ট্ৰ সংঘত যোগদান কৰিলে। যদিও ছান মাৰিণ'ত ইউৰো মুদ্ৰা প্ৰচলিত, ই ইউৰোজ'ন আৰু ইউৰোপীয় সংঘ উভয়ৰে সদস্য নহয়। চৰকাৰছান মাৰিণ'ত সংসদীয় প্ৰতিনিধিমূলক গণতান্ত্ৰিক গণৰাজ্যৰ ৰাজনৈতিক গঠন আছে। প্ৰশাসনীয় ভাগমিউনিচিপালিটিছান মাৰিণ'ত ৯টা 'কেষ্টেলি' আছে:
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia