ছমপট তৈয়াৰ কৰিবলৈ কিছুমান জটিল পদ্ধতি আৰু জটিল আৰ্হি উদ্ভাৱন কৰা হৈছে, ইয়াৰে ভিতৰত এটা হ’ল “হোল পদ্ধতি”। এই পদ্ধতিত ছমপট বোৱাৰ আগতে ৰেচমৰ ওপৰত আৰ্হি ৰং কৰা হয়। অন্য এটা কৌশল হৈছে “অসমান টুইল কৌশল”। এই কৌশলটো কম্বোডিয়াৰ শিপিনীসকলৰ বাবে এক অনন্য পদ্ধতি আৰু তেওঁলোকে এনে অস্বাভাৱিক পদ্ধতি গ্ৰহণ কৰাৰ কাৰণ এতিয়াও স্পষ্ট নহয়।[5]
ছমপটক পুৰণি খমেৰ ভাষাত কি নাম ব্যৱহাৰ কৰা হৈছিল সেই বিষয়ে বহুত কমেইহে জনা যায় আৰু ছমপটৰ বৰ্তমান ৰূপটো সময়ৰ লগে লগে মূল আংকোৰিয়ান বস্ত্ৰশিল্পৰ পৰা পৃথক হৈছে যদিও জনা নাযায়। প্ৰাচীন ভেটি-শিল্পকলাবোৰৰ পৰা অৱশ্যে বস্ত্ৰবোৰৰ অতীতৰ ৰূপ, আৰ্হি আদি সম্পৰ্কে অনুমান কৰিব পাৰি। বিয়া আৰু অন্ত্যেষ্টিক্ৰিয়াত আৰু মন্দিৰ সজোৱাৰ বাবে ৰেচমৰ পৰা বোৱা কাপোৰ ব্যৱহাৰ কৰা হৈছিল।[6]
বস্ত্ৰ-শিল্প
কম্বোডিয়াত তিনি ধৰণৰ গুৰুত্বপূৰ্ণ ৰেচমৰ বস্ত্ৰ পোৱা যায়। ইয়াৰ ভিতৰত ইকাট ৰেচম (খমেৰ ভাষাত চং কিয়েট) বা হোল, টুইল পেটাৰ্ণযুক্ত ৰেচম আৰু ৱেফ্ট ইকাট বস্ত্ৰ। ৱেফ্টৰ সূতাত প্ৰাকৃতিক আৰু কৃত্ৰিম আঁহ বান্ধি আৰ্হি তৈয়াৰ কৰা হয় আৰু তাৰ পিছত ইয়াক ৰং কৰা হয়। আৰ্হিবোৰ দৃঢ় নোহোৱালৈকে আৰু কাপোৰ বোৱালৈকে বিভিন্ন ৰঙৰ ব্যৱহাৰ কৰি পদ্ধতিটো পুনৰাবৃত্তি কৰা হয়।
↑Emma C. Bunker, Douglas Latchford. Adoration and glory: the golden age of Khmer art. Art Media Resources, 2004, p. 35
↑James C. Ingram. Economic change in Thailand 1850-1970. Stanford University Press, 1971, p. 10 By
↑ 4.04.1Green, Gillian. "Textiles at the Khmer Court". Arts of Asia 30 (4): 82–92.
↑Textiles of the Highland Peoples of Burma, Vol. 2: The Northern Mon-Khmer, Rawang, Upland Burmish, Lolo, Karen, Tai, and Hmong-Mien-Speaking Groups, 2005. Michael C. Howard. White Lotus Co Ltd., আই.এচ.বি.এন.978-9744800749